পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

চলিত বৰ্ষৰ এপ্ৰিল-আগষ্টত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লক্ষ্য অতিক্ৰম পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ

প্ৰায় ২৭০০ কিমিৰ লক্ষ্যৰ বিপৰীতে ৩১০০ কিমিৰোধিক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ

যোৱা বৰ্ষৰ একে সময়ত ১৩০০ কিমিৰ বিপৰীতে চলিত বৰ্ষত ৩৩০০ কিমি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ

Posted On: 03 SEP 2020 5:17PM by PIB Guwahati

যোৱা সপ্তাহান্তিকলৈকে দেশখনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে লক্ষ্য অতিক্ৰম কৰিলে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে। চলিত বৰ্ষৰ এপ্ৰিলৰপৰা আগষ্টলৈকে উক্ত সময়ছোৱাত, এই সময়ছোৱাৰ বাবে লক্ষ্য নিৰ্ধাৰিত ২৭৭১ কিমিৰ বিপৰীতে ৩১৮১ কিমি দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা যায়। ইয়াৰ ভিতৰত আছে ৰাজ্যিক পিডব্লিউডিৰদ্বাৰা ২১০৪ কিমি, এনএইচএআইৰদ্বাৰা ৮৭৯ কিমি আৰু এনএইচআইডিচিএলৰদ্বাৰা ১৯৮ কিমি নিৰ্মাণ।

তদুপৰি, চলিত বৰ্ষৰ আগষ্টলৈকে ৩৩০০ কিমি দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠে, ইয়াৰ বিপৰীতে পূৰ্বৰ বছৰটোৰ একে সময়তে মাত্ৰ ১৩৬৭ কিমি পথ নিৰ্মাণ কৰা হৈছিল অৰ্থাৎ চলিত বৰ্ষত পূৰ্ববৰ্তী বৰ্ষটোৰ তুলনাত দুগুণতকৈয়ো অধিক নিৰ্মাণ সম্পন্ন হৈছে। ইয়াৰ ভিতৰত আছে ৰাজ্যিক পিডব্লিউডিৰদ্বাৰা ২১৬৭ কিমি, এনএইচএআইৰদ্বাৰা ৭৯৩ কিমি আৰু এনএইচআইডিচিএলৰদ্বাৰা ৩৪১ কিমি নিৰ্মাণ।

এই সময়ছোৱাত সমগ্ৰ দেশৰ ২৯৮৩ কিমি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰা হৈছিল। ইয়াৰ ভিতৰত আছে ৰাজ্যিক পিডব্লিউডিৰদ্বাৰা ১২৬৫ কিমি, এনএইচএআইৰদ্বাৰা ১১৮৩ কিমি আৰু এনএইচআইডিচিএলৰদ্বাৰা ৫৩৫ কিমি নিৰ্মাণ।

***

RCJ/MS/SB



(Release ID: 1651176) Visitor Counter : 199