ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

‘প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধী পৰিযোজনা’(পিএমবিজেপি)ৰ অধীনত প্ৰস্তুত কৰি উলিওৱা শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা উদ্দীপক ৮বিধ পৌষ্টিক ঔষধ ‘জন ঔষধী কেন্দ্ৰ’ৰ জৰিয়তে বিপণনৰ বাবে মুকলি কৰিলে শ্ৰী সদানন্দ গৌড়াই

Posted On: 03 SEP 2020 4:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধী পৰিযোজনা(পিএমবিজেপি)ৰ অধীনত প্ৰস্তুত কৰি উলিওৱা  শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা উদ্দীপক ৮বিধ পৌষ্টিক ঔষধ দেশৰ জনঔষধী কেন্দ্ৰসমূহৰ জৰিয়তে বিপণনৰ বাবে আনুষ্ঠানিক ভাবে মুকলি কৰে কেন্দ্ৰীয় ৰসায়ণ আৰু সাৰ বিভাগৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই। 

এই সন্দৰ্ভত আয়োজন কৰা সভাত ভাষণ দি শ্ৰী গৌড়াই কয় যে আজি মুকলি কৰা পৌষ্টিক ঔষধীকেইটাই সম্প্ৰতি চলি থকা কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিশেষ তাতপৰ্য বহণ কৰিব। এইকেইবিধ ঔষধে দেশৰ সৰ্বসাধাৰণ ৰাইজৰ শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰাত বাৰুকৈয়ে সহায় আগবঢ়াব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। একে শ্ৰেণীৰ ঔষধীসমূহৰ সৈতে সম মানবিশিষ্ট যদিও দামৰ ক্ষেত্ৰত পিচে এইকেইবিধ ঔষধী পিচে প্ৰায় ২৬শতাংশৰে সস্তা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। দেশৰ প্ৰান্তে প্ৰান্তে থকা জনঔষধী কেন্দ্ৰ বিশাল শৃংখলৰ জৰিয়তে এইকেইবিধ প্ৰটিনযুক্ত পৌষ্টিক ঔষধ দেশৰ বিশাল সংখ্যক ৰাইজৰ কাষ পাবগৈ বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। সৰ্ব-সাধাৰণ ৰাইজৰ সামগ্ৰিক স্বাস্থ্য আৰু পুষ্টি বৰ্দ্ধনৰ বাবে চৰকাৰে অৱশ্যে কেতবোৰ প্ৰটিনযুক্ত পথ্য, মল্ট-বেছড পুষ্টিকৰ পানীয়, ৰোগ প্ৰতিৰোধী ক্ষমতা উদ্দীপক দ্ৰব্য বিতৰণ কৰি আহিছে।

দেশৰ বিভিন্ন প্ৰান্তত থকা ৬৫০০খন জন-ঔষধী কেন্দ্ৰলৈ ঔষধ বিচাৰি প্ৰতিদিনে প্ৰায় ১ নিযুত লোকৰ আগমণ ঘটে বুলি তথ্য দাঙি ধৰে মন্ত্ৰী শ্ৰী গৌড়াই। জেনেৰিক আৰু সৰ্বসাধাৰণ ৰাইজৰ বাবে ব্যয়সাধ্য দামত ঔষধ ক্ৰয় কৰিব পৰা এইসমূহ কেন্দ্ৰ এতিয়া মধুমেহ, ৰক্তচাপ, মনৰোগৰ দৰে ক্ৰনিক ৰোগত আক্ৰান্তৰ বাবে বিশেষ সকাহৰ কাৰণ হৈ উঠিছে। জনঔষধী কেন্দ্ৰৰ আঁচনিখন যদিও  ২০০৮চনতে মুকলি কৰা হৈছিল পিচে ২০১৬চন পৰ্যন্ত দেশত মাত্ৰ ৯৯টা কেন্দ্ৰইহে কাম-কাজ চলাই আহিছিল। পৰৱৰ্তি সময়ত প্ৰধানমন্ত্ৰীৰ বিশেষ তত্পৰতাৰে এই আঁচনিখন পুনৰুজ্জীৱিত কৰা হয় আৰু তথ্য-প্ৰযুক্তিকে ধৰি সকলো আধুনিক বিধি-ব্যৱস্থাৰ সংযোজনৰে ২০১৭চনত কেন্দ্ৰসমূহ পুনৰ মুকলি কৰা হয়। আজিৰ তাৰিখত দেশৰ ৭৩৪খন জিলাৰ ৭৩২খনকে সামৰি মুঠ ৬৫৮৭টা কেন্দ্ৰই কাম-কাজ অব্যাহত ৰাখিছে।

ক্ৰমিক

নং

ঔষধৰ

নাম

পেকৰ

আকাৰ

পিএমবিজেপি ৰ দাম(Rs.)

অগ্ৰণী ৩টা ব্ৰেণ্ডৰ গড়

দাম (Rs.)

লাভ(শতাংশ হিচাপত)

1

মল্টযুক্ত

জন ঔষধী পোষণ

৫০০গ্ৰামৰ

প্লাষ্টিক

জাৰ

175

236

26%

2

ককোৱাৰে সৈতে মল্টযুক্ত

জন ঔষধী পোষণ

 

৫০০গ্ৰামৰ

প্লাষ্টিক

জাৰ

180

243

26%

3

প্ৰটিন পাউডাৰ(চকলেট)

২৫০গ্ৰামৰ

টিন

200

380

47%

4

প্ৰটিন পাউডাৰ(ভেনিলা)

২৫০গ্ৰামৰ

টিন

200

380

47%

5

প্ৰটিন পাউডাৰ(কেশৰ-পিষ্টা)

২৫০গ্ৰামৰ

টিন

200

380

47%

6

জন ঔষধী

জননী

২৫০গ্ৰামৰ

টিন

225

300

25%

7

প্ৰটিন বাৰ

৩৫ গ্ৰাম

40

80

50%

8

জন ঔষধী

ইমিউনিটী বাৰ

১০ গ্ৰাম

10

20

50%

 

 

 



(Release ID: 1651161) Visitor Counter : 238