খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়

উত্তৰ প্ৰদেশত উদ্বোধন কৰা হ’ল জৈৱিক খাদ্য সংসাধন প্ৰকল্প

উপকৃত হ’ব ৫০০০ কৃষক

৫০.৩৩ কোটি টকাৰ বিনিয়োগ সম্ভৱ কৰিব বুলি আশা কৰা হৈছে

প্ৰমূল্য সংযোজিত সামগ্ৰীৰ ৰপ্টানীৰ বিপুল সম্ভাৱনীয়তা বহণ কৰি আহিছে খাদ্য সংসাধন উদ্যোগ খণ্ডই : হৰছিমৰত্ কৌৰ বাদল

খাদ্য সংসাধন খণ্ডই এএজিআৰ-ৰ ৮.৪১শতাংশ হাৰে সমৃদ্ধি লাভ কৰিছে

পোষ্ট কৰা হৈছে: 09 SEP 2020 11:23AM by PIB Guwahati

খাদ্য সংসাধনৰ উদ্যোগ প্ৰকল্পৰ উদ্বোধনে এইটো অঞ্চলৰ ৫০০০ কৃষক উপকৃত কৰিব আৰু প্ৰকল্পটোৱে ৫০.৩৩কোটি টকাৰ বিনিয়োগ সম্ভৱ কৰি তুলিব বুলি অভিমত ব্যক্ত কৰে কেন্দ্ৰীয় খাদ্য সংসাধন বিভাগৰ মন্ত্ৰী শ্ৰীমতী হৰছিমৰত্ কৌৰ বাদলে। উত্তৰ প্ৰদেশৰ বাৰাবংকীত স্থাপন কৰা এটা জৈৱ খাদ্য সংসাধন প্ৰকল্পৰ ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে আজি শুভ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই অভিমত ব্যক্ত কৰে। এই সন্দৰ্ভত প্ৰদান কৰা ভাষণত মত্ৰগৰাকীয়ে কয় য়ে খাদ্য সংসাধন খণ্ডই বিশেষ সমৃদ্ধিৰ সম্ভাৱনীয়তা প্ৰদৰ্শন কৰিছে আৰু শেহতীয়া ভাবে এই খণ্ডই ভাৰত চৰকাৰৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা খণ্ডৰ ৰূপত পৰিচিতি আদায় কৰিবলৈ সক্ষম হৈছে। ইফালে, উত্তৰ প্ৰদেশৰ সাৰুৱা মাটিত উত্পন্ন হোৱা বিভিন্ন কৃষিজাত কেঁচা সামগ্ৰীৰ বিশাল ভাণ্ডৰ আৰু কৃষিৰ বাবে উপযোগী জলবায়ুয়ে ৰাজ্যখনত খাদ্য সংসাধন উদ্যোগৰ বাবে এক প্ৰশস্থ প্ৰেক্ষাপট আগবঢ়াই আহিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

অনুষ্ঠানত খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিভাগটোৰ সচিব শ্ৰীমতী পুষ্পা সুব্ৰহ্মণ্যম আৰু প্ৰকল্পটোৰ বিকাশক প্ৰতিষ্ঠান মেছাৰ্ছ অৰ্গেনিক ইণ্ডিয়াৰ বিষয়-ববীয়াসকল উপস্থিত থাকে।

ভাষণ প্ৰসংগত শ্ৰীমতী বাদলে খাদ্য সংসাধন উদ্যোগ খণ্ডই প্ৰমূল্য সংযোজিত সামগ্ৰীৰ ৰপ্টানীৰ বিপুল সম্ভাৱনীয়তা বহণ কৰি আহিছে বুলি মন্তব্য কৰে। তেওঁ কয়, ৰপ্টানীয়ে বিদেশী মুদ্ৰাৰ আহৰণৰ সম্ভাৱনীয়তা সৃষ্টি কৰাৰ লগতে ঘৰুৱা ভাবে কৰ্ম সংস্থাপনৰো সম্ভাৱনা সৃষ্টি কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে তথ্য দাঙি ধৰি কয় যে ২০১৯-২০২০ বিত্তীয় বৰ্ষত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ হাৰ ৪৪শতাংশ বৃদ্ধি পাইছিল। ইফালে, খাদ্য সংসাধন খণ্ডই এএজিআৰ-ৰ ৮.৪১শতাংশ হাৰে সমৃদ্ধি লাভ কৰিছে বুলিও তেওঁ তথ্য দাঙি ধৰে।

মেছাৰ্ছ অৰ্গেনিকক ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ এই প্ৰকল্পটোৱে প্ৰত্যক্ষ ভাবে ১০০লোকক নিয়োগ কৰাৰ বিপৰীতে পৰোক্ষভাবে আন ২৫০গৰাকী লোকক কৰ্ম সংস্থাপন দিব। প্ৰতিষ্ঠানটোৱে স্থাপন কৰা প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় হৈছে মুঠ ৫৫.১৩ কোটি টকা। ইয়াৰ বাবে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ে ৪.৮০ কোটি টকাৰ এককালীন সাহায্য প্ৰদান কৰিছিল।

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি ৰাজ্যিক মন্ত্ৰী শ্ৰী তেলীয়ে প্ৰকল্পটোৰ প্ৰতিষ্ঠাপকসকলক অভিনন্দন জনোৱাৰ লগতে প্ৰকল্পটোৱে স্থানীয় কৃষকসকলক উপকৃত কৰাৰ লগতে নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰি সামগ্ৰিক ভাবে অঞ্চলটোৰ ৰাইজকে উপকৃত কৰিব বুলি মন্তব্য কৰে।

 

উত্তৰ প্ৰদেশত খাদ্য সংসাধন মন্ত্ৰালয়ৰ সহযোগিতাৰে স্থাপিত প্ৰকল্পসমূহ হ

 

আঁচনি

প্ৰকল্পৰ সংখ্যা

প্ৰকল্প

ব্যয়

(কোটি টকা)

অনুমোদিত

ৰাজ সাহায্য

কৰ্মসংস্থাপনৰ আনুমানিক

সংখ্যা

উপকৃত হব বুলি ভবা কৃষকৰ সংখ্যা

শীতলীকৃত

শৃংখল

21

515.86

170.01

16,200

2,00,592

এপিচি

4

167.05

37.41

4,000

16,000

চিইএফপি

20

396.89

81.61

9,500

12,500

বিএফএল

6

67.66

15.62

186

1,200

এফটিএল

9

34.32

22.71

198

-

মুঠ

60

1181.78

327.35

30,084

2,30,292

 

 

খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ে অনুমোদন জনোৱা ৰাজ্য-ভিত্তিক প্ৰকল্পসমূহ

৩১ আগষ্ট ২০২০ পৰ্যন্ত

 

 

ক্ৰ. নং

ৰাজ্য

কেন্দ্ৰীয় শাসিত অঞ্চল

এমএফপি

ল্ড

চেইন

কৃষি

জাত

সামগ্ৰী

সংসাধন

গোট

বিএলএফ

অজি

এফটি

এল

মুঠ

1

আন্দামান আৰু নিকোবৰ

0

1

0

0

0

0

0

1

2

অন্ধ্ৰ প্ৰদেশ

3

14

3

4

0

1

4

29

3

অৰুণাচল প্ৰদেশ

1

1

0

3

0

0

0

5

4

অসম

1

2

3

14

1

0

6

27

5

বিহাৰ

1

5

1

1

1

0

0

9

6

চণ্ডীগড়

0

0

0

0

0

0

0

0

7

চত্তিশগড়

1

2

2

1

1

0

0

7

8

দাদ্ৰা আৰু নগৰহাভেলি

0

0

0

0

0

0

0

0

9

দমন আৰু দিউ

0

0

0

1

0

0

0

1

10

দিল্লী

0

0

0

0

0

0

8

8

11

গোৱা

0

0

0

1

0

0

0

1

12

গুজৰাট

2

19

4

26

7

3

14

75

13

হাৰিয়াণা

2

11

3

15

0

0

14

45

14

হিমাচল প্ৰদেশ

1

13

1

21

2

0

3

41

15

জম্মু আৰু কাশ্মীৰ

1

6

1

19

3

0

3

33

16

ঝাৰখণ্ড

0

0

0

0

0

0

1

1

17

কৰ্ণাটক

2

12

3

14

3

0

7

41

18

কেৰালা

2

4

2

13

1

0

4

26

19

লাক্ষাদ্বীপ

0

0

0

0

0

0

0

0

20

মধ্য প্ৰদেশ

2

8

5

8

1

0

6

30

21

মহাৰাষ্ট্ৰ

3

63

7

34

9

1

25

142

22

মণিপুৰ

1

1

0

3

2

0

2

9

/23

মেঘালয়

0

0

0

2

0

0

0

2

24

মিজোৰাম

1

2

0

2

0

0

0

5

25

নাগালেণ্ড

1

1

0

4

0

0

1

7

26

ওড়িশা

2

4

0

2

0

0

4

12

27

পুডুচেৰী

0

0

0

0

0

0

0

0

28

পাঞ্জাৱ

3

20

3

8

3

0

8

45

29

ৰাজস্থান

1

11

1

12

6

0

2

33

30

ছিক্কিম

0

0

0

1

0

0

2

3

31

তামিল নাডু

0

14

12

19

6

0

20

71

32

তেলেংগাণা

2

11

1

2

1

0

4

21

33

ত্ৰিপুৰা

1

0

0

5

0

0

1

7

34

উত্তৰ প্ৰদেশ

0

21

4

20

6

0

9

60

35

উত্তৰাখণ্ড

2

24

1

10

2

0

3

42

36

পশ্চিম বংগ

1

12

0

8

1

0

10

32

37

লাডাখ

0

0

0

0

0

0

0

0

 

Total

37

282

57

273

56

5

161

871

 

****

RJ/NG/KB


(ৰিলিজ আই ডি : 1652808) অতিথি কক্ষ : 165
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Manipuri , Punjabi , Tamil