প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীৰ ইউএছ-আইএছপিএফ ইউএছ-ভাৰত সন্মিলন ২০২০ত প্ৰদান কৰা মূল ভাষণৰ অসমীয়া লিখিত ৰূপ

Posted On: 03 SEP 2020 9:29PM by PIB Guwahati

ভাৰত আৰু আমেৰিকাৰ বিশিষ্ট অতিথিগণ,

নমস্কাৰ,

‘ইউএছ-ভাৰত কৌশলগত সহযোগিতা মঞ্চ (আইএছপিএফ)’ৰ দ্বাৰা আমেৰিকা ভাৰত শিখৰ সন্মিলন ২০২০ৰ বাবে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলক একেখন মঞ্চলৈ অনাটো নিশ্চিতভাৱে অভূতপূৰ্ব কাৰ্য হিচাপে বিবেচিত হৈছে৷ ভাৰত তথা আমেৰিকাক পৰস্পৰৰ অধিক কাষলৈ লৈ অনাত ‘ইউএছ-আইএছপিএফ’ৰ দ্বাৰা প্ৰণয়ন কৰা অৰ্থক প্ৰয়াস অত্যন্ত প্ৰশংসনীয় হৈছে৷

মই বিগত বহু বৰ্ষৰ পৰা জন চেম্বাৰ্ছৰ সৈতে পৰিচিত৷ ভাৰতৰ সৈতে তেওঁৰ সম্পৰ্ক অতিশয় গভীৰ৷ কিছু বছৰ পূৰ্বে তেওঁক ‘পদ্মশ্ৰী’ বঁটাৰে সন্মানিত কৰা হৈছিল৷

বন্ধুসকল,

এই বছৰৰ বিষয়বস্তু নিশ্চিতৰূপত অত্যন্ত প্ৰাসংগিক হৈছে- নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা৷ ২০২০ বৰ্ষৰ আৰম্ভণিতে কোনোবাই কল্পনা কৰিছিল নে এই বৰ্ষটো কেনেদৰে পাৰ হ’ব? এক বিশ্বজনীন মহামাৰীয়ে সকলোকে বেয়া ধৰণে প্ৰভাৱিত কৰিছে৷ ই আমাৰ সুদৃঢ়তা, আমাৰ সাৰ্বজনিক স্বাস্থ্য প্ৰণালী, আমাৰ আৰ্থিক প্ৰণালী এই সকলোবোৰৰে কঠোৰ পৰীক্ষা লৈ আছে৷

বৰ্তমানৰ পৰিস্থিতিত নতুন দৃষ্টিভংগীৰ অতিশয় আৱশ্যক৷ এনে এক দৃষ্টিভংগী য’ত বিকাশৰ প্ৰতি দৃষ্টিকোণ মানৱকেন্দ্ৰিক হওক, য’ত সকলোৰে মাজত সহযোগিতাৰ ভাৱনা প্ৰৱল হওক৷

বন্ধুসকল,

ভৱিষ্যতৰ যোজনা প্ৰস্তুত কৰাৰ সময়ত আমি আমাৰ ক্ষমতা বৃদ্ধি কৰাত, দুখীয়াক সুৰক্ষিত কৰাত আৰু ভৱিষ্যতে আমাৰ নাগৰিকসকলক ৰোগৰ পৰা ৰক্ষা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিব লাগে৷ ভাৰত এই পথত অগ্ৰসৰ হৈছে৷ লকডাউনৰ ব্যৱস্থা গ্ৰহণ কৰা দেশসমূহৰ ভিতৰত ভাৰতৰ নামো অন্তৰ্ভুক্ত হৈছে৷ ভাৰতো সেইসমূহ দেশৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে য’ত প্ৰথম সাৰ্বজনিক স্বাস্থ্য উপায় হিচাপে মাস্ক আৰু মুখৰ আৱৰণ ব্যৱহাৰ কৰাৰ বিষয়ে কোৱা হৈছিল৷ এয়াই নহয়, ভাৰতৰ দৰে কিছু সংখ্যক দেশেই সবাতোকৈ প্ৰথমে ‘সামাজিক ব্যৱধান বৰ্তাই ৰখাৰ’ বিষয়েও জন সজাগতা প্ৰচাৰ কৰিছিল৷ ভাৰতত অভিলেখ সময়ত চিকিৎসা সম্বন্ধীয় বুনিয়াদী আন্তঃগাঁথনি দ্ৰুত গতিত বৃদ্ধি কৰা হৈছে- সেয়া লাগিলে ক’ভিড চিকিৎসালয়েই হওক, আইচিইউৰ ব্যাপক ক্ষমতাই হওক, ইত্যাদি৷ জানুৱাৰীত মাত্ৰ এটা গৱেষণাগাৰ আছিল, এতিয়া আমাৰ দেশত প্ৰায় ষোল্লশটা গৱেষণাগাৰ আছে৷

এই আটাইবোৰ গুৰুত্বপূৰ্ণ প্ৰয়াসৰ উল্লেখযোগ্য পৰিণাম এয়াই যে ১.৩ কোটি লোক আৰু সীমিত সংসাধনৰ দেশ ভাৰতসহিতে কিছুমান দেশত প্ৰতি মিলিয়নত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতেই সৰ্বনিম্ন হৈছে৷ দেশত আৰোগ্য হোৱা ৰোগীৰ সংখ্যা নিৰন্তৰে বৃদ্ধি হ’বলৈ ধৰিছে৷ মই এই কথা সুখী অনুভৱ কৰিছো যে আমাৰ ব্যৱসায়িক সম্প্ৰদায়, বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকল এই দিশত অত্যন্ত সক্ৰিয় হৈ পৰিছে৷ প্ৰায় ন্যূনতম সংসাধনৰ সৈতে আৰম্ভ কৰা আমাৰ ব্যৱসায়ীসকলে ভাৰতক বিশ্বৰ ভিতৰতে পিপিই কিট নিৰ্মাণৰ বৃহৎ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে৷

এয়া দৰাচলতে অত্যন্ত শক্তিশালীভাৱে উদ্ভাসিত হোৱাৰ বাবে ‘প্ৰত্যাহ্বানকো প্ৰত্যাহ্বান দিয়া’ৰ ভাৰতৰ অন্তৰ্নিহিত ভাৱনাক প্ৰতিফলিত কৰি তুলিছে৷ বিগত কিছু মাহত দেশে ক’ভিডৰ সৈতে বানপানী, দুবাৰ ঘূৰ্ণী বতাহ, ফৰিঙৰ আক্ৰমণৰ দৰে অন্য সংকটৰো সন্মুখীন হ’বলগীয়া হৈছে৷ কিন্তু এই সংকটসমূহে জনসাধাৰণৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে৷ 

বন্ধুসকল,

ক’ভিড-১৯ আৰু লকডাউনৰ সমগ্ৰ সময়ছোৱা ভাৰত চৰকাৰে এটা কথাতেই দৃঢ়ভাৱে লাগি ধৰিছিল আৰু সেয়া হ’ল যিকোনো অৱস্থাতেই দুখীয়াক ৰক্ষা কৰিব লাগিব৷ ভাৰতত দুখীয়াসকলৰ বাবে প্ৰণয়ন কৰা ‘প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনা’ সমগ্ৰ বিশ্বতেই যিকোনো স্থানত আৰম্ভ কৰা সাহায্যমূলক বৃহৎ আঁচনিসমূহৰ ভিতৰত অন্যতম৷ ৮০০ মিলিয়ন লোকক বিনামূলীয়াকৈ খাদ্য-শস্যৰ যোগান ধৰা হৈছে৷ এই যোজনা ৮ মাহ জুৰি নিৰন্তৰে চলাই অহা হৈছে৷ ৮০০ মিলিয়ন লোকৰ অৰ্থ হ’ল সংযুক্ত ৰাজ্য আমেৰিকাৰ মুঠ জনসংখ্যাৰ দুগুণতকৈও অধিক৷ প্ৰায় ৮০ মিলিয়ন পৰিয়ালক বিনামূলীয়াকৈ ৰন্ধন গেছৰ যোগান ধৰা হৈছে৷ প্ৰায় ৩৪৫ মিলিয়ন কৃষক আৰু অভাৱগ্ৰস্ত লোকক নগদ সাহায্য প্ৰদান কৰা হৈছে৷ এই যোজনাই প্ৰায় ২০০ মিলিয়ন কৰ্ম দিনৰ সৃষ্টি কৰি প্ৰব্ৰজক শ্ৰমিকসকলক প্ৰয়োজনীয় কৰ্ম সংস্থাপন প্ৰদান কৰিছে৷

বন্ধুসকল,

মহামাৰীবিধে বিভিন্ন ক্ষেত্ৰক প্ৰভাৱিত কৰিছে৷ কিন্তু ইয়াৰ দ্বাৰা ১.৩ কোটি ভাৰতীয়ৰ আকাংক্ষা আৰু মহত্বকাংক্ষাত কোনো প্ৰভাৱ পৰা নাই৷ শেহতীয়া মাহকেইটাইত দূৰগামী সংস্কাৰ সাধন হৈছে৷ এই সমূহৰ ভিতৰত ব্যৱসায়সমূহৰ সৰলীকৰণ কৰা আৰু ৰঙা ফিটাৰ মেৰপেচ হ্ৰাস কৰাও আদিও অন্তৰ্ভুক্ত আছে৷ বিশ্বৰ সবাতোকৈ বৃহৎ আৱাসিক কাৰ্যসূচীৰ ওপৰত সক্ৰিয়তাৰে কাম হ’বলৈ ধৰিছে৷ অক্ষয় শক্তিৰ প্ৰসাৰণৰ ওপৰত কাম চলি আছে৷ ৰে’ল, পথ আৰু বায়ু যোগাযোগ পথৰ সংখ্যা বৃদ্ধি কৰা হৈছে৷ আমাৰ দেশে এক ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ স্থাপনৰ বাবে এক বিশেষ ডিজিটেল মডেল প্ৰস্তুত কৰি আছে৷ আমি কোটি কোটি লোকক বেংকিং, ঋণ, ডিজিটেল লেনদেন আৰু বীমাৰ সেৱা উপলব্ধ কৰোৱাৰ বাবে সৰ্বশ্ৰেষ্ঠ ফিনটেক (বিত্তীয় প্ৰযুক্তি)ৰ ব্যৱহাৰ কৰি আছো৷  এই আটাইবোৰ পদক্ষেপ বিশ্বজনীন পৰ্যায়ৰ প্ৰযুক্তি আৰু সৰ্বশ্ৰেষ্ঠ বিশ্বজনীন প্ৰণালীসমূহ ব্যৱহাৰ কৰি সম্পন্ন কৰা হৈছে৷

বন্ধুসকল,

এই মহামাৰীয়ে বিশ্বজনীন চাহিদা শৃংখলৰ বিকাশৰ সৈতে জড়িত সিদ্ধান্ত কেৱল ব্যয়ৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগে বুলি বিশ্ববাসীক শিকনি দিছে৷ কেতিয়াবা বিশ্বাসৰ আধাৰৰ ওপৰতো আগবাঢ়িব লাগে৷ ভৌগোলিক ক্ষেত্ৰৰ সামৰ্থৰ সৈতে উদ্যোগসমূহে বিশ্বাসযোগ্যতা আৰু নীতিগত স্থায়ীত্বৰ ওপৰতো চিন্তা-চৰ্চা কৰিছে৷ ভাৰতেই এনে এক স্থান য’ত এই আটাইবোৰ বিশেষত্ব বিদ্যমান আছে৷

ফলস্বৰূপে, ভাৰত বিদেশী বিনিয়োগকাৰীসকলৰ বাবে অগ্ৰণী স্থানসমূহৰ ভিতৰত অন্যতম হিচাপে বিবেচিত হৈছে৷ সেয়া লাগিলে আমেৰিকাই হওক অথবা গাল্ফ দেশেই হওক, ইউৰোপেই হওক অথবা অষ্ট্ৰেলিয়াই হওক- বিশ্বই আমাৰ ওপৰত বিশ্বাস কৰিছে৷ এই বৰ্ষত আমি ২০ বিলিয়ন ডলাৰৰ বিদেশী বিনিয়োগৰ প্ৰবহন লাভ কৰিছো৷ গুগল, এমাজন আৰু মুবাডালা ইনভেষ্টমেণ্টে ভাৰতৰ বাবে দীৰ্ঘকালীন যোজনাৰ ঘোষণা কৰিছে৷

বন্ধুসকল,

ভাৰতে এক পাৰদৰ্শী আৰু পূৰ্ব অনুমানিত কৰ ব্যৱস্থা প্ৰণয়ন কৰিছে৷ আমাৰ ব্যৱস্থাই নিষ্ঠাৱান কৰদাতাসকলক উৎসাহিত কৰে আৰু সমৰ্থন প্ৰদান কৰে৷ আমাৰ জিএছটি হ’ল এক একীকৃত, পূৰ্ণ ৰূপত প্ৰযুক্তি সমৰ্থিত অপ্ৰত্যক্ষ কৰ ব্যৱস্থা৷ দেওলীয়া আৰু শোধন অক্ষমতা সংহিতাৰ দ্বাৰা সমগ্ৰ বিত্তীয় ব্যৱস্থাৰ বাবে ক্ষতিশংকা হ্ৰাস হৈছে৷ আমাৰ ব্যাপক শ্ৰম সংস্কাৰৰ দ্বাৰা নিয়োগকৰ্তাৰ বাবে অনুপালনৰ বোজা কম হৈছে৷ ইয়াৰ দ্বাৰা ব্যৱসায়ীসকলে সামাজিক সুৰক্ষাও লাভ কৰিছে৷

বন্ধুসকল,

বিকাশক গতি প্ৰদান কৰাত বিনিয়োগকাৰীৰ গুৰুত্ব কম বুলি উলাই কৰিব নোৱাৰি৷ আমি চাহিদা আৰু ব্যয় দুয়োটা পক্ষতে দৃষ্টি নিৱদ্ধ কৰিছো৷ ভাৰতক বিশ্বৰ ভিতৰতে সবাতোকৈ কম কৰযুক্ত দেশ হিচাপে গঢ়ি তুলিবলৈ তথা নিৰ্মাণ পৰিকাঠামোক উৎসাহ প্ৰদান কৰাৰ দিশত অগ্ৰসৰ হৈছো৷ নাগৰিকসকলৰ বাবে অনিবাৰ্য ই-প্লেটফ’ৰ্মভিত্তিক ‘ফে’চলেচ এছেছমেণ্ট’ এক দূৰদৰ্শী পদক্ষেপ হিচাপে বিবেচিত হ’ব৷ কৰদাতা চাৰ্টাৰো এই দিশতেই গ্ৰহণ কৰা পদক্ষেপসমূহৰ ভিতৰত অন্যতম৷ বণ্ড বজাৰত জাৰি কৰা নিয়ামক সংক্ৰান্তীয় সংস্কাৰত বিনিয়োগকাৰীৰ বাবে সুবিধা প্ৰদান কৰা হৈছে৷ বুনিয়াদী গাঁথনি ক্ষেত্ৰত বিনিয়োগৰ বাবে ‘Sovereign Wealth Funds’ আৰু ‘Pension Funds’ত কৰ হ্ৰাস কৰা হৈছে৷ ২০১৯ চনত ভাৰতত এফডিআইত ২০ শতাংশ বৃ্দ্ধি হৈছে৷ এই বৃদ্ধি এই কাৰণেই গুৰুত্বপূৰ্ণ কিয়নো বিশ্বজনীন এফডিআই প্ৰবহনত ১ শতাংশ হ্ৰাস হৈছে৷ ইয়াৰ জৰিয়তে আমাৰ এফডিআই ব্যৱস্থাৰ সফলতাৰ বিষয়ে গম পোৱা যায়৷ উপৰোক্ত সকলো প্ৰয়াসৰ দ্বাৰা এক উজ্বল আৰু অধিক সমৃদ্ধ ভৱিষ্যত সুনিশ্চিত হ’ব৷ ই শক্তিশালী বিশ্বজনীন অৰ্থ ব্যৱস্থাতো নিজৰ অৱদান আগবঢ়াব৷

বন্ধুসকল,

১.৩ কোটি ভাৰতীয়ক ‘আত্মনিৰ্ভৰ ভাৰত’ হিচাপে গঢ়ি তুলিবলৈ এক অভিযানত জড়িত কৰোৱা হৈছে৷ ‘আত্মনিৰ্ভৰ ভাৰতে’ স্থানীয় সামগ্ৰীক বিশ্বৰ সৈতে সংযুক্ত কৰে৷ ইয়াৰ দ্বাৰা গ্ল’বেল ফ’ৰ্চ মাল্টিপ্লায়াৰৰ হিচাপত ভাৰতৰ শক্তি সুনিশ্চিত হ’ব৷ সময়ৰ সৈতে বিশ্বজনীন হিতেই আমাৰ লক্ষ্য বুলি ভাৰতে প্ৰদৰ্শিত কৰিছে৷ আমাৰ ব্যাপক স্থানীয় আৱশ্যকতাসমূহৰ উপৰিও আমি আমাৰ বিশ্বজনীন দায়িত্ব পালন কৰাত সংকোচ কৰা নাই৷ আমি বিশ্বত জেনেৰিক ঔষধৰ সবাতোকৈ বৃহৎ উৎপাদক হিচাপে নিজৰ দায়িত্ব পালন কৰিছো৷ আমি বিশ্বত নিৰন্তৰে ইয়াৰ চাহিদা সুনিশ্চিত কৰিছো৷ আমি ক’ভিড-১৯ৰ বাবে প্ৰতিষেধক সন্ধানৰ দিশতো অগ্ৰণী ভূমিকা পালন কৰিছো৷ এক আত্মনিৰ্ভৰ আৰু শান্তিপূৰ্ণ ভাৰতে এক উন্নত বিশ্বৰ সুনিশ্চিত কৰে৷

‘আত্মনিৰ্ভৰ ভাৰত’ৰ অৰ্থ ভাৰতক নিষ্ক্ৰিয় বজাৰৰ পৰা বিশ্বজনীন মূল্য শৃংখলৰ মাজত সক্ৰিয় নিৰ্মাণ কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰা৷

বন্ধুসকল,

সন্মুখৰ পথ সুযোগেৰে ভৰা৷ এই সুযোগ সাৰ্বজনিক আৰু ব্যক্তিগতখণ্ডতো বিদ্যমান৷ ইয়াৰে ভিতৰত মুখ্য আৰ্থিক ক্ষেত্ৰৰ সৈতে সামাজিক ক্ষেত্ৰও আহে৷ অলপতে কয়লা, খনি, ৰে’লৱে, প্ৰতিৰক্ষা, মহাকাশ আৰু পৰমাণু শক্তিসহিতে বহু ক্ষেত্ৰ মুকলি কৰি দিয়া হৈছে৷

ম’বাইল তথা ইলেক্ট্ৰনিকছ, চিকিৎসা সামগ্ৰী, ফাৰ্মা ক্ষেত্ৰৰ বাবে উৎপাদন সম্বন্ধীয় উৎসাহ যোজনা আৰম্ভ কৰা হৈছে, ইয়াৰ প্ৰতি যথেষ্ট উৎসাহ দেখা গৈছে৷ অন্য চেম্পিয়ন ক্ষেত্ৰসমূহৰ বাবেও এনেকুৱা যোজনা প্ৰস্তুত কৰা হৈছে৷ কৃষি বিপণনৰ সংস্কাৰ কৰা হৈছে আৰু ১৪ বিলিয়ন ডলাৰৰ কৃষি বিত্তপোষণ সুবিধাৰ দ্বাৰা বৃহৎ সংখ্যাত অৱকাশসমূহ সন্মুখলৈ আহিছে৷

বন্ধুসকল,

ভাৰতত বিদ্যমান প্ৰত্যাহ্বানৰ বাবে আপোনালোকৰ ওচৰত এনে এক চৰকাৰ আছে যি ফলাফল প্ৰদান কৰাত বিশ্বাসী৷  এই চৰকাৰৰ বাবে ইজ অব্ লিভিং সিমানেই গুৰুত্বপূৰ্ণ যিমান ইজ অব্ ডুয়িং বিজনেছ গুৰুত্বপূৰ্ণ৷ আপোনালোকে এনে এক যুৱ দেশ প্ৰত্যক্ষ কৰিছে য’ত ৬৫ শতাংশ জনসংখ্যাৰ বয়স ৩৫ বছৰতকৈও কম৷ আপোনালোকে এক আকাংক্ষী দেশক প্ৰত্যক্ষ কৰিছে যিয়ে নিজকে নতুন উচ্চতালৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এয়া সেইটোৱেই সময় য’ত আমি স্বতন্ত্ৰতাৰ ৭৫তম বৰ্ষত প্ৰৱেশ কৰিছো৷ আপোনালোকে এনে এক দেশক প্ৰত্যক্ষ কৰিছে য’ত ৰাজনৈতিক স্থায়ীত্ব আৰু নীতিগত নিৰন্তৰতা আছে৷ আপোনালোকে এনে এক দেশক প্ৰত্যক্ষ কৰিছে যি গণতন্ত্ৰ আৰু বৈচিত্ৰতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷

আহক, আমাৰ সৈতে এই যাত্ৰাৰ অংশীদাৰ হওক৷

আপোনালোকক ধন্যবাদ৷

অশেষ ধন্যবাদ৷

******

VRRK/VJ/MANN



(Release ID: 1651170) Visitor Counter : 185