প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ ইউএছআইএছপিএফৰ তৃতীয় বাৰ্ষিক লিডাৰশ্বিপ ছামিটত বিশেষ মুল ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

Posted On: 02 SEP 2020 10:57AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ছেপ্টেম্বৰ, ২০২০ৰ সন্ধিয়া ৯ বজাত ভিডিঅকনফাৰেন্সিংযোগে ইউএছআইএছপিএফৰ তৃতীয় বাৰ্ষিক লিডাৰশ্বিপ ছামিটত বিশেষ মুল ভাষণ আগবঢ়াব৷

ভাৰত-মাৰ্কিন কৌশলগত অংশীদাৰিত্ব মঞ্চ(ইউএছআইএছপিএফ) হৈ এটা লাভহীন সংস্থা, যিটোৱে ভাৰত আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাজত অংশীদাৰিত্বৰ বাবে কাম কৰে৷

যোৱা ৩১ আগষ্টত আৰম্ভ হোৱা দিনীয়া সন্মিলনৰ বিষয়বস্তু হৈছে নতুন প্ৰত্যাহ্বান মোকাবিলা কৰাৰ দিশে ভাৰত-মাৰ্কিন যুক্তৰাষ্ট্ৰ

এই বিষয়বস্তুৱে ভাৰত বিশ্বৰ নিৰ্মাণ খণ্ডৰ কেন্দ্ৰস্থলত পৰিণত হোৱা, ভাৰতৰ গেছ বজাৰৰ সুযোগ, সহজ ব্যৱসায়ৰ পৰিৱেশৰ জৰিয়তে এফডিআইৰ আকৰ্ষণ, মহাকাশ প্ৰযুক্তি সাধাৰণ সুযোগ আৰু প্ৰত্যাহ্বান, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অৰ্থনৈতিক বিষয়, জনস্বাস্থ্য খণ্ডত উদ্ভাৱনকে ধৰি অন্যান্য বিষয়বোৰ সামৰি লৈছে৷

এই ভাৰ্চুৱেল অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীবৰ্গৰ লগতে একাংশ জ্যেষ্ঠ বিষয়াইও অংশগ্ৰহণ কৰিব৷

***

VRRK/VK/DB



(Release ID: 1650582) Visitor Counter : 179