বিত্ত আয়োগ

অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সৈতে আলোচনা পঞ্চদশ বিত্ত আয়োগৰ

Posted On: 04 SEP 2020 5:59PM by PIB Guwahati

পঞ্চদশ বিত্ত আয়োগে ৪ আগষ্ট, ২০২০ত অনলাইনযোগে ইয়াৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদ আৰু একাংশ বিশিষ্ট আমন্ত্ৰিত অতিথিৰ সৈতে এক অনলাইন বৈঠকত মিলিত হোৱাৰ লগতে আয়োগে সম্পাদন কৰিবলগীয়া কেতবোৰ বিষয়ৰ সন্দৰ্ভত আলোচনা কৰে৷ পঞ্চদশ বিত্তীয় আয়োগৰ অধ্যক্ষ শ্ৰী এন. কে. সিঙৰ অধ্যক্ষতা অনুষ্ঠিত বৈঠকত বিত্ত আয়োগৰ সকলো সদস্যৰ লগতে একাংশ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে৷ তদুপৰি বৈঠকত বিশেষ আমন্ত্ৰিত অতিথি হিচাপে ড০ অৰৱিন্দ বীৰমানি, ড০ ইন্দ্ৰানী ৰাজাৰমন, ড০ ডি কে শ্ৰীবাস্তৱ, ড০ এম গোৱিন্দ ৰাও, ড০ সুদীপ্ত মুণ্ডলে, ড০ ওমকাৰ গোস্বামী, ড০ কৃষ্ণমূৰ্তি সুব্ৰমনিয়াম, ড০ প্ৰণৱ সেন আৰু ড০ শংকৰ আচাৰ্যই অংশগ্ৰহণ কৰি বহুমূলীয়া পৰামৰ্শ আৰু মতামত আগবঢ়ায়৷ কাইলৈ আন কেইগৰাকীমান বিশিষ্ট ব্যক্তিক লৈ পৰৱৰ্তী বৈঠক অনুষ্ঠিত হ’ব৷

বৈঠকত জিডিপিৰ বিকাশ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কৰৰ বোজা হ্ৰাসকৰণ ব্যৱস্থা, জিএছটি ক্ষতিপুৰণ আৰু বিত্তীয় একত্ৰীকৰণ ইত্যাদি দিশবোৰৰ সন্দৰ্ভত আলোচনা কৰে৷ বিশিষ্ট ব্যক্তিসকলৰ সৈতে হোৱা আলোচনাত স্বাস্থ্য খণ্ডত ব্যয়, বিনিয়োগৰ পুনৰুত্থান, বিত্তীয় ব্যৱস্থাৰ পুনৰ মূলধনীকৰণ আৰু ৰাজহুৱা বিত্তত প্ৰভাৱ, প্ৰতিৰক্ষা সক্ষমতা সুদৃঢ়কৰণত গুৰুত্ব, জিএছটি সংগ্ৰহ বৃদ্ধিৰ ব্যৱস্থা আৰু এই সম্পৰ্কীয় প্ৰযুক্তিসমূহৰ বিষয়ে স্থান লাভ কৰে৷

এই ক্ষেত্ৰত বিশিষ্ট ব্যক্তিসকলে আগবঢ়োৱা পৰামৰ্শ মূল্যবান বুলি উল্লেখ কৰে আয়োগৰ অধ্যক্ষ এন কে সিঙে৷ উল্লেখ্য যে পঞ্চদশ বিত্ত আয়োগ আৰু উপদেষ্টা পৰিষদে ক’ভিডৰ লগতে সমগ্ৰ পৰিস্থিতি অতি সুক্ষ্মভাৱে প্ৰত্যক্ষ কৰি আহিছে৷

*****

MC/DB



(Release ID: 1651504) Visitor Counter : 147