বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

জিজ্ঞাস কাৰ্যক্ৰমৰ অধীনত ক’ভিড-১৯ক প্ৰতিহতকৰণৰ লক্ষ্যেৰে চিএছআইআৰ-চিএমইআৰআই ৰদ্বাৰা বৈজ্ঞানিক আৰু প্ৰযুক্তিগত হস্তক্ষেপ সন্দৰ্ভত ৱেবিনাৰ

“আমি বিজ্ঞানৰপৰা আশা কৰা সমাধানতকৈ উত্তম ফলাফল লাভ কৰিবলৈ আমাৰ এটা সমূহীয়া লক্ষ্য, সামূহিক দৃষ্টিকোণ আৰু বিজ্ঞান ও সমাজৰ মাজত প্ৰত্যক্ষ যোগাযোগ থকাটো উচিত”—অধ্যাপক (ডঃ) হৰিশ হিৰানী

Posted On: 09 SEP 2020 9:52AM by PIB Guwahati

চিএছআইআৰ-চিএমইআৰআই, দুৰ্গাপুৰৰ সঞ্চালক অধ্যাপক (ডঃ) হৰিশ হিৰানীয়ে কয়, “আৰ্থ-সামাজিক উন্নয়নৰ অগ্ৰগতিৰ মূল হৈছে বিজ্ঞান আৰু সাম্প্ৰতিক মহামাৰীয়ে এটা ঐক্যবদ্ধ উদ্দীপনাৰে ইয়াক প্ৰতিহত কৰাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, আমি বিজ্ঞানৰপৰা আশা কৰা সমাধানতকৈ উত্তম ফলাফল লাভ কৰিবলৈ এটা সমূহীয়া লক্ষ্য, সামূহিক দৃষ্টিকোণ আৰু বিজ্ঞান ও সমাজৰ মাজত এটা প্ৰতক্ষ্য যোগাযোগ থকাটো উচিত।” গ্ল’ৱেল ষ্টেণ্ডাৰ্ডত এটা ফলপ্ৰসূ ফলাফলৰ বাবে কাৰ্যকৰী স্থানীয় পৰ্যায়ৰ প্ৰশাসনৰ পোষকতা কৰে তেওঁ।

‘জিজ্ঞাস’ কাৰ্যক্ৰমৰ অংশ হিচাপে ক’ভিড-১৯ ক প্ৰতিহত কৰিবলৈ চিএছআইআৰ-চিএমইআৰআই ৰ দ্বাৰা বৈজ্ঞানিক আৰু প্ৰযুক্তিগত হস্তক্ষেপ সন্দৰ্ভত ০৮-০৯-২০২০ ত জম্মু-কাশ্মীৰৰ স্কুল শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষাৰ সহযোগত চিএছআইআৰ-চিএমইআৰআই, দুৰ্গাপুৰৰদ্বাৰা আয়োজিত ৱেবিনাৰখনিত ভাষণ প্ৰদান কৰিয়েই অধ্যাপক (ডঃ) হৰিশ হিৰানীয়ে এইদৰে কয়। এই কাৰ্যসচীত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰেঃ ১) অধ্যাপক (ডঃ) হৰিশ হিৰানী, সঞ্চালক, চিএছআইআৰ-চিএমইআৰআই, দুৰ্গাপুৰ ২) ডঃ আছগৰ চামুন, আইএএছ, প্ৰধান সচিব, স্কুল শিক্ষা, কাৰিকৰী শিক্ষা ও দক্ষতা বিকাশ, জম্মু-কাশ্মীৰ, ৩) ডঃ অঞ্জলি চেটাৰ্জী, মুখ্য় বিজ্ঞানী, চিএছআইআৰ-চিএমইআৰআই, ৪) ডঃ হিমাদ্ৰী ৰয়, প্ৰধান বিজ্ঞানী, চিএছআইআৰ-চিএমইআৰআই, ৫) শ্ৰী অবিনাশ যাদৱ, জ্যেষ্ঠ বিজ্ঞানী, চিএছআইআৰ-চিএমইআৰআই, ৬) ডঃ নাছিৰ উল ৰছিদ, জ্যেষ্ঠ বিজ্ঞানী, চিএছআইআৰ-চিএমইআৰআই আৰু ৭) শ্ৰী সঞ্জয় হান্সদাহ, বিজ্ঞানী, চিএছআইআৰ-চিএমইআৰআই। এই ৱেবিনাৰখনিত ৩,৫০০ ৰোধিক অংশগ্ৰহণকাৰীয়ে ভাগ লয়।

এই ৱেবিনাৰখনি উদ্বোধন কৰি, অধ্যাপক (ডঃ) হিৰানীয়ে, ছাত্ৰ-ছাত্ৰীসকলৰ অৰ্থে এনে ‘জিজ্ঞাস’ কাৰ্যক্ৰমৰ প্ৰয়োজনীয়তাৰ কথা সদৰী কৰে আৰু কয় যে চিএছআইআৰ-চিএমইআৰআই এ বিদ্যালয় পৰ্যায়ৰপৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক, আইটিআই, ডিপ্লমা, স্নাতক পৰ্যায়লৈকে ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা বিকাশৰ সুযোগ আগবঢ়াই এই দিশত চিএছআইআৰ-চিএমইআৰআই এ বৰঙণি যোগাই আছে আৰু তেওঁলোকৰ বৈজ্ঞানিক মনস্তত্ত্ব আৰু উদ্যোগশীলতাৰ মনোভাৱ জাগি উঠাত সহায় কৰিছে। অধ্য়াপক হিৰানীয়ে কয় যে সাম্প্ৰতিক ক’ভিড-২৯ মহামাৰী সৃষ্ট সংকট আৰু কিছু দিনলৈ অব্যাহত থকাৰ আশা কৰা হৈছে। সেয়েহে, তেওঁ বিজ্ঞানক যাদুৰে তুলনা কৰি ইয়াৰ যিকোনো কৰাৰ ক্ষমতা থকাৰ কথা সদৰী কৰে।

অধ্যাপক হিৰানীয়ে চিএছআইআৰ-চিএমইআৰআই ৰদ্বাৰা বিকাশ সাধন কৰা ফেচ মাস্ক, বেছিক লিকুইড শ্বপ, হেণ্ড ছেনিটাইজাৰ, স্প্ৰেয়াৰ, ভেন্টিলেটৰ ইত্যাদিৰ দৰে প্ৰযুক্তিগত মধ্যবৰ্ত্তিতা আৰু সমাধান সন্দৰ্ভত উল্লেখ কৰে আৰু ইয়াৰ জৰিয়তে বহু গৃহস্থীলৈ কৰ্ম সংস্থাপনৰ সুযোগ আগবঢ়োৱা তথা মহামাৰীটোৰ সংক্ৰমণ প্ৰতিহতকৰণত ইয়াৰ বৰঙণিৰ কথা কয়। তেওঁ তদুপৰি পৰিষ্কাৰ পানী, পৰিষ্কাৰ বায়ু আৰু যথোপযুক্ত আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালীৰ সৈতে পৰিষ্কাৰ পৰিবেশৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ব্যক্ত কৰে। ইয়াৰ জৰিয়তে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে আমি যুঁজ দিব পৰাকৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়ক হৈ উঠিব আৰু ক’ভিডৰ পৰৱৰ্তী সময়তো ইয়াৰ আৱশ্যকতা সন্দৰ্ভত তেওঁ কয়।

জম্মু-কাশ্মীৰৰ স্কুল শিক্ষা, কাৰিকৰী শিক্ষা ও দক্ষতা বিকাশ ৰ প্ৰধান সচিব ডঃ আছগৰ চামুন, আইএএছ এ অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি প্ৰস্তাৱিত শিক্ষা নীতি আৰু চৰকাৰখনৰ পূৰ্বৱৰ্তী নীতি সন্দৰ্ভত আলোচনা কৰে। তেওঁ সমগ্ৰ দেশতে চিএছআইআৰ লেবসমূহৰ বৰঙণি সন্দৰ্ভত ব্যক্ত কৰে আৰু জম্মু-কাশ্মীৰত ইয়াৰ জৰিয়তে সৰ্বাধিক বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সমাধান আগবঢ়োৱা তথা বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰখনেৰে নৱ-প্ৰজন্মক এটা সুযোগ প্ৰদান কৰাৰ কথা সদৰী কৰে। তেওঁ তদুপৰি, আমাৰ ৰাষ্ট্ৰখনে উন্নত দেশসমূহৰ সৈতে ফেৰ মাৰিবলৈ এই ক্ষেত্ৰত অধিক অগ্ৰগতিৰ পোষকতা কৰে।

এই ৱেবিনাৰখনিত চিএছআইআৰ-চিএমইআৰআই ৰ মুখ্য় বিজ্ঞানী ডঃ অঞ্জলি চেটাৰ্জীয়ে চিএছআইআৰ-চিএমইআৰআই ৰদ্বাৰা বিকাশ সাধন কৰা কৰ্মস্থান আৰু চিকিৎসালয়ৰ উপযোগী ছ’লাৰ যুক্ত ইনটেল্লিমাষ্ট, টাচলেছ ফাছেট, ৩৬০o কাৰ ফ্লাছাৰ, ড্ৰাই ফগিং শ্ব’ ডিচইনফেক্টৰ আৰু হাস্পতাল কেয়াৰ এছিচটিভ ৰবটিক ডিভাইচ (HCARD)ৰ দৰে ক’ভিড প্ৰটেকশ্যন চিষ্টেম (COPS) ৰ সৱিশেষ আলোকপাত কৰে। প্ৰধান বিজ্ঞানী ডঃ হিমাদ্ৰী ৰয়ে ক’ভিড-১৯ত ১ম পৰ্যায়ৰ প্ৰতিৰক্ষা হিচাপে মাস্ক আৰু ছেনিটাইজাৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনা কৰে। জ্যেষ্ঠ বিজ্ঞানী শ্ৰী অবিনাশ যাদৱে প্ৰতিষ্ঠানটোৰদ্বাৰা কৰ্মস্থান, বিদ্যালয়, চিকিৎসালয় আৰু পথৰ বাবে প্ৰস্তুত কৰি উলিওৱা ডিচইনফেকশ্যন ৱাকৱে’, ৰোড ছেনিটাইজাৰ ইউনিট, নিউমেটিকেলি অপাৰেটেড ম’বাইল ইনড’ৰ ডিচইনফেকশ্যন (POMID) ইউনিট, বেটাৰী পাৱাৰড ডিচইনফেকটেন্ট স্প্ৰেয়াৰ (BPDS)ৰ দৰে ডিচইনফেকশ্যন ইউনিটসমূহৰ সৱিশেষ ব্যক্ত কৰে। জ্যেষ্ঠ বিজ্ঞানী ডঃ নাছিৰ উল ৰছিদে প্ৰতিষ্ঠানটোৱে বিকাশ সাধন কৰি উলিওৱা টাচ ফ্ৰী ছপ-কাম-ৱাটাৰ ডিচপেন্সিং চিষ্টেম সন্দৰ্ভত ব্যক্ত কৰে। বিজ্ঞানী শ্ৰী সঞ্জয় হান্সদাহে ক’ভিড-১৯ত লাইফ ছাপ’ৰ্টিং চিষ্টেম হিচাপে চিএছআইআৰ-চিএমইআৰআই এ প্ৰস্তুত কৰি উলিওৱা ভেন্টিলেটৰৰ বিস্তৃত ব্যাখ্যা আগবঢ়ায়।

জম্ম-কাশ্মীৰৰ স্কুল শিক্ষাৰ সঞ্চালক ডঃ অৰুণ মনহাসে সমাজলৈ বিজ্ঞান আৰু প্ৰযুক্তিৰ উদ্দীপনা বিয়পোৱাত চিএছআইআৰ-চিএমইআৰআই ৰ ভূমিকা আৰু বৰঙণিৰ শলাগ লয়। তেওঁ তদুপৰি এই ৱেবিনাৰখনিত অংশ গ্ৰহণ কৰাৰ বাবে জম্মু-কাশ্মীৰৰ স্কুল শিক্ষা, কাৰিকৰী শিক্ষা ও দক্ষতা বিকাশ ৰ প্ৰধান সচিব ডঃ আছগৰ চামুন আৰু আন শিক্ষা বিষয়া আৰু ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে।

*****



(Release ID: 1652789) Visitor Counter : 227