ৰাষ্ট্ৰপতি সচিবালয়

শিক্ষক দিৱসৰ প্ৰাকক্ষণত ভাৰতৰ ৰাষ্ট্ৰপতিৰ শুভেচ্ছাবাণী

Posted On: 04 SEP 2020 4:56PM by PIB Guwahati

শিক্ষক দিৱসৰ প্ৰাকক্ষণত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দে দেশৰ প্ৰতিগৰাকী শিক্ষককে শুভেচ্ছা জ্ঞাপন কৰিছে।

 

এক বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, অতি আনন্দেৰে মই দেশৰ শিক্ষকসকলক মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আধুনিক কালৰ এগৰাকী মহান শিক্ষাগুৰু আৰু মোৰ পূৰ্বসূৰী ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ওপজা দিনত আমি শিক্ষক দিৱস উদযাপন কৰোঁ।

 

এগৰাকী খ্যাতিমান দাৰ্শনিক হিচাপেও তেওঁ শিক্ষকৰ ভূমিকা এইদৰে সংজ্ঞায়িত কৰিছিল যে যিয়ে কেৱল এজন শিক্ষক হিচাপেই নহয়, এজন নৈতিক পৰামৰ্শদাতা হিচাপেও কাম কৰে আৰু শিক্ষাৰ্থীসকলক মূল্যবোধৰ বাবে অনুপ্ৰাণিত কৰে। অশেষ অধ্যৱসায় আৰু ধৈৰ্যৰ জৰিয়তে এগৰাকী শিক্ষকে শিক্ষাৰ্থীসকলক আমাৰ সংস্কৃতিৰ সমৃদ্ধ উত্তৰাধিকাৰৰ জ্ঞান প্ৰাপ্তিৰ বাবে সহায় কৰে। আদৰ্শ শিক্ষকসকলে ধাৰাবাহিকভাৱে শিক্ষাৰ্থীসকলৰ এই উদ্দেশ্য অনুসৰণ কৰাত আৰু তেওঁলোকৰ লক্ষ্যসমূহ অনুধাৱন কৰাত উত্সাহিত কৰে। সন্দেহ নাই শিক্ষকসকল শিক্ষাৰ্থীসকলৰ বাবে পৰামৰ্শদানকাৰী শক্তি আৰু আমাৰ জাতিৰ প্ৰকৃত নিৰ্মাতা। শিক্ষকৰ এই গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সংস্ক়তিত গুৰু শিষ্য পৰম্পৰাক বিশেষ সন্মান প্ৰদান কৰি অহা হৈছে।

 

পৰিৱৰ্তিত সময়ত আমি আমাৰ শিক্ষা পদ্ধতিত এনে অভিনৱ শিক্ষানীতিৰ সমাৱেশ কৰাটো জৰুৰী হব যাৰ জৰিয়তে যুৱ প্ৰজন্মই জ্ঞান অৰ্জন, অন্বেষণ আৰু অধিক দক্ষভাৱে সমাজলৈ অৱদান আগবঢ়াব পাৰে। মই আশা কৰোঁ যে আমি এই দিশত আমাৰ দূৰদৰ্শী শিক্ষকসকলৰ মাৰ্গদৰ্শন লাভ কৰি থাকিম আৰু আমি সকলোৱে মিলি এক মহান ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্মাণত সহযোগিতা আগবঢ়াই যাম।

 

এই শুভ ক্ষণত মই সমগ্ৰ শিক্ষক গোটক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু কামনা কৰিছোঁ যে তেওঁলোকে এনে শিক্ষাৰ্থী সৃষ্টি কৰাৰ বাবে নিজৰ প্ৰয়াসত সফল হব যিয়ে আগন্তুক সময়ত আমাৰ দেশৰ মান আৰু গৌৰৱ বৃদ্ধি কৰিব।

 

ৰাষ্ট্ৰপতিৰ বাৰ্তা হিন্দীত চাবলৈ ইয়াত ক্লিক কৰক

 

 ****

VRRK/VJ/BM/KG

 



(Release ID: 1651487) Visitor Counter : 256