বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

শ্ৰী পীয়ূষ গোয়েলে কয় যে নতুন-যুগৰ উদ্যোগীসকলে ভাৰতৰ ভাগ্য সলনি কৰিবলৈ গৈ আছে;

ভাৰতক প্ৰকৃতাৰ্থত উদ্ভাৱন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ একেলগে কাম কৰাৰ আহ্বান মন্ত্ৰীজনৰ

নতুন-যুগৰ উদ্যোগীসকলৰ পৰামৰ্শদাতা হৈ উঠিবলৈ জ্যেষ্ঠ ব্যৱসায়ীসকলক পৰামৰ্শ শ্ৰী গোয়েলৰ

Posted On: 03 SEP 2020 2:35PM by PIB Guwahati

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ ও ৰেল মন্ত্ৰী শ্ৰী পীয়ূষ গোয়েলে কয় যে বিশ্ব যোগান শৃংখলত অধিক বিস্তৃতভাৱে বৰঙণি যোগাবলৈ নতুন যুগৰ ধাৰণাসমূহে ভাৰতক সাজু কৰাত আমাক সহায় কৰিব। আজি চিআইআইৰ ‘লঞ্চ অৱ ইণ্ডিয়া’জ ফিউচাৰ বিজনেছ গ্ৰুপ’ শীৰ্ষক কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, তেওঁ কয় যে নতুন-যুগৰ উদ্যোগীসকলে ভাৰতৰ ভাগ্য সলনি কৰিবলৈ আগবাঢ়িছে। তেওঁ কয় “ভাৰতত নতুন-যুগৰ বাণিজ্যক প্ৰোৎসাহনৰ অৰ্থে আমি সমভাৱাপন্ন দেশ আৰু বিশ্বস্ত অংশীদাৰসকলেৰে এটা প্লেটফৰ্ম নিৰ্মাণ কৰাটো বাঞ্চনীয়।” নতুন-যুগৰ বাণিজ্যক প্ৰোৎসাহনৰ অৰ্থে ভাৰতে আন ৰাষ্ট্ৰসমূহক নিযুক্ত কৰিব পাৰিব আৰু বিশ্বস্ত অংশীদাৰসকলেৰে এটা প্লেটফৰ্ম গঢ়ি তুলিব পাৰিব, তেওঁ লগতে কয়।

মন্ত্ৰীগৰাকীয়ে কয় যে ইয়েই হৈছে তৰুণ প্ৰজন্ম, যিয়ে ভাৰতৰ ভাগ্য সলনি কৰিবলৈ গৈ আছে, যিসকলে নিয়োগ সৃষ্টি আৰু জনতাৰ মাজলৈ সমৃদ্ধি কঢ়িয়াব খুজিছে। “ভাৰতত আমাৰ এটা বিশাল ষ্টাৰ্ট-আপ বাতাবৰণ আছে। ইয়ে আমাৰ সামৰ্থ্য, আমাৰ উদ্যোগীসকলৰ উৎসাহক বহুলাংশে উদ্বুদ্ধ কৰিছে। তৰুণ প্ৰজন্মৰ কেতবোৰ ধাৰণ প্ৰকৃতাৰ্থতেই যুগান্তকাৰী।পৰামৰ্শ আগবঢ়াই তেওঁ কয় যে মহাবিদ্যালয়সমূহে উদ্যোগশীলতা বা নতুন-যুগৰ বাণিজ্যৰে সম্পৰ্কীয় আন পাঠ্যক্ৰম প্ৰৱৰ্তনৰ কথা চিন্তা-চৰ্চা কৰা উচিত। আমি যুৱ প্ৰজন্মৰ মনত খেলাই থকা অন্যন্য বৃত্তিগত প্ৰশিক্ষণ আৰু মূল্যায়ণ প্ৰক্ৰিয়াৰ কথাও ভাবিব পাৰো, তেওঁ লগতে কয়।

গ্ল’ৱেল ইন’ভেশ্যন ইনডেক্সত ভাৰতৰ স্থান ৫২ ৰপৰা ৪৮ লৈ উন্নীত হোৱাৰ প্ৰসংগ উত্থাপন কৰি, শ্ৰী গোয়েলে কয় “ভাৰতক প্ৰকৃতাৰ্থত উদ্ভাৱন কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আমি সকলোৱে একেলগে কাম কৰো আহক। আমাৰ এটা বিশাল ষ্টাৰ্টআপ বাতাবৰণ আছে। মোৰ কোনো সন্দেহ নাই যে উদ্যোগটোৰ উদ্দীপনাই ভাৰতত ব্যৱসায় কৰাতো সহজ আৰু সাধাৰণ কৰি তুলিবলৈ নতুন ধাৰণা আৰু প্ৰণালীৰে সক্ৰিয়তাৰে আগবাঢ়িবলৈ চৰকাৰখনকো উৎসাহিত কৰি তুলিব। পৃথিৱীৰ কোনো শক্তিয়ে জয়লাভৰপৰা আমাক ৰুদ্ধ কৰিব নোৱাৰে।”

ৰেলত উদ্ভাৱন সন্দৰ্ভত ব্যক্ত কৰি, শ্ৰী গোয়েলে কয় যে যোৱা ছয় বছৰে, আমাৰ ভাৰতীয় দবা নিৰ্মাণ কাৰখানাসমূহে পুৰণি দবা নিৰ্মাণ বন্ধ কৰাই নহয়, বৰঞ্চ আমি এতিয়া উৎকৃষ্ট এলএইচবি দবা নিৰ্মাণ কৰি আছো। ইয়াৰ ফলশ্ৰুতিত, যোৱা ১৭ টা মাহত, এজনো ৰেল যাত্ৰীৰ ৰেল দুৰ্ঘটনাত মৃত্যু হোৱা নাই।

শ্ৰী গোয়েলে কয় যে ষ্টাৰ্টআপ উদ্যোগৰ প্ৰকৃত ধাৰণাটো হৈছে প্ৰধানমন্ত্ৰীৰ। এইখিনিতে এটা চমু কাহিনী ব্যক্ত কৰি শ্ৰী গোয়েলে কয় যে যেতিয়া হাই-স্পীড ট্ৰেইনৰ বাবে ৰেলৱে ট্ৰেকৰ বেষ্টনীৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনা কৰা হৈছিল, তেতিয়া শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেলৱে ট্ৰেকৰ সৈতে সৌৰ প্ৰকল্পৰ নিলামৰ পৰামৰ্শ আগবঢ়াইছিল, যিয়ে সুলভ শক্তি, ব্যক্তিগত বিনিয়োগ, ট্ৰেকসমূহক সুৰক্ষিত আৰু ৰেলৱেক পৰিবেশ অনুকূল কৰি তোলাৰ পথ প্ৰশস্ত কৰি তুলিব।

শ্ৰী গোয়েলে জ্যেষ্ঠ ব্যৱসায়ীসকলক তেওঁলোকৰ নিজা পৰিয়াল বা ব্যৱসায়ৰে নহয় বৰঞ্চ নতুন যুগৰ আৰু যুৱ উদ্যোগীসকলৰো পৰামৰ্শদাতা হৈ উঠিবলৈ আহ্বান জনায়। তেওঁ কয় “মই তেওঁলোকক ইয়াৰ অৰ্থে সময় দিবলৈ আহ্বান জনাইছো। ইয়ে দৰাচলতেই যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি তুলিব।”

তেখেতে আত্মনিৰ্ভৰ ভাৰতক ভাৰতৰ নিজা সম্ভাৱনাৰ ওপৰত আত্ম-বিশ্লেষণৰ আৰম্ভণি বুলি ব্যক্ত কৰে। তেওঁ কয় যে নতুন ব্যৱসায়ৰ বাবে ভাৰতৰ অপাৰ সম্ভাৱনা আছে। তেওঁ কয় “আমি এই লক্ষ্যত উপনীত হ’বলৈ সকলোৱে সমন্বিতভাৱে কাম কৰিব লাগিব।”

**************

YB/AP/SB



(Release ID: 1651178) Visitor Counter : 144