স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

স্বাস্থ্য মন্ত্ৰালয়ৰ ‘ই-সঞ্জীৱনী টেলিমেডিচিন সেৱা’ৰ জৰিয়তে ৩ লাখলৈ টেলি-পৰামৰ্শৰ অভিলেখ

শেহতীয়া ২০ দিনতে পৰামৰ্শ আগবঢ়ালে ১লাখলৈ

Posted On: 08 SEP 2020 1:46PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে যুগুতোৱা টেলি-মেডিচিন সেৱা মঞ্চ ই-সঞ্জীৱনীৰ জৰিয়তে আগবঢ়োৱা চিকিত্সা সম্পৰ্কীয় পৰামৰ্শৰ সংখ্যাই ইতিমধ্যে ৩ লাখৰ ঘৰ অতিক্ৰম কৰিলে।

যোৱা ৯ আগষ্টত মঞ্চটোৰ জৰিয়তে ১.৫ লাখ পৰামৰ্শ দান কৰা উপলক্ষে আয়োজিত এক অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে এই কাৰ্যৰ ভূয়সী প্ৰসংসা কৰিছিল। তেতিয়াৰে পৰা প্ৰায় এটা মাহৰ ভিতৰতে মঞ্চটোৱে পৰামৰ্শ দানৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰে। তাৰো আক একলাখ টেলি-পৰামৰ্শ শেহতীয়া ২০টা দিনতে সম্পন্ন কৰা হৈছে। যোৱা ২৩ জুলাই ২০২০ত মঞ্চটোৱে প্ৰথম ১,০০,০০০টা পৰামৰ্শ দিয়াৰ কাম সম্পূৰ্ণ কৰিছিল আৰু পৰৱৰ্তি ১,০০,০০০ৰ সংখ্যা অতিক্ৰম কৰিছিল ২৬দিনৰ ভিতৰত, অৰ্থাত্ ১৮ আগষ্টৰ দিনা।

শাৰিৰীক ব্যৱধান নিশ্চিত কৰি টেলি মেডিচিন সেৱাই ৰোগীৰ সৈতে চিকিত্সকক সংযোজিত কৰে। যি সময়ত ৰোগৰ সংক্ৰমণে ৰোগীক কাষৰ পৰা চিকিত্সা আগবঢ়োৱাৰ ক্ষেত্ৰত বিপদৰ আশংকা সৃষ্টি কৰে, তেনে পৰিস্থিতিত প্ৰয়োজনীয় স্বাস্থ্য সুৰক্ষা সম্পৰ্কীয় দিহা প্ৰদানৰে টেলি মেডিচিন ব্যৱস্থাই ৰোগীৰ লগতে চিকিত্সকসকলৰো নিৰাপত্তা নিশ্চিত কৰিব পাৰে।

ই-সঞ্জীৱনী টেলি মেডিচিন মঞ্চই দুই ধৰণৰ সেৱা আগবঢ়াই। সেয়া হৈছে- চিকিত্সকৰ পৰা চিকিত্সকলৈ পৰামৰ্শ প্ৰদান(ই-সঞ্জীৱনী) আৰু আনটো হৈছে চিকিত্সকৰ পৰা ৰোগীলৈ(ই-সঞ্জীৱনী অপিডি)। ইয়াৰে প্ৰথমটো আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু নিদান কেন্দ্ৰ(এবি-এইচডব্লিউচি) কাৰ্যক্ৰমৰ  গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে বিবেচিত হৈ আহিছে।

দেশৰ ২৩খন ৰাজ্যই ই-সঞ্জীৱনী সেৱা কাৰ্যক্ৰম ৰূপায়ণ কৰাৰ লগতে আন ৰাজ্যসমূহেও এই সেৱাৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। ই-সঞ্জীৱনী অপিডিৰ জৰিয়তে তামিল নাডুয়ে এই পৰ্যন্ত ৯৭,২০৪টা পৰামৰ্শ গ্ৰহণ কৰাৰ বিপৰীতে পৰামৰ্শ গ্ৰহণত ৬৫,১৭৩ৰে উত্তৰ প্ৰদেশে দ্বিতীয় স্থানত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ জনসাধাৰণে ই-সঞ্জীৱনীলৈ প্ৰদৰ্শন কৰা আন্তৰিকতাৰ প্ৰতি লক্ষ্য ৰাখি লোডী হাৰ্ডিংজ মেডিকেল কলেজ আৰু ইয়াৰ সহযোগী হাস্পটালসমূহৰ লগতে, ভাটিণ্ডা, বীবীনগৰ আৰু ঋষিকেশৰ এইমছকেইখনে ইতিমধ্যে ই-সঞ্জীৱনীত সহযোগিতা আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এইসমূহ অগ্ৰণী চিকিত্সা প্ৰতিষ্ঠানে ইতিমধ্যে ই-সঞ্জীৱনী অপিডি সেৱা মুকলি কৰিছে।

****

MV/KB



(Release ID: 1652461) Visitor Counter : 172