গ্ৰামোন্নয়ণ মন্ত্ৰালয়

ষ্টাৰ্ট-আপ গ্ৰামোদ্যোগী আঁচনিয়ে খোপনি পুতিছে গ্ৰামাঞ্চলত আৰু সৃষ্টি কৰিছে গ্ৰামীণ উদ্যোগী

ষ্টাৰ্ট-আপ গ্ৰামোদ্যোগী আঁচনিয়ে দেশৰ ২৩ খন ৰাজ্যৰ ১৫৩ টা খণ্ডলৈ বাণিজ্যিক সেৱা আৰু মূলধনী সহায় আগবঢ়াইছে; ২০২০ চনৰ আগষ্ট মাহলৈ প্ৰায় ১ লাখ উদ্যোগীলৈ আগবঢ়োৱা হৈছে সহায়, ইয়াৰ ভিতৰত ৭৫% ই মহিলাৰ দ্বাৰা পৰিচালিত আৰু মহিলা উদ্যোগীৰ অনুষ্ঠান

Posted On: 05 SEP 2020 1:07PM by PIB Guwahati

কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ দীনদয়াল অন্ত্যোদয় যোজনা – নেচনেল ৰুৰেল লাইভলিহুড মিছন (ডিএৱাই – এনআৰএলএম) ৰ মাধ্যমেৰে গ্ৰামাঞ্চলত নতুন উদ্যোগ কাৰ্যসূচী (ষ্টাৰ্ট আপ ভিলেজ এণ্ট্ৰিপ্ৰিনিউৰশ্বিপ প্ৰ’গ্ৰাম – এছভিইপি)ক বাস্তৱায়িত কৰা হৈছে। ২০১৬ চনৰ পৰা এই প্ৰকল্প আৰম্ভ হৈছে। গ্ৰামাঞ্চলত দৰিদ্ৰ লোকসকলৰ দাৰিদ্ৰ মোচনত সহায় কৰিবলৈ তেওঁলোকে যাতে নতুন উদ্যোগ গঢ়ি তুলিব পাৰে আৰু সেই নতুন উদ্যোগ বা ষ্টাৰ্ট-আপে যিমান দিনলৈ স্থিতাৱস্থালৈ নাযায়, সিমান দিনলৈ সহায় কৰি যোৱাই এই কাৰ্যসূচীৰ উদ্দেশ্য। এছভিইপিয়ে আত্মনিৰ্ভৰশীলতাৰ সুযোগ গঢ়ি তোলাৰ বাবে বিত্তীয় সহায় আৰু ব্যৱসায় সংক্ৰান্তীয় বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰে।

এছভিইপি-ৰ তিনিটা স্তম্ভ আছে – আৰ্থিক ব্যৱস্থাপনা, নতুন উদ্যোগক উৎসাহ প্ৰদান আৰু দক্ষতা গঢ়ি তোলা। এই কাৰ্যসূচীৰ মাধ্যমেৰে ৰাজহুৱা সমল ব্যক্তি – এন্টাৰপ্ৰাইজ প্ৰমোশ্যন (চিআৰপি – ইপি) সৃষ্টি কৰা হয়। এই ব্যক্তিসকলে গ্ৰামাঞ্চলত শিল্পোদ্যোগসমূহক সহায় কৰে। এছভিইপি-ৰ আৰু এটা বিশেষত্ব হ’ল এই কাৰ্যসূচীৰ মাধ্যমেৰে ব্লক স্তৰত সম্পদ কেন্দ্ৰ গঢ়ি তোলা হয়,  যাৰ মাধ্যমেৰে চিআৰপি – ইপি, এছভিইপি-ৰ ঋণ সংক্ৰান্তীয় আবেদনবোৰ বিবেচনা কৰা হয়। ব্লক স্তৰৰ এই কেন্দ্ৰবোৰে স্বাধীনভাৱে কাম-কাজ কৰি থাকে।

এই কেন্দ্ৰৰ সদস্যসকলে বিভিন্ন প্ৰশিক্ষণ লাভ কৰে। যাৰ সাহায্যত চিআৰপি – ইপি-সকল সৃষ্টি কৰা হয়। ইয়াৰ বাবে সেইসকলক এক বিশেষ প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হয়। ২০২০ ৰ আগষ্ট পৰ্যন্ত দেশৰ ২৩ খন ৰাজ্যৰ ১৫৩ টা ব্লকত এছভিইপিৰ মাধ্যমেৰে নতুন উদ্যোগ আৰম্ভ কৰাৰ ক্ষেত্ৰত মূলধনৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় ২০০০ গৰাকী শিক্ষিত চিআৰপি – ইপি, ১ লাখ শিল্পোদ্যোগীক সহায় কৰা হৈছে।

এছভিইপি-ৰ বিষয়ে ২০১৯ ৰ ছেপ্টেম্বৰ মাহত কোৱালিটি কাউন্সিল অৱ ইণ্ডিয়াই এক পৰ্যালোচনা কৰিছিল। এই পৰ্যালোচনাৰ পৰা জনা গৈছে যে বিভিন্ন ব্লকৰ ৮২ শতাংশ উদ্যোগীয়েই অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত। ৭৫ শতাংশ এই ধৰণৰ শিল্পোদ্যোগ পৰিচালনা কৰি আছে মহিলাসকলে। তেওঁলোকৰ মাহেকীয়া গড় আয় এনেধৰণৰ ౼ উৎপাদন শিল্পৰ ক্ষেত্ৰত ৩৯০০০ টকাৰ পৰা ৪৭৮০০ টকাৰ ভিতৰত, সেৱা প্ৰদানৰ ক্ষেত্ৰত ৪১৭০০ টকা আৰু বাণিজ্যৰ ক্ষেত্ৰ ৩৬০০০ টকা।

এছভিইপিয়ে ব্যক্তি বিশেষ আৰু গোষ্ঠীবদ্ধ দুইধৰণৰ উদ্যোগলৈকে সাহায্য প্ৰদান কৰে। ক’ভিড – ১৯ মহামাৰীৰ সময়ত মহিলা আত্মসহায়ক গোটবোৰৰ সদস্যসকলে গ্ৰামাঞ্চলত বিশেষকৈ জনগোষ্ঠীয় লোকসকলৰ বাবে সাহায্যৰ হাত আগবঢ়াই দিছে। তেওঁলোকে মাস্ক, সুৰক্ষা সংক্ৰান্তীয় কিট, ছেনিটাইজাৰ আৰু হেণ্ডৱাশ্ব প্ৰস্তুত কৰিছে। এইবোৰ সামগ্ৰী স্থানীয় প্ৰশাসনৰ মাধ্যমেৰে বিতৰণ কৰাও হৈছে। ১৪ আগষ্টৰ হিচাপ অনুযায়ী দেশৰ ৩ লাখ ১৮৪১৩ টা আত্মসহায়ক গোটৰ সদস্যসকলে এই পণ্যবোৰ উৎপাদন কৰিছে।

২৯ খন ৰাজ্যৰ মহিলা পৰিচালিত আত্মসহায়ক গোটৰ সদস্যসকলে ২৩ কোটি ৭ লাখ ফে’চমাস্ক, ১ লাখ ২০০০ লিটাৰ হেণ্ডৱাশ্ব আৰু ৪ লাখ ৭৯০০০ লিটাৰ ছেনিটাইজাৰ প্ৰস্তুত কৰিছে। যাৰ বজাৰ মূল্য হ’ব প্ৰায় ৯০৩ কোটি টকা। লকডাউনৰ সময়ত দেশত অধিকাংশ ব্যৱসায় – বাণিজ্য স্তব্ধ হৈ পৰিলেও গ্ৰামাঞ্চলৰ এইসকল মহিলাই প্ৰত্যেকে প্ৰায় ২৯০০০ টকাৰ পৰ্যন্ত ধন আয় কৰিবলৈ সক্ষম হৈছে। কোনো কোনো মহিলা পৰিচালিত আত্মনিৰ্ভৰশীল গোষ্ঠীয়ে কমিউনিটি কিচেনো পৰিচালনা কৰিছে। যাৰ যোগেদি তেওঁলোকে ৫ কোটি ৭২ লাখতকৈও অধিক লোকৰ কাষলৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে।

ভালেমান উল্লেখযোগ্য মহিলা উদ্যোগীসকলৰৰ ভিতৰত আছে, বিহাৰৰ শ্ৰীমতী সাৰদা দেৱী, মহাৰাষ্ট্ৰৰ শ্ৰীমতী ভাগ্যশ্ৰী লোন্ধে আৰু উত্তৰ প্ৰদেশৰ শ্ৰীমতী পুনম। শ্ৰীমতী সাৰদা দেৱী হৈছে বুদ্ধগয়াৰ খাজাৱাতী গাওঁৰ বাসিন্দা। তেওঁ ৩০ দিনত ১৮৫৬৫ খন মাস্ক প্ৰস্তুত কৰি ৰেকৰ্ডো গঢ়িছে। শ্ৰীমতী ভাগ্যশ্ৰী লোন্ধে হৈছে বাৰ্ছিতালুকাৰ বাসিন্দা। তেওঁ মচলা, আচাৰ আদি প্ৰস্তুত কৰে। গাওঁৰ কৃষকসকলৰ পৰা শাক-পাচলি সংগ্ৰহ কৰি, সেইবোৰ গ্ৰাহকসকলৰ ওচৰলৈ লকডাউনৰ সময়ত তেওঁৰ সংস্থাই প্ৰেৰণ কৰে। নাজিবাবাৰ বাসিন্দা শ্ৰীমতী পুনমে বিয়াৰ পিছতে ৫৪ দিনৰ চিআৰপি – ইপিৰ প্ৰশিক্ষণ লাভ কৰিছিল।  তেওঁ বৰ্তমান ৪০টা সংস্থাক ব্যৱসায় চলোৱাৰ বিভিন্ন পৰামৰ্শ প্ৰদান কৰে।

এছভিইপি-ৰ শিল্পোদ্যোগীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী, হস্তশিল্প, ঘৰতে প্ৰস্তুত কৰা আচাৰ, মচলা, পাট আৰু ঊণেৰে প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰে। তেওঁলোকে এইবোৰ মূলতঃ স্থানীয় বজাৰতে বিক্ৰী কৰে।

 

****

APS/SG/RD



(Release ID: 1651718) Visitor Counter : 235