হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
সম্পূৰ্ণ হ’ল ৬৯৩ কোটি টকা ব্যয় সাপেক্ষ ৬৩টা ‘অম্ৰুত’ প্ৰকল্পৰ কাম; ১৮৭৫ কোটি টকা বিনিয়োগযুক্ত ৭৩টা প্ৰকল্পৰ কাম অব্যাহত আছে হাৰিয়াণাত
চণ্ডীগড়ৰ ৫৭ কোটি টকা পৰিমাণৰ ‘এছএএপি’ অনুমোদিত কামৰ ১০০শতাংশ ঠিকাৰ আবণ্টন সম্পূৰ্ণ
‘অম্ৰুত’ প্ৰকল্প ৰূপায়ণৰ ৰাষ্ট্ৰীয় তালিকাত হাৰিয়াণাৰ স্থান ১২, পাঞ্জাৱ ২৬ আৰু চণ্ডীগড়ৰ স্থান দ্বিতীয়
হাৰিয়াণাত ২.৩ লাখৰো অধিক পানীৰ টে’পৰ সংযোগ আৰু ‘এলইডি লাইট’ৰে প্ৰতিস্থাপিত হ’ল ১.৯৫ লাখ ষ্ট্ৰীট লাইট
হাৰিয়াণা আৰু পাঞ্জাৱত ‘অ’বিপিএছ’-ৰ ৰূপায়ণ; ২০২০ৰ ছেপ্টেম্বৰত চণ্ডীগড়ত ৰূপয়িত হ’ব ‘অ’বিপিএছ’
সম্পূৰ্ণ হ’ল হাৰিয়াণা-পাঞ্জাৱৰ সকলো ‘মিছন চিটী’ৰ ‘ক্ৰেডিট ৰেটিঙ’ৰ কাম; হাৰিয়াণা আৰু পাঞ্জাৱৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ ৫খনকৈ মহানগৰীয়ে পালে ‘আইজিআৰ’
হাৰিয়াণা, পাঞ্জাৱ আৰু চণ্ডীগড়ত সম্পাদিত ‘অম্ৰুত প্ৰকল্প’ৰ পৰ্যালোচনা
পোষ্ট কৰা হৈছে:
10 SEP 2020 1:46PM by PIB Guwahati
কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু চহৰাঞ্চল পৰিক্ৰমা মন্ত্ৰালয়(এমঅএইচএউএ)ৰ সচিব শ্ৰী দূৰ্গা শংকৰ মিশ্ৰই দাঙি ধৰা তথ্য মতে হাৰিয়াণা চৰকাৰে গ্ৰহণ কৰা ১৩৬টা ‘অম্ৰুত প্ৰকল্প’ৰ ভিতৰত ৬৯৩ কোটি টকা ব্যয় সাপেক্ষ ৬৩টা প্ৰকল্পৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। ইফালে, ১৮৭৫ কোটি টকাৰ পুঁজি বিনিয়োগযোগ্য ৭৩টা প্ৰকল্পৰ কাম সম্প্ৰতি চলি আছে। হাৰিয়াণা চৰকাৰে যুগুতোৱা ‘বাৰ্ষিক কৰ্ম পৰিল্পনা’(এছএএপি)ৰ ২,৫৬৬ কোটি টকা বিনিয়োগযোগ্য প্ৰকল্পসমূলৈ ইতিমধ্যে অনুমোদন জনোৱা হৈছে। পাঞ্জাৱ, হাৰিয়াণা আৰু চণ্ডীগড়ৰ জ্যেষ্ঠ বিষয়াবৰ্গৰে অনলাইন ব্যৱস্থাৰে আজি সম্পন্ন কৰা এক পৰ্যালোচনা কালত ‘এমঅএইচএউএ'-ৰ সচিবগৰাকীয়ে ৰাজ্যদুখনৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্লটোত সম্পন্ন হোৱা কামৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে। অৱশ্যে তেওঁ বাকী থকা প্ৰকল্পসমূহৰ কাম খৰটকীয়াকৈ সম্পন্ন কৰি হিতাধিকাৰীসকলক নিৰ্দ্ধাৰিত সময়সূচী অনুযায়ীয়েই সেৱা আগবঢ়োৱাতো নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ বাকী থকা প্ৰকল্পসমূহৰ কাম মিছনৰ সম্প্ৰসাৰিত সময়সীমা ২০২১চনৰ ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লগতে ইয়াৰ বাবে সংশ্লিষ্টসকলক কেন্দ্ৰীয় সংস্থাসমূহৰ সহযোগিতা গ্ৰহণৰো গোঁহাৰি জনায়।
পৰ্যালোচনা সভাত হাৰিয়াণাৰ মুখ্য সচিব শ্ৰীমতী কেশনী আনন্দ আৰোৰা, পঞ্জাৱৰ মুখ্য সচিব শ্ৰীমতী বাণী মহাজন আৰু চণ্ডীগড়ৰ প্ৰশাসকৰ পৰামৰ্শদাতা শ্ৰী মনোজ কুমাৰ পৰিদাই অংশগ্ৰহণ কৰে।
আলোচনা কালত দাঙি ধৰা তথ্য মতে, চণ্ডীগড়ৰ ‘এছএএপি’ অনুমোদিত কামৰ ১০০শতাংশ ঠিকাৰ কাম ইতিমধ্যে আবণ্টন দিয়া হৈছে। মুঠ ১২টা প্ৰকল্পৰ বাবে ৫৭ কোটি টকা ব্যয় কৰা হ’ব। ইফালে, পাঞ্জাৱৰ ‘এছএএপি’ অনুসৰি মুঠ ২,৭৬৭ কোটি টকাৰ পুঁজি নিয়োজিত হ’ব লগা প্ৰকল্পৰ ভিতৰৰ ১৮৫টা প্ৰকল্পৰ ঠিকা ইতিমধ্যে আৱণ্টন দিয়া হৈছে। এইসমূহ প্ৰকল্পৰ নিৰ্মাণ ব্যয় হ’ব ২,১৩২ কোটি টকা।
ইফালে, ‘অম্ৰুত প্ৰকল্প’ ৰূপায়ণৰ ৰাষ্ট্ৰীয় তালিকাত হাৰিয়াণাই ১২সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে, পাঞ্জাৱে ২৬সংখ্যক আৰু চণ্ডীগড়ৰে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।
সেইদৰে, হাৰিয়াণাত ২.৩ লাখৰো অধিক গৃহস্থীত পানীৰ টেপৰ সংযোগ প্ৰদান কৰাৰ বিপৰীতে চণ্ডীগড়ত ২০,০০০ গৃহস্থীলৈ নল সংযোজিত পানীৰ যোগানৰ লক্ষ্য সম্পূৰ্ণ কৰা হৈছে। হাৰিয়াণাত ‘এলইডি লাইট’ৰে প্ৰতিস্থাপিত কৰা হ’ল ১.৯৫ লাখ ষ্ট্ৰীট লাইট।
হাৰিয়াণা আৰু পাঞ্জাৱত ‘অনলাইন বিল্ডিং পাৰ্মিশ্যন পদ্ধতি’(অ’বিপিএছ)-ৰ ৰূপায়ণৰ কাম সম্পূৰ্ণ কৰাৰ বিপৰীতে ২০২০ৰ ছেপ্টেম্বৰত চণ্ডীগড়ত ৰূপয়িত হ’ব ‘অ’বিপিএছ’। সেইদৰে হাৰিয়াণা-পাঞ্ঝাৱৰ সকলো ‘মিছন চিটী’ৰ ‘ক্ৰেডিট ৰেটিঙ’ৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগতে, হাৰিয়াণা, পাঞ্জাৱৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ ৫খনকৈ মহানগৰীয়ে পালে ‘আইজিআৰ ৰেটিং’।
RJ/NG/DM/KB
(ৰিলিজ আই ডি : 1653326)
অতিথি কক্ষ : 160