জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই কাইলৈ ৰাষ্ট্ৰীয় জনজাতি গৱেষণা সন্মিলনৰ মুকলি কৰিব, ৩ আৰু ৪ ছেপ্টেম্বৰ ২০২০ তাৰিখে দুদিনীয়াকৈ ভাৰ্চুৱেলি অনুষ্ঠিত হ’ব এই সন্মিলন

Posted On: 02 SEP 2020 6:35PM by PIB Guwahati

জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই কাইলৈ দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় জনজাতি গৱেষণা সন্মিলনৰ মুকলি কৰিব৷ এই সন্মিলনৰ আয়োজন কৰি জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু ইণ্ডিয়ান ইনষ্টিটিউট অব্ পাব্লিক এডমিনিষ্ট্ৰেচন (আইআইপিএ)য়ে৷  এই সন্মিলনত ৰাজ্যিক জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী ৰেণুকা সিং সৰুতাইও অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব৷ এয়া এইধৰণৰ দ্বিতীয়খন কৰ্মশালা হিচাপে বিবেচিতক হৈছে৷ প্ৰথমখন কৰ্মশালা জানুৱাৰী ২০২০ত আয়োজন কৰা হৈছিল৷

আইআইপিএয়ে ট্ৰাইবেল টেলেণ্ট পুলৰ ওপৰত কাম কৰি আছে আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে টিআৰআইৰ সহযোগিতা শক্তিশালী কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ এই দুদিনীয়া কৰ্মশালাত পৌৰহিত্য কৰিব শ্ৰী অৰ্জুন মুণ্ডাই৷ সন্মিলনখনত দহটা গৱেষণা সহযোগীয়ে তেওঁলোকৰ প্ৰকল্প উত্থাপন কৰিব৷ ৰাষ্ট্ৰীয় জনজাতি গৱেষণা প্ৰতিষ্ঠানৰ ৰোডমেপো বিনিময় কৰা হ’ব৷ 

 

*****

NB/SK/UD/MANN



(Release ID: 1650872) Visitor Counter : 121