নিতি আয়োগ

ষ্টাৰ্টআপ উদ্ভাৱকক ক্ষমতা প্ৰদানৰ উদ্দেশ্য ফ্ৰেছৱৰ্কছৰ সৈতে অংশীদাৰিত্ব অটল উদ্ভাৱন মিশ্যনৰ

Posted On: 07 SEP 2020 2:25PM by PIB Guwahati

ভাৰতত উদ্ভাৱকসকল আৰু উদ্যোগীসকলক বলিষ্ঠ সহযোগ আগবঢ়োৱাৰ উদ্দেশ্যে নীতি আয়োগৰ অটল উদ্ভাৱন মিশ্যন, এআইএম-এ ছফ্টৱেৰ কোম্পানী ফ্ৰেছৱৰ্কৰ সৈতে অংশীদাৰিত্ব আগবঢ়াইছে।

 

এই সহযোগিতাৰ উদ্দেশ্য এআইএমৰ সৈতে সংযুক্ত সংস্থা আৰু ষ্টাৰ্টআপৰ দক্ষতা বৃদ্ধি আৰু ষ্টাৰ্টআপ উদ্ভাৱকসকলৰ মাজত উদ্ভাৱন আৰু উদ্যোগশীলতা বৃদ্ধি কৰা।

 

এই অংশীদাৰিত্বৰ অধীনত ফ্ৰেছৱৰ্কছ-এ এআইএম আৰু ইয়াৰ হিতাধিকাৰীসকলৰ উত্পাদিত সামগ্ৰীৰ বাবে ঋণ প্ৰদান কৰিব, যিযে ষ্টাৰ্টআপসমূহক দক্ষভাৱে কাম কৰিবলৈ ক্ষমতা প্ৰদান কৰিব। হিতাধিকাৰীসকলক আগবঢ়োৱা ঋণসমূহ ফ্ৰেছচেলছ-চেলছ চিআৰএম ছফ্টৱেৰ, ফ্ৰেছডেস্ক- কাষ্টমাৰ ছাপৰ্ট ছফ্টৱেৰ, ফ্ৰেছচাট- কাষ্টমাৰ মেছেজিং ছফ্টৱেৰ, ফ্ৰেছ ৰিলিজ-এজাইল প্ৰজেক্ট মেনেজমেণ্ট ছফ্টৱেৰ, ফ্ৰেছকলাৰ-ক্লাউড টেলিফোনি ছফ্টৱেৰ, ফ্ৰেছমাৰ্কেটাৰ-মাৰ্কেটিং অটোমেচন ছফ্টৱেৰ, ফ্ৰেছটীম- এইছ আৰ মেনেজমেণ্ট ছফ্টৱেৰ, ফ্ৰেছছাৰ্ভিচ-এণ্ড আই টি ছাৰ্ভিচ মেনেজমেণ্ট ছফ্টৱেৰৰ সৈতে সম্পৰ্কিত।

 

ষ্টেটমেণ্ট অৱ ইণ্টেটৰ মতে ফ্ৰেছৱৰ্কছ-এ ষ্টাৰ্টআপসমূহৰ বাবে এক হোৱাইট-গ্লোভ অন বোৰ্ডিং কৰিব যত বিক্ৰী, বিপণন আৰু ভাল গ্ৰাহক সমৰ্থনৰ বাবে ক্লাউড টেকনলজীত প্ৰশিক্ষণৰ সুবিধা অন্তৰ্ভুক্ত হব ।

 

অংশীদাৰিত্বৰ অধীনত কৰ্মশালা, মডিউলৰ প্ৰশিক্ষণ আৰু অন্য প্ৰাসংগিক বিষয়ৰ ওপৰত বিভিন্নধৰণৰ ৱেবিনাৰৰ আয়োজন কৰা হব।

 

অনুষ্ঠানত অটল উদ্ভাৱন মিশ্যন, মিশ্যন সঞ্চালক শ্ৰী আৰ ৰামাননে কয়, ই আমাৰ ইনকিউবেটৰ আৰু ষ্টাৰ্টআপ পৰিস্থিতি তন্ত্ৰৰ বাবে তেওঁলোকৰ উদ্ভাৱনী যাত্ৰা আৰু অধিক ক্ষমতাৱান হোৱাৰ বাবে এক সুন্দৰ সুযোগ। আমাৰ প্ৰাথমিক লক্ষ্য হৈছে সমগ্ৰ  

দেশজুৰি ষ্টাৰ্টআপ জগতৰ কাৰ্যকাৰিতা আৰু স্থায়িত্ব বৃদ্ধি কৰা।

 

ফ্ৰেছৱৰ্কৰ  টেকনলজী পাৰ্টনাৰশ্বিপৰ সঞ্চালক ৰাজীৱ ৰামাননে কয়, এই প্ৰত্যাহ্বানপূৰ্ণ সময়তো ভাৰতত ঔদ্যোগিক প্ৰয়াস ভাল আৰু জীৱন্ত। এছএমই/এমএছএমই আৰু ষ্টাৰ্টআপৰ বাবে প্ৰচুৰ সুযোগ আছে। আমি তেওঁলোকৰ প্ৰচেষ্টাক সঠিক সৰঞ্জাম আৰু প্ৰয়োজনীয় পৰামৰ্শ প্ৰদানেৰে সমৰ্থন কৰিবলৈ বিচাৰিছোঁ যাতে তেওঁলোকে জীৱনৰ বাবে গ্ৰাহক লাভৰ বাবে সুন্দৰ অভিজ্ঞতা লাভ কৰিব পাৰে।

 

এই আভাসী কাৰ্যসূচীত অটল উদ্ভাৱন মিশ্যন, নীতি আয়োগ আৰু ফ্ৰেছৱৰ্কছৰ বিষয়াসকল, অটল উদ্ভাৱন মিশ্যন ইনকিউবেটৰসকল, ষ্টাৰ্টআপ,অটল উদ্ভাৱন মিশ্যন সমৰ্থিত বিদ্যালয়, গুৰুসকল আৰু এচিআইচিত ছৰ্টলিষ্ট কৰা আৱেদনকাৰীসকল উপস্থিত থাকে।  

 

 ******

VRRK/KP/KG

 



(Release ID: 1652159) Visitor Counter : 137