প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু ছৌদি আৰৱৰ ৰজাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপ

Posted On: 09 SEP 2020 8:44PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ছৌদি আৰৱৰ ৰজা ছালমান বিন আব্দুলাজিজ আল ছৌদৰ সৈতে টেলিফোনত বাৰ্তালাপ হয়৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ ক্ষেত্ৰত উৎপন্ন হোৱা গোলকীয় প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰে৷

চলিত জি২০ বৈঠকত ছৌদি আৰৱৰ পৃষ্ঠপোষকতাত প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে৷ দুয়োগৰাকী নেতাই মহামাৰীবিধক প্ৰত্যাহ্বান জনাবলৈ জি২০ য়ে গ্ৰহণ কৰা পদক্ষেপসমূহত সন্মতি প্ৰকাশ কৰে৷ তেওঁলোকে জি২০ৰ প্ৰধান অগ্ৰাধিকাৰমূলক বিষয়সমূহৰ বিষয়েও আলোচনা কৰে৷

ভাৰত আৰু ছৌদি  আৰৱৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰতো দুয়োগৰাকী নেতাই সন্তুষ্টি প্ৰকাশ কৰে৷ ক’ভিড মহামাৰীৰ সময়ত ছৌদি আৰৱত বাস কৰা ভাৰতীয় প্ৰবাসীসকলৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰজা ছালমানক ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে ৰজা ছালমানৰ সুস্বাস্থ্য তথা দেশখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰাৰ্থনা জনায়

*****

AM/SH/MANN



(Release ID: 1652896) Visitor Counter : 184