স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত প্ৰায় মুঠ ৫ কোটি ক’ৰোনাৰ নমুনা পৰীক্ষা হৈছে

বিগত ২ সপ্তাহত সম্পন্ন হৈছে ১.৩৩ কোটি ক’ভিড পৰীক্ষা

Posted On: 07 SEP 2020 6:30PM by PIB Guwahati

ভাৰত বিশ্বৰ ভিতৰতে এক অন্যতম দেশ, য’ত প্ৰতিদিনে যথেষ্ট সংখ্যক ক’ৰোনাৰ নমুনা পৰীক্ষা কৰা হৈছে। দেশত প্ৰতিদিনে ১১.৭০ লাখ ক’ৰোনা পৰীক্ষা কৰা হৈছে।

আজি পৰ্যন্ত ভাৰতত মুঠ প্ৰায় ৫ কোটি (৪,৯৫,৫১,৫০৭)টা নমুনা পৰীক্ষা কৰা হৈছে। বিগত ২৪ ঘন্টাত ৭,২০,৩৬২ টা নমুনা পৰীক্ষা কৰা হৈছে। দেশজুৰি ব্যাপক হাৰত পৰীক্ষা চলোৱাৰ ফলত বিগত দুসপ্তাহত প্ৰায় ১,৩৩,৩৩,৯০৪ টা পৰীক্ষা কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে বৃহত্তৰ প্ৰেক্ষাপটত ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সাধাৰণ লোকৰ সুবিধাৰ্থে নিৰন্তৰ ক’ৰোনা পৰীক্ষা চলাই থকা হৈছে। সম্প্ৰতি এইবিষয়ত কেন্দ্ৰীয় চৰকাৰে সংশোধিত শেহতীয়া নিৰ্দেশিকা জাৰি কৰিছে। পৰীক্ষা পদ্ধতি সহজ কৰাৰ বাবে সকলো ৰাজ্য, কেন্দ্ৰশাসিত অঞ্চলৰ চৰকাৰ আৰু প্ৰশাসনৰ সৈতে প্ৰতিটো মুহুৰ্ত্ততে সমন্বয় বজাই ৰখা হৈছে।

আগষ্টৰ তৃতীয় সপ্তাহৰ পৰা প্ৰতিদিনে গড়ে ক’ৰোনা পৰীক্ষাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহতে এই পৰীক্ষা ১০ লাখ হৈছে। প্ৰতিমুহুৰ্ত্ততে পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ ফলত প্ৰাথমিকভাৱেই ক’ৰোনা ৰোগীসকলক চিনাক্তকৰণ, তেওঁলোকক ঘৰ অথবা হাস্পতালত আইছ’লেশ্যনত ৰখা, সময়মত কাৰ্যকৰী চিকিৎসাৰ ফলত ক’ৰোনা সংক্ৰমণ ৰোধ সম্ভৱপৰ হৈছে। ইয়াৰ ফলস্বৰূপ দ্ৰুতভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ পৰা সুস্থ হোৱাৰ সংখ্যা। ঠিক তেনেদৰে হ্ৰাস পাইছে মৃত্যুৰ হাৰ।

ক’ভিড-১৯ সংক্ৰান্তীয় প্ৰকৃত আৰু শেহতীয়া তথ্য সংক্ৰান্তীয় কাৰিকৰী বিষয়, নীতি-নিৰ্দেশিকা আৰু পৰামৰ্শৰ বাবে নিয়মিতভাৱে  https://www.mohfw.gov.in/ আৰু @MoHFW_INDIA –ৱেবছাইট চাই থাকিব।

কাৰিকৰী বিষয়ে জানিবৰৰ বাবে  technicalquery.covid19[at]gov[dot]in, ncov2019[at]gov[dot]in আৰু @CovidIndiaSeva  -ত যোগাযোগ কৰিব পাৰিব।

ক’ভিড-১৯ সংক্ৰান্তীয় যি কোনো বিষয়ে জানিবৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ :  +91-11-23978046 or 1075 (ট’লফ্ৰী) – ত যোগাযোগ কৰক। ক’ভিড-১৯ সংক্ৰান্তীয় ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলসমূহৰ হেল্পলাইন নম্বৰৰ তালিকা তলৰ লিংকত দিয়া হৈছে -  https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf

 

 

****

MV



(Release ID: 1652182) Visitor Counter : 156