পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

২০৩০ ৰ লক্ষ্যৰ বিপৰীতে ২০২৫ তে পথ দুৰ্ঘটনাত মৃত্যু আধা কৰাত আশাবাদী শ্ৰী গাডকাৰী

ব্লেক স্পট আঁতৰাবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰ তত্বাৱধানৰ বাবে জিলা সমিতিসমূহৰ নেতৃত্ব ল’বলৈ সাংসদসকলক আহ্বান মন্ত্ৰীৰ; গ্ল’ৱেল বেষ্ট প্ৰেক্টিছ ৰূপায়ণৰ অৰ্থে পৰামৰ্শ আহ্বান

পিপিপি আৰ্হিৰ জৰিয়তে পৌৰ, প্ৰাদেশিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ইন্টেলিজেন্ট ট্ৰেন্সপ’ৰ্ট চিষ্টেম গঠনৰ বাবে নীতি আৰু টেণ্ডাৰিং মডেল নিৰ্ধাৰণৰ অৰ্থে নিৰ্দেশনা জাৰি

পথ সুৰক্ষা সম্পৰ্কীয় ৱেবিনাৰ সম্বোধন

Posted On: 08 SEP 2020 3:56PM by PIB Guwahati

২০৩০ ত নিৰ্ধাৰণ কৰা লক্ষ্যৰ বিপৰীতে ২০২৫ ৰ ভিতৰতে বছৰি পথ দুৰ্ঘটনাত প্ৰায় ১.৫ লাখৰ মৃত্যু আধা কৰাৰ আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ ও ঘাইপথ আৰু এমএছএমই মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে। আজি পথ সুৰক্ষা সন্দৰ্ভত অনুষ্ঠিত এখনি ৱেবিনাৰত ভাষণ প্ৰদান কৰি, তেওঁ কয় ৰাজ্য চৰকাৰসমূহকে প্ৰমুখ্য কৰি সকলো পক্ষৰ সৈতে সহযোগিতাৰে এই লক্ষ্যত সফলতা লাভ কৰিবলৈ আমি ফাষ্ট ট্ৰেক মুডত কাম কৰি আছো।

শ্ৰী গাডকাৰীয়ে অৱগত কৰে যে দেশখনত পথ দুৰ্ঘটনা হ্ৰাস কৰিবলৈ তেওঁৰ মন্ত্ৰালয়ে ইন্টেলিজেন্ট ট্ৰেন্সপ’ৰ্ট চিষ্টেমকে প্ৰমুখ্য় কৰি বহু ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ তদুপৰি কয় যে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰপৰা ব্লেক স্পট অপসাৰণ কৰাৰ উদ্দেশ্যৰে বিশ্ব বেংক আৰু এডিবিয়ে প্ৰত্যেকেই ৭০০০ কোটি টকাকৈ আগবঢ়াইছে। তেওঁ জনাই, আমি ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথসমূহত ব্লেক স্পট বোৰ চিনাক্ত কৰি উলিয়াইছো। ব্লেক স্পট অপসাৰণৰ বাবে ভাৰতে ইতিমধ্যে ২০,০০০ কোটি টকা ব্যয় কৰিছে। ইয়াৰ জৰুৰী প্ৰয়োজনীয়তাৰ কথা সদৰী কৰি, শ্ৰী গাডকাৰীয়ে সদৰী কৰে যে বছৰি পথ দুৰ্ঘটনাত ১.৫ লাখ লোকৰ প্ৰাণহানি হৈ অহাৰ সমান্তৰালে ইয়াৰে ৫৩,০০০ ৰ মৃত্যু হয় ৰাষ্ট্ৰীয় ঘাইপথসমূহত সংঘটিত দুৰ্ঘটনাত। শ্ৰী গাডকাৰীয়ে তদুপৰি কয় যে বিশ্ব বেংকৰ সাহাৰ্য্যৰে এটা প্ৰকল্প ৰূপায়ণৰ জৰিয়তে তামিল নাডুৱে দুৰ্ঘটনাত মৃত্যুৰ হাৰ ২৫% লৈ হ্ৰাস কৰি তুলিছে।

ভিন্ন পক্ষসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা সদৰী কৰি, তেওঁ কয়, আমি বিশেষতঃ বিশ্ববিদ্যালয়, শৈক্ষিক প্ৰতিষ্ঠান, এনজিঅ’, ৰাজ্য চৰকাৰসমূহৰ সহযোগিতা বিচাৰিছো। মন্ত্ৰীগৰাকীয়ে জনাই যে দুৰ্ঘটনা হ্ৰাসত তেওঁলোকে পালন কৰিবলৈ এটা গুৰুত্বপূৰ্ণ ভূমিকা চৰকাৰখনে প্ৰস্তুত কৰি উলিয়াইছে।

শ্ৰী গাডকাৰীয়ে জিলা পথ সমিতিসমূহৰ অধ্যক্ষৰ দায়িত্বত থকা সাংসদসকলক, ব্লেক স্পটসমূহ চিনাক্ত কৰিবলৈ কয় আৰু আৰু ইয়াৰ নিষ্পত্তি কৰিবলৈ কয়। তেওঁ উল্লেখ কৰে যে ৰাজ্যিক আৰু পৌৰ পথসমূহৰ ব্লেক স্পটসমূহ চিনাক্ত কৰি উলিওৱা প্ৰয়োজনীয় য’ত তেওঁ ৰাইজ, ৰাজ্য় চৰকাৰ, বিধায়ক, সাংসদসকলৰ সহযোগিতা কামনা কৰে।

শ্ৰী গাডকাৰীয়ে তদুপৰি দেশখনত সামাজিক সজাগতা আৰু শিক্ষা, জৰুৰী সেৱাসমূহৰ উন্নয়ন সাধন, চিকিৎসাজনিত মৃত্যুৰ কাৰণে সনিৰ্বন্ধ ইত্যাদিৰ জৰিয়তে জনতাৰ আন্দোলনৰ আহ্বান জনায়। পথ সুৰক্ষাৰ লক্ষ্যত উপনীত হ’বলৈ সহায়ৰ বাবে অট’ম’বাইল উদ্যোগটোৰ সহযোগিতাও তেওঁ কামনা কৰে। তেওঁ এমভি আইন, ২০১৯ ৰ কথা উল্লেখ কৰে, য’ত ভাৰতৰ পৰিবহণ খণ্ডটোৰ সকলো দৃষ্টিকোণ সামৰি বিস্তৃত আইন যুগুত কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে দেশখনত পিপিপি ধৰণেৰে ইন্টেলিজেন্ট পথ পৰিবহণ আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। শ্ৰী গাডকাৰীয়ে সদৰী কৰে যে পৌৰ, প্ৰাদেশিক আৰু ৰাষ্ট্ৰীয় পৰ্য়ায়ত ইন্টেলিজেন্ট ট্ৰেন্সপ’ৰ্ট চিষ্টেমৰ বিকাশ সাধনৰ বাবে নীতি আৰু টেণ্ডাৰিং মডেল নিৰ্ধাৰণৰ নিৰ্দেশনা তেওঁ প্ৰদান কৰিছে। এই উদ্দেশ্যেৰে, যাতে দেশখনে গ্ল’ৱেল বেষ্ট প্ৰেক্টিছক অনুসৰণ কৰিব পৰাকৈ এটা প্ৰণালী নিৰ্ধাৰণ কৰিব পাৰে, তাৰ বাবে সকলো পক্ষৰে পৰামৰ্শ কামনা কৰে মন্ত্ৰীগৰাকীয়ে।

*****

 

RCJ/MS/SB



(Release ID: 1652463) Visitor Counter : 108