স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

জটিলতাৰ হাৰ ১.৭৬% ৰে বিশ্বৰ ভিতৰতে নিম্নতমসমূহৰ অন্যতম স্থানত ভাৰত

আইচিইউত ক’ভিড ৰোগীৰ নিদানিক ব্যৱস্থাপনা উন্নত কৰিবৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিলে ‘সততে সোধা প্ৰশ্নাৱলী

Posted On: 02 SEP 2020 12:35PM by PIB Guwahati

বিশ্বৰ অন্যান্য দেশৰ তুলনাত ভাৰতত ক’ভিডত মৃত্যু হাৰ যথেষ্ট কম। বিশ্বৰ অন্যান্য দেশত যিটো পৰিস্থিতিত কৰোনাত মৃত্যু হৈছে ৩.৩ শতাংশ লোকৰ, তেনেস্থলত ভাৰতত মৃত্যুৰ হাৰ ১.৭৬ শতাংশ।

ভাৰতত প্ৰতি ১০ লাখ জনসংখ্যাৰ বিপৰীতে মৃত্যু হাৰ বিশ্বৰ অন্যান্য দেশৰ তুলনাত আটাইতকৈ কম। বিশ্বৰ অন্যান্য দেশত প্ৰতি ১০ লাখত ১১০ জন লোকৰ মৃত্যু হৈছে, তাৰ পৰিৱৰ্তে ভাৰতত মৃত্যু হৈছে মাত্ৰ ৪৮ জনৰ। ব্ৰাজিল, মাৰ্কিন যুক্তৰাষ্ট্ৰত মৃত্যুৰ হাৰ ভাৰতৰ তুলনায় ১২-১৩ গুণ অধিক।

ক’ভিডৰ মোকাবিলাত কেন্দ্ৰীয় চৰকাৰে যথেষ্ট তৎপৰতা গ্ৰহণ কৰিছে। ক’ভিড আক্ৰান্ত লোকসকলক উন্নত মানৰ চিকিৎসা ব্যৱস্থা প্ৰদানৰ ফলত দেশত মৃত্যুৰ হাৰ প্ৰতিদিনে হ্ৰাস পাইছে। কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য চৰকাৰসমূহৰ সহযোগিতাত দেশত স্বাস্থ্য সেৱা তীব্ৰতৰ কৰি তোলা হৈছে। ভাৰতত ১ হাজাৰ ৫৭৮ খন ক’ভিড হাস্পতাল আছে, য’ত উন্নত মানৰ ক’ভিড চিকিৎসা ব্যৱস্থা আছে। কেন্দ্ৰীয় চৰকাৰে দেশত ক’ভিড চিকিৎসা ব্যৱস্থাৰ বাবে সুনিৰ্দিষ্ট নিৰ্দেশিকা জাৰি কৰিছে। আইচিইউ চিকিৎসকসকলৰ দক্ষতা বৃদ্ধিত এক অন্যন্য উদ্যোগ গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত, ৰোগীৰ মৃত্যুৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে। তাৰ লগে লগে ক্লিনিকেল ব্যৱস্থাপনাত ই-আইচিইউ সেৱা আৰম্ভ কৰা হৈছে নতুন দিল্লীৰ এইমছ হাস্পতালত।

সপ্তাহত দুদিন ক্ৰমে মঙল আৰু শুক্ৰবাৰে টেলি-ভিডিঅ’ কনছালটেশ্যনৰ মাধ্যমেৰে হাস্পতালত আইচিইউ পৰিচালনাৰ বাবে চিকিৎসকসকলৰ বিশেষ দক্ষতা বৃদ্ধিৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। বিগত ৮ জুলাইৰ পৰা এই বিশেষ প্ৰশিক্ষণ পৰ্ব আৰম্ভ হৈছে। ইয়াৰ ভিতৰত ১৭ টা টেলি-ছেশ্যন আয়োজিত হৈছে। ২০৪ টা চিকিৎসা প্ৰতিষ্ঠানে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।

আইচিইউ-ক্লিনিকেল পৰিচালনা ব্যৱস্থাত দক্ষতা বৃদ্ধিত স্বাস্থ্য মন্ত্ৰালয়ৰ সহযোগিতাত নতুন দিল্লীৰ এইমছ হাস্পতালে ক’ভিড-১৯ সংক্ৰান্তীয় ভালেমান প্ৰশ্নোত্তৰৰো ব্যৱস্থা কৰিছে। কিদৰে ই-আইচিইউ পৰিচালনা কৰা হয়, আইচিইউত ক’ভিড ৰোগীসকলৰ কেনেদৰে যত্ন লোৱা হয়, হাইড্ৰ’ক্সিক্লোৰোকুইন কেকনেদৰে প্ৰয়োগ কৰা উচিত, ক’ভিডত হঠাৎ মৃত্যু হ’লে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দৰকাৰ, প্লাজমা থেৰাপী কেনেদৰে কৰিব লাগে ইত্যাদি নানা বিষয়ৰ ওপৰত নানা প্ৰশ্নৰ উত্তৰ দিছে এইমছ কৰ্তৃপক্ষই। এই আটাইবোৰ প্ৰশ্নোত্তৰ বিস্তাৰিতভাৱে জানিবৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ https://www.mohfw.gov.in/pdf/AIIMSeICUsFAQs01SEP.pdf    লিংকটো ক্লিক কৰিব পাৰে।

 

 

****

MV/SJ/RD



(Release ID: 1650885) Visitor Counter : 196