মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

আজি ৫৪তম আন্তৰ্জাতিক সাক্ষৰতা দিৱস-২০২০ উদযাপন কৰিলে শিক্ষা মন্ত্ৰালয়ে

সাক্ষৰতা উন্নয়নৰ এক ত্বৰক যিয়ে ব্যক্তিক আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক সুবিধাসমূহ উপলব্ধি আৰু লাভ কৰিবলৈ সক্ষম কৰে-শিক্ষামন্ত্ৰী

Posted On: 08 SEP 2020 3:59PM by PIB Guwahati

৫৪তম আন্তৰ্জাতিক সাক্ষৰতা দিৱস-২০২০ উদযাপনৰ অৰ্থে আজি শিক্ষা মন্ত্ৰালয়ে অনলাইন মাধ্যমেৰে আয়োজন কৰে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকশিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰে সন্মানীয় অতিথিৰূপে উপস্থিত থাকে। অনুষ্ঠানত ইউনেস্কৰ সঞ্চালক প্ৰধানৰ বাৰ্তা পাঠ কৰে ইউনেস্কৰ প্ৰতিনিধিয়ে। অনুষ্ঠানত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব শ্ৰীমতী অনিতা কাৰৱালকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

 

আন্তৰ্জাতিক সাক্ষৰতা দিৱস-২০২০ উদযাপনৰ সৈতে সংগতি ৰাখি দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক জে পি ডুবেই কভিড-১৯ সংকট কাল আৰু তাৰ পাছৰ পৰ্যায়ত শিক্ষাদান আৰু গ্ৰহণ শীৰ্ষক বিষয়ত এক বৈঠকৰো আয়োজন কৰে।

 

অনুষ্ঠানত শ্ৰী পোখৰিয়ালে কয়, আনুষ্ঠানিক উপায়েৰে জ্ঞান অৰ্জন আৰু জ্ঞান অৰ্জনৰ অন্তহীন যাত্ৰাত সাক্ষৰতা প্ৰত্যেক ব্যক্তিৰ জীৱনৰ প্ৰথম পদক্ষেপ। মন্ত্ৰীগৰাকীয়ে কয় যে এই সভ্য পৃথিৱীত প্ৰত্যেক মানুহৰেই শিক্ষিত হোৱাৰ অধিকাৰ আছে। ইয়ে মানৱতাবাদ বিকাশৰ নতুন বিস্তৃতি মুকলি কৰে যত এজন ব্যক্তি সন্মান আৰু আত্মসন্মানৰ সৈতে এক মহান আত্মালৈ ৰূপান্তৰ হব পাৰে। বিকাশৰ বাবে সাক্ষৰতা হৈছে এক ত্বৰক যিয়ে ব্যক্তিক আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক সুবিধাসমূহ উপলব্ধি আৰু লাভ কৰিবলৈ সক্ষম কৰে, কেৱল এক মানসম্পন্ন জীৱন নিৰ্বাহৰ বাবে নিজকে সবলীকৰণ কৰিবলৈ নহয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ দিশত অৱদান আগবঢ়াবলৈকো। বিস্তৃত দৃষ্টিত সাক্ষৰতা হল জাতীয় উন্নতি, সাৰ্বজনীন ভাতৃত্ব আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য উপলব্ধি কৰাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম।

 

মন্ত্ৰীগৰাকীয়ে আৰু কয়, আন্তৰ্জাতিক সাক্ষৰতা দিৱস সমগ্ৰ বিশ্বৰ বিভিন্ন জাতিৰ বাবে নিজৰ দায়বদ্ধতা পালন কৰা আৰু নিৰক্ষৰতা দূৰীকৰণৰ সংকল্প লোৱাৰ এক উপলক্ষ্য।     

 

শিক্ষা মন্ত্ৰালয়ে বছৰ বছৰ ধৰি দেশত নিৰক্ষৰতা দূৰীকৰণৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে যাৰ ফলত প্ৰাপ্তবয়স্কৰ শিক্ষা আৰু শিক্ষাৰ উপলব্ধিৰ উন্নতি সাধনৰ দিশে যথেষ্ট অগ্ৰগতি লাভ কৰিছে, কিন্তু এতিয়াও ভাৰতত এক বিশাল সংখ্যক নিৰক্ষৰ লোক আছে যিসকলক ১০০ শতাংশ সাক্ষৰতা প্ৰাপ্তিৰ লক্ষ্য পূৰণৰ বাবে নিৰ্ধাৰিত ২০৩০ চনৰ পূৰ্বে সাক্ষৰ কৰিব লাগিব।

 

শ্ৰী পোখৰিয়ালে ৰাজ্য চৰকাৰ, সচেতন সামাজিক সংস্থা, কৰ্পৰেট সংস্থা, বুদ্ধিজীৱিসকল আৰু দেশৰ নাগৰিকসকলৰ সৈতে সকলো অংশীদাৰক ভাৰতক সম্পূৰ্ণৰুপে সাক্ষৰ কৰি তোলাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনায় যাৰ জৰিয়তে আমাৰ দেশখনক সাক্ষৰ ভাৰত-আত্মনিৰ্ভৰ ভাৰতৰূপে গঢ়িব পৰা যাব।

 

অনুষ্ঠানত শ্ৰী ধোত্ৰেই কয় যে জাতিৰ পিতা মহাত্মা গান্ধীয়ে এবাৰ কৈছিল যে নিৰক্ষৰতা এক পাপ আৰু লজ্জাৰ বিষয় আৰু ইয়াক নিৰ্মূল কৰিবই লাগিব। তেওঁ আৰু কয় যে সাক্ষৰতাই ব্যক্তিৰ লগতে সমাজ, বিশেষভাৱে মহিলা আৰু সমাজৰ বঞ্চিত গোটসমূহৰ লোকসকলৰ জীৱন সবলীকৰণ কৰা, ৰূপান্তৰ কৰা আৰু উন্নত কৰাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিব পাৰে।

 

পৃষ্ঠভূমি

আন্তৰ্জাতিক সাক্ষৰতা দিৱস প্ৰতি বছৰে সমগ্ৰ বিশ্বজুৰি ৮ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হয়। ১৯৬৫ চনৰ ছেপ্টেম্বৰত তেহৰাণত নিৰক্ষৰতা দূৰীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰীসকলৰ বিশ্ব সন্মিলনত ছুপাৰিশৰ পাছত আন্তৰ্জাতিক সাক্ষৰতা দিৱস উদযাপন আৰম্ভ হৈছিল। সন্মিলনত ছুপাৰিশ কৰা হৈছিল যে সন্মিলনৰ উদ্ধোনৰ তাৰিখ অৰ্থাত্ ৮ ছেপ্টেম্বৰত আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰূপে ঘোষণা কৰা হওঁক আৰিু ইয়াক বিশ্বব্যাপি পালন কৰা হওঁক। ইউনেস্কৰ দ্বাৰা নৱেম্বৰ,১৯৬৬ত পেৰিছত আয়োজিত সাধাৰণ সন্মিলনৰ ১৪তম অধিৱেশনত ৮ ছেপ্টেম্বৰক আন্তৰ্জাতিক সাক্ষৰতা দিৱস পিচাপে ঘোষণা কৰে।

 

ভাৰতবৰ্ষত বিশেষকৈ স্বাধীনতাৰ পাছৰ পৰা সাক্ষৰতা আৰু বিশেষভাৱে প্ৰাপ্তবয়স্ক শিক্ষাক এক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে বিবেচনা কৰা হৈ আহিছে। নিৰক্ষৰতা দূৰীকৰণ আৰু প্ৰাপ্তবয়স্ক শিক্ষাক কাৰ্যকৰী সাক্ষৰতা আৰু আজীৱন শিক্ষা প্ৰদানৰ লক্ষ্যেৰে ১৯৮৮ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান আৰম্ভ কৰিছিল। 

 ******

MC/AKJ/AK/KG



(Release ID: 1652540) Visitor Counter : 496