স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

‘বিশ্ব স্বাস্থ্য সংস্থা-ৰ দক্ষিণ পূব আঞ্চলিক’ গোটৰ ৭৩ সংখ্যক অধিৱেশন

ক’ভিড-১৯ৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থা প্ৰসংগত মন্ত্ৰী গোটৰ ঘূৰণীয়া মেজমেল সম্বোধন কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে
‘প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বস্থ ভাৰত যোজনাই দেশৰ স্বাস্থ্য খণ্ডক শক্তিশালী কৰি তুলিব’

Posted On: 10 SEP 2020 3:11PM by PIB Guwahati

‘বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব আঞ্চলিক গোট’(এছইএআৰঅ)ৰ ৭৩ সংখ্যক অধিৱেশনত আজি ভিডিঅ’ কনফাৰেন্স ব্যৱস্থাৰে অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী হৰ্ষ বৰ্দ্ধনে। ‘ডব্লিউএইচঅ’-এছইএআৰঅ’-ৰ সঞ্চালক ড০ পুনম ক্ষেত্ৰপাল সিং, আৰু  ‘ডব্লিউএইচঅ’-ৰ ভাৰতৰ প্ৰতিনিধি আৰু ‘আঞ্চলিক জৰুৰীকলীন সঞ্চালক’, ‘ডব্লিউএইচঅ- হেল্থ ইমাৰ্জেন্সীজ কাৰ্যক্ৰম’ৰ সঞ্চালক ড০ ৰোডেৰিকো অফ্ৰিন এই অধিৱেশনত উপস্থিত থাকে।

’ভিড-১৯ৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থা সম্পৰ্কীয় প্ৰসংগত অনুষ্ঠিত মন্ত্ৰী গোটৰ ঘূৰণীয়া মেজমেল সম্বোধন কৰি ড০ হৰ্ষ বৰ্দ্ধনে দুবাৰ বক্তব্য প্ৰদান কৰে। প্ৰথমে তেওঁ ক’ভিড-১৯ৰ প্ৰবন্ধনত ব্যৱহাৰ কৰা আৰু অনা ক’ভিড স্বাস্থ্য সেৱাৰ বাবে গুৰুত্বপূৰ্ণ আৰু ভাৰতত ব্যৱহৃত তিনিটা প্ৰসংগত মন্তব্য কৰে। পৰৱৰ্তি বক্তব্যত তেওঁ দেশৰ স্বাস্থ্য খণ্ডত বিনিয়োগ বৃদ্ধিৰ লগতে অনাগত সময়ত আহিব পৰা মহামাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ দেশে গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় বিধি-ব্যৱস্থা(আইএইচআৰ) সাৰোগত কৰি গ্ৰহণ কৰা সামৰ্থ্য বৰ্দ্ধন সম্পৰ্কীয় ব্যৱস্থাৱলীৰ বিশদ বিৱৰণ দাঙি ধৰে। 

চলিত বছৰৰ ২ জানুৱাৰীৰ পৰা ‘ছাৰ্ছ-এন-ক’ভ-২’ (SARS nCoV – 2) সংক্ৰমণ ৰোধ আৰু নিবাৰণৰ বাবে ভাৰতে গ্ৰহণ কৰা জন স্বাস্থ্য সুৰক্ষা সম্পৰ্কীয় ব্যৱস্থাৱলী যেনে: ভ্ৰমণ সম্পৰ্কীয় পৰামৰ্শাৱলী, কভিড-১৯ আক্ৰান্ত ব্যক্তিৰ বাবে স্থাপন কৰা কোৱাৰিণ্টাইন ব্যৱস্থাৱলী, সামাজিক পৰ্যায়ৰ নিৰীক্ষণৰ বাবে জাৰি কৰা বিধি-নিৰ্দেশনা তথা পৰীক্ষণ ব্যৱস্থাৰ সম্প্ৰসাৰণৰ দিহা, সকলো সন্দেহযুক্ত আক্ৰান্তৰ অনুসৰণ, ভিড কেয়াৰ চেণ্টাৰৰ পৰা উত্সৰ্গিত কভিড স্বাস্থ্য কেন্দ্ৰ আৰু উত্সৰ্গিত কভিড হাস্পটালৰ দৰে তিনি তৰপীয়া স্বস্থ্য আন্তঃগাঁথনি গঢ়ি তোলা আদি ব্যৱস্থাৱলীৰ তথ্য দাঙি ধৰে।

অধিৱেশনত মন্ত্ৰীগৰাকীয়ে আইএইচআৰ-ৰ বিধি নিৰ্দেশনা সাৰোগত কৰি অনাগত দিনত হব পৰা মহামাৰী সদৃশ পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ ভাৰতে গ্ৰহণ কৰা মধ্যম তথা দীৰ্ঘকালীন পদক্ষেপসমূহৰো ব্যাখ্যা দাঙি ধৰে। এই প্ৰসংগত তেওঁ ভাৰতে ৰূপায়ণ কৰা ধ্বজাবাহী কাৰ্যক্ৰম প্ৰধানমন্ত্ৰী-আত্মনিৰ্ভৰ স্বস্থ ভাৰত যোজনাৰ প্ৰসংগ উল্লেখ কৰি এই যোজনাই দেশৰ স্বাস্থ্য খণ্ডক শক্তিশালী কৰি তুলিব বুলি অভিমত ব্যক্ত কৰে।

 

****

MV/KB

HFW/HFM-WHO-SEARO-73rd/10September2020/3



(Release ID: 1653240) Visitor Counter : 189