কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

আন্তঃগাঁথনিমূলক বিনিয়োগ ন্যাসৰ জৰিয়তে ভাৰতৰ পাৱাৰ গ্ৰিড কৰ্প’ৰেচন লিমিটেডৰ সহায়ক সংস্থাসমূহৰ সম্পদ নগদীকৰণত কেবিনেটৰ অনুমোদন

Posted On: 08 SEP 2020 7:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অ্ধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে শক্তি মন্ত্ৰালয়ৰ অধীনস্ত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান পাৱাৰগ্ৰিডৰ সম্পদৰ নগদীকৰণত অনুমোদন জনাই এক উল্লেখযোগ্য সংস্কাৰ সাধন কৰে৷ প্ৰথমবাৰলৈ যিকোনো এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে বিনিয়োগ আইটি মডেলৰ জৰিয়তে সম্পদৰ নগদীকৰণ কৰাৰ লগতে নতুন আৰু নিৰ্মীয়মান মুলধনী প্ৰকল্পত বিনিয়োগৰ দিশে অগ্ৰসৰ হৈছে৷

কেবিনেটৰ এই অনুমোদনে পাৱাৰগ্ৰিডক নগদীকৰণত সহায় কৰিব আৰু ইয়াৰ সম্পদৰ মুঠ মুল্য ৭,০০০ কোটি টকাতকৈ অধিক৷ এইবোৰ হৈছে উচ্চ বিদ্যু পৰিবাহী লাইন আৰু ছাবষ্টেচন, যিবোৰ পাৱাৰগ্ৰিডৰ বিশেষ উদ্দেশ্যৰ বাহন (এছপিভিএছ)ৰ ৰূপত আছে৷ পাৱাৰগ্ৰিডৰ এই সম্পদ নগদীকৰণ ব্যৱস্থা ইয়াৰ নতুন আৰু নিৰ্মীয়মান প্ৰকল্পসমূহত ব্যৱহৃত হ’ব৷

উল্লেখ্য যে শক্তি মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণত থকা পাৱাৰগ্ৰিড হৈছে এক চৰকাৰী সীমিত কোম্পানী, যিটোৱে ১৯৯২-৯৩ৰ পৰা বাণিজ্যিক কাম-কাজ আৰম্ভ কৰি বৰ্তমান দেশৰ মহাৰত্ন কোম্পানীৰ অন্যতম হৈ পৰিছে৷

 

*******

VRRK/AKP/DB



(Release ID: 1652501) Visitor Counter : 174