প্ৰতিৰক্ষা মন্ত্ৰালয়

তেহৰানত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক; দুই মন্ত্ৰীৰ মাজত আফগানিস্তান আৰু দ্বিপাক্ষিক সহযোগিতাৰ লগতে আঞ্চলিক নিৰাপত্তাৰ বিষয়সমূহক লৈ গুৰুত্বপূৰ্ণ আলোচনা সম্পন্ন

Posted On: 06 SEP 2020 1:39PM by PIB Guwahati

ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু সেইদেশৰ সেনাবাহিনীৰ প্ৰধান ব্ৰিগেডিয়েৰ জেনেৰেল আমীৰ হাতামীৰ সৈতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং-এ কালি তেহৰাণত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। মস্কোৰ পৰা নতুন দিল্লীলৈ উভতি অহাৰ সময়তে তেহৰাণত সাময়িক যাত্ৰা বিৰতিকালত সেই দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ অনুৰোধৰ পৰিপ্ৰেক্ষিততেই এই বৈঠকত মিলিত হয় ৰাজনাথ সিঙ।

অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ আৰু আন্তৰিক পৰিৱেশত দুই মন্ত্ৰীৰ এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত দুই মন্ত্ৰীয়ে ভাৰত আৰু ইৰাণৰ মাজৰ বহু শতিকা পুৰণি ভাষা, সংস্কৃতি, আৰু সভ্যতাৰ সম্পৰ্কৰ কথা উল্লেখ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে দুয়ো দেশৰ দ্বিপাক্ষিক সম্পৰ্কক আগুৱাই লৈ যোৱাৰ বিভিন্ন পন্থা-পদ্ধতিক লৈ মত বিনিময়ৰ উপৰিও, আফগানিস্তানত শান্তি আৰু স্থিতাৱস্থা বজাই ৰখাৰ বিষয়ে আলোচনা কৰে। বৈঠকত আঞ্চলিক নিৰাপত্তা সংক্ৰান্তীয় বিষয়বোৰক লৈও আলোচনা হয়।

*****


(Release ID: 1651902)