সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

মানসিক স্বাস্থ্য তথা পুনঃসংস্থাপনৰ ২৪x৭ ট’লফ্ৰী হেল্পলাইন (1800-599-0019) কিৰণ মুকলি ১৩ টা ভাষাত

Posted On: 08 SEP 2020 1:36PM by PIB Guwahati

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী শ্ৰী থাৱৰ চাঁদ গেহলটে অলপতে ‘কিৰণ’ শীৰ্ষক নিঃশুল্ক মানসিক স্বাস্থ্য পুনঃসংস্থাপন হেল্প লাইন উদ্বোধন কৰে। ১৮০০-৫৯৯-০০১৯ - এই নম্বৰটো আৰম্ভ কৰাৰ মুখ্য উদ্দেশ্য হ’ল দ্ৰুত চিনাক্তকৰণ, প্ৰাথমিক চিকিৎসা, মনস্তাত্ত্বিক সহায়, সংকটকালীন ব্যৱস্থাপনা, মানসিক স্বাস্থ্যৰ উন্নতি ঘটোৱা, অস্বাভাৱিক আচৰণ বন্ধ কৰা, মনস্তাত্ত্বিক সংকট ব্যৱস্থাপনা ইত্যাদি।

মানসিক স্বাস্থ্যজনিত সমস্যাৰ পুনৰ্বাসনৰ ক্ষেত্ৰতো এই নম্বৰৰ যোগেদি সহায় কৰিব পৰা যাব। মানসিক চাপ, সংকট, দুশ্চিন্তা, আতংকত জ্ঞান হেৰোৱা, শংকাপূৰ্ণ পৰিৱেশৰ পৰা বাহিৰ ওলোৱাৰ দৰে পৰিস্থিতি, মানসিক অৱসাদগ্ৰস্থতা, আত্মহননৰ প্ৰৱণতা, মহামাৰীৰ কাৰণে মানসিক দুশ্চিন্তা আৰু মানসিক স্বাস্থ্যজনিত জৰুৰী পৰিস্থিতিত দেশৰ যিকোনো প্ৰান্তৰ পৰা এই হেল্প লাইন নম্বৰৰ সাহায্য পোৱা যাব। উদ্বোধনী অনুষ্ঠানত  ‘কিৰণ’ সংক্ৰান্তীয় পোষ্টাৰ, পুস্তিকা আৰু সহায়ক পুথিও প্ৰকাশ কৰা হৈছে।

ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা বিভিন্ন পৰিস্থিতিত নানাধৰণৰ মনস্তাত্ত্বিক সমস্যাৰ সমাধানৰ বাবে এই হেল্পলাইন নম্বৰ সহায়ক বিবেচিত হ’ব। দেশৰ বিভিন্ন প্ৰতিষ্ঠানত আৰু মিশ্ৰিত আঞ্চলিক কেন্দ্ৰৰ মাজেৰে সমন্বয় গঢ়ি তোলাৰ বাবে বিভিন্নধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

দেশত বিএছএনএলৰ কাৰিকৰী সহায়েৰে ২৫টা হেল্পলাইন কেন্দ্ৰৰ পৰা ৭৫ জন বিশেষজ্ঞ, ৬৬০ জন স্বেচ্ছাসেৱক চিকিৎসক / পুনঃসংস্থাপন মনস্তত্ত্ববিদ আৰু ৬৬৮ জন স্বেচ্ছাসেৱক মনোৰোগ বিশেষজ্ঞই এই কাৰ্যসূচীত যোগ দিছে। প্ৰতি ঘন্টাত ৩০০ জন লোকক ইয়াৰ মাধ্যমেৰে সাহায্য আগবঢ়োৱা হ’ব। এই সেৱা নিম্নোক্ত ১৩ টা ভাষাত উপলব্ধ হ’ব - হিন্দী, অসমীয়া, তামিল, মাৰাঠী, উড়িয়া, তেলুগু, মালায়ালম, গুজৰাটী, পঞ্জাৱী, কানাড়া, বঙালী, উৰ্দু আৰু ইংৰাজী।

 

সাহায্যৰ বাবে তিনিটা স্তৰ থাকিব। প্ৰথমে কোনো লোকে এই হেল্পলাইন নম্বৰত ফোন কৰিলে তেওঁৰ কলটো নিকটৱৰ্তী কল চেন্টাৰলৈ প্ৰেৰণ কৰা হ’ব। তাৰ পৰাই প্ৰয়োজন অনুসাৰে  চিকিৎসক / পুনঃসংস্থাপন মনস্তত্ত্ববিদ/মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰা হ’ব। অন্তিম স্তৰত যিয়ে ফোন কৰিছিল, তেওঁৰ বিষয়ে খা-খবৰ লোৱা আৰু প্ৰয়োজনীয় সাহায্য কৰাৰ ব্যৱস্থা থাকিব। মানসিক স্বাস্থ্য কেন্দ্ৰবোৰৰ বাবে তিনিটা প্ৰশিক্ষণ কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে।

 

দেশৰ যিকোনো স্থানৰ পৰাই  ব্যক্তি বিশেষে, পৰিয়াল, বেচৰকাৰী সংগঠন, বিশেষভাৱে সক্ষমলোকসকলৰ অভিভাৱক সংগঠন, পেছাদাৰী সংগঠন, পুনঃসংস্থাপন কেন্দ্ৰ, হাস্পতালৰ সাহায্য বিচাৰিবলৈ এই হেল্পলাইনত ফোন কৰিব পাৰিব।

 

চেন্নাইৰ নেশ্যনেল ইন্সিটিউট ফৰ দ্য এমপাৱাৰমেন্ট অৱ পাৰ্ছনছ উইথ মাল্টিপল ডিজেবিলিটিজ আৰু ছেহোৰৰ নেশ্যনেল ইন্সিটিউট অৱ মেন্টেল হেল্থ ৰিহেবিলিটেশ্যনে এই হেল্পলাইন নম্বৰৰ সমন্বয়ৰ দায়িত্বত আছে। ইণ্ডিয়ান এছ’ছিয়েশ্যন অৱ ক্লিনিকেল ছাইক’ল’জিষ্টি, ইণ্ডিয়ান ছাইকিয়াট্ৰিষ্টছ এছ’চিয়েশ্যন আৰু ইণ্ডিয়ান ছাইকিয়াট্ৰিক ছ’ছিয়েল ৱৰ্কাৰ্ছ এছ’চিয়েশ্যনে এই প্ৰকল্পত সহায়ৰ হাত আগবঢ়াইছে।

 

****



(Release ID: 1652539) Visitor Counter : 289