গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

এক দেশ এক ৰেচন কাৰ্ড ব্যৱস্থাত অব্যাহত থকা ৰাষ্ট্ৰীয় বহনযোগ্যতা ক্লাষ্টাৰত অংশভুক্ত হল লাডাখ আৰু লাক্ষাদ্বীপ

২৬ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰব্ৰজিত পিডিএছ হিতাধিকাৰীয়ে এতিয়া তেওঁলোকৰ পছন্দৰ যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা ৰাজসাহায্যযুক্ত খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব

Posted On: 01 SEP 2020 4:37PM by PIB Guwahati

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ মন্ত্ৰী  শ্ৰী ৰাম বিলাস পাছোৱানে শেহতীয়াভাৱে এক দেশ এক ৰেচন কাৰ্ড ব্যৱস্থা বাস্তৱায়নৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰিছে। ২৪ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই ব্যৱস্থাৰ সুবিধা উপলব্ধ। লাডাখ আৰু লাক্ষাদ্বীপ-এই দুই কেন্দ্ৰীয় শাসিত অঞ্চলত এই ব্যৱস্থা উপলব্ধ কৰোৱাৰ বাবে সকলো প্ৰক্ৰিয়া সম্পন্ন হৈছে। ইয়াৰ ফলত দেশৰ ২৬ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই ব্যৱস্থা আৰম্ভ হল। ১ছেপ্টেম্বৰৰ পৰা লাডাখ আৰু লাক্ষাদ্বীপত ৰাজহুৱা বিতৰণ ব্যৱস্থাত এক দেশ এক ৰেচন কাৰ্ড পদ্ধতি আৰম্ভ হল।

 

ইয়াৰ ফলত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৮০শতাংশ হিতাধিকাৰী অৰ্থাত্ অন্ধ্ৰ প্ৰদেশ, বিহাৰ, দাদৰা-নগৰ হাভেলী আৰু দমন দিউ, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, জন্মু-কাশ্মীৰ,ঝাৰখণ্ড, কৰ্ণাটক,কেৰালা, লাডাখ, লাক্ষাদ্বীপ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, মিজোৰাম, নগালেণ্ড, ওড়িষা, পঞ্জাৱ, ৰাজস্থান, ছিকিম, তেলেংগানা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত এই প্ৰক্ৰিয়াৰ জৰিয়তে সুবিধা লাভ কৰিব।

 

কেন্দ্ৰৰ এক দেশ এক ৰেচন কাৰ্ড ব্যৱস্থাৰ মূল উদ্দেশ্য হল ২০১৩ চনৰ ৰাষ্ট্ৰীয় খাদ্য আইনৰ সকলো হিতাধিকাৰীয়ে দেশৰ যিকোনো প্ৰান্তত তেওঁলোকৰ প্ৰাপ্য ৰেচন সুসংহত ব্যৱস্থাপনাৰ জৰিয়তে সংগ্ৰহ কৰিব পাৰিব। এই ব্যৱস্থাৰ ফলত যিসকল লোকে জীৱিকাৰ সন্ধানত এক স্থানৰ পৰা আন এক স্থানলৈ অহা-যোৱা কৰে তেওঁলোকৰ সুবিধা হব। তেওঁলোকে দেশৰ যিকোনো স্থানৰ পৰা যিকোনো সুলভ মূল্যৰ দোকানৰ পৰা খাদ্য সামগ্ৰী ক্ৰয় কৰিব পাৰিব। ইয়াৰ বাবে উক্ত দোকানত বৈদ্যুতিক পইণ্ট অফ চেল মেচিনৰ জৰিয়তে আধাৰ-ভিত্তিক ব্যৱস্থাপনাত তেওঁলোকে তেওঁলোকৰ কাৰ্ডৰ জৰিয়তে এই খাদ্য সামগ্ৰী সংগ্ৰহ কৰিব পাৰিব।  

 

 

 ***************************************************************

APS/SG/MS/KG



(Release ID: 1650539) Visitor Counter : 188