কৃষি মন্ত্ৰালয়
দক্ষিণ ভাৰতৰ প্ৰথমখন আৰু দেশৰ দ্বিতীয়খন কিষাণ ৰে’লৰ উদ্বোধনী চলাচলৰ শুভাৰম্ভ অনন্তপুৰৰ পৰা নতুন দিল্লীলৈকে ৰাওনা
কৃষি অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব কিষাণ ৰে’লে- শ্ৰী নৰেন্দ্ৰ সিং তোমৰ
অন্ধ্ৰ প্ৰদেশৰ উত্পাদিত উদ্যান শস্য এতিয়া সহজতে দেশৰ আন প্ৰান্তত উপলব্ধ হব-শ্ৰী ৱাই এছ জগন মোহন ৰেড্ডী
কিষাণ ৰে’লে উত্পাদিত সামগ্ৰী দূৰণিৰ অঞ্চললৈ দ্ৰুত সৰবৰাহত সহায় কৰিব- শ্ৰী সুৰেশ চি অংগদী
পোষ্ট কৰা হৈছে:
09 SEP 2020 2:41PM by PIB Guwahati
আজি এক ভিডিঅ’ লিংকযোগে অনন্তপুৰৰ পৰা নতুন দিল্লীলৈকে ৰাওনা কৰা কিষাণ ৰে’লৰ উদ্বোধনী চলাচলৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ, গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰ আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে। অনুষ্ঠানৰ সভাপতিত্ব কৰে কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী শ্ৰী সুৰেশ চি অংগদীয়ে। কিষাণ ৰে’লখন দক্ষিণ কেন্দ্ৰীয় ৰেলৱেৰ গুণ্টাকাল মণ্ডলৰ অনন্তপুৰ আৰু দিল্লীৰ আদৰ্শ নগৰৰ মাজত চলিব। অনুষ্ঠানত শ্ৰী নৰেন্দ্ৰ সিং তোমৰে কয় যে কৃষি অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব কিষাণ ৰেলখনে। আনহাতে শ্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে কয় যে ৰাজ্যখনৰ জনপ্ৰিয় ফলসমূহ এতিয়া সহজতে দেশৰ আন প্ৰান্তত উপলব্ধ হ’ব।
শ্ৰী নৰেন্দ্ৰ সিং তোমৰে কয় যে গাঁও-গৰীৱ-কিষাণক প্ৰধান মন্ত্ৰী মোদীয়ে সদায়ে প্ৰাধান্য দি আহিছে। কৃষি অৰ্থনীতি মজবুত কৰা আৰু কৃষকৰ আয় দুগুণ কৰাৰ বাবে প্ৰতিখন বাজেটতে সুবিধা ৰখাৰ প্ৰচেষ্টা কৰি আহিছে যিয়ে এতিয়া ফল দিব ধৰিছে। চলিত বৰ্ষৰ বাজেটত কিষাণ ৰে’ল আৰু কিষাণ উড়ানৰ কথা ঘোষণা কৰা হৈছিল যাতে উত্পাদিত সামগ্ৰী কম সময়ত দেশজুৰি পৰিবহন কৰিব পৰা যায়। ৭ আগষ্টত প্ৰথমখন কিষাণ ৰেল সাপ্তাহিকভাৱে মহাৰাষ্ট্ৰৰ দেৱলালি আৰু বিহাৰৰ দানাপুৰৰ মাজত শুভাৰম্ভ কৰা হৈছিল, যিখন পাছলৈ বৰ্দ্ধিত চাহিদাৰ বাবে সপ্তাহত দুবাৰকৈ চলাচল কৰা হৈছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে কয় যে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেড্ডীয়ে কৃষিক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে নতুন কৃষি অধ্যাদেশ তথা অন্ধ্ৰ প্ৰদেশত এক লাখ কোটিৰ কৃষি আন্তঃগাঁথনি পুঁজিৰো ৰূপায়ন হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। অনন্তপুৰত ২লাখ হেক্টৰৰ অধিক অঞ্চলত ফল-শাক-পাচলিৰ খেতি কৰা হৈছে। কৃষি ৰেল চলাৰ ফলত এই কৃষকসকলৰ লাভ হ’ব। কিষাণ উড়ান সেৱাৰো শীঘ্ৰে শুভাৰম্ভ কৰা হ’ব, যাৰ ফলত উদ্যান শস্যৰ পৰিবহনত ব্যাপক সুবিধা হ’ব।
অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেড্ডীয়ে কয় যে কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যেৰে উত্পাদিত সামগ্ৰী দূৰণিৰ অঞ্চললৈ দ্ৰুত সৰবৰাহত সহায় কৰিবৰ বাবে কিষাণ ৰেলৰ চলাচল আৰম্ভ কৰা হৈছে। এই সুবিধাই কৃষি সামগ্ৰী ৰপ্তানিত সহায় কৰিব।
অনুষ্ঠানত কেন্দ্ৰীয় কৃষি ৰাজ্য মন্ত্ৰী শ্ৰী পৰষোত্তম ৰূপালা আৰু শ্ৰী কৈলাশ চৌধুৰী, অন্ধ্ৰ প্ৰদেশৰ মন্ত্ৰী শ্ৰী বি সত্যনাৰায়ণ, শ্ৰী এম শংকৰনাৰায়ণৰ লগতে শ্ৰী কে কন্নাবাবু, অনন্তপুৰৰ সাংসদ শ্ৰী টী ৰংগয়া, স্থানীয় বিধায়ক আৰু আন জনপ্ৰতিনিধিসকল আৰু ৰেলৱেৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে।
*******
APS/SG/KG
(ৰিলিজ আই ডি : 1652792)
অতিথি কক্ষ : 244