পৰ্যটন মন্ত্ৰালয়

দেখো অপনা দেশ ৱেবিনাৰ ছিৰিজৰ অধীনত হাম্পি-অতীতৰ প্ৰেৰণা লৈ ভৱিষ্যতলৈ যাত্ৰা শীৰ্ষক এক ৱেনিনাৰ আয়োজন কৰিলে পৰ্যটন মন্ত্ৰালয়ে

Posted On: 31 AUG 2020 1:59PM by PIB Guwahati

পৰ্যটন মন্ত্ৰালয়ে ২৯ আগষ্ট, ২০২০ত দেখো অপনা দেশ ৱেবিনাৰ ছিৰিজৰ অধীনত হাম্পি-অতীতৰ প্ৰেৰণা লৈ ভৱিষ্যতলৈ যাত্ৰা শীৰ্ষক এক ৱেনিনাৰ আয়োজন কৰে৷ এই ৱেবিনাৰত ঐতিহাসিক স্থান আৰু পৰ্যটন স্থলী হিচাপে হাম্পিক গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সামাজিক, আৰ্থিক আৰু পৰিৱেশগত দিশৰ সামৰি লোৱাকৈ এক সংহত দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ দেখো অপনা দেশ ৱেবিনাৰ ছিৰিজত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত ভাৰতৰ চহকী বৈচিত্ৰক প্ৰদৰ্শন কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হয়৷

কিস্কিন্ধা ন্যাসৰ প্ৰতিষ্ঠাপক তথা ইনটেক আনেগুণ্ডি হাম্পিৰ আহ্বায়ক শ্ৰীমতী শামা পাৱাৰে উপস্থাপন কৰা এই ৱেবিনাৰত হাম্পিৰ কঠোৰ আৰু আড়ম্বৰপূৰ্ণ দিশটো প্ৰদৰ্শন কৰা হয়, যি মহান হিন্দু সাম্ৰাজ্য বিজয়নগৰৰ ৰাজধানী আছিল৷ ইউনেস্ক’ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষিত হাম্পিৰ তুংগভদ্ৰা নদী, ওখ-চাপৰ পাহাৰ এলেকা আৰু সু-বিস্তৃত সমতলভূমিয়ে পৰ্যটকক আকৰ্ষণ কৰে৷ ১৬০০ বছৰীয়া দুৰ্গ, নদীকেন্দ্ৰিক ব্যৱস্থা, ৰাজ পৰিয়াল আৰু পবিত্ৰ চৌহদ, মন্দিৰ, ধৰ্মীয় স্থান, স্তম্ভ, মণ্ডপ, স্মৃতিসৌধ, গেটৱে, প্ৰতিৰক্ষা তালাচী চকী, আস্তাবল, জল সংৰক্ষণ ব্যৱস্থা ইত্যাদিবোৰে নগৰ, ৰাজ সাম্ৰাজ্য আৰু পবিত্ৰ ব্যৱস্থাৰ কৃত্ৰিমতাৰ সাক্ষ্য বহন কৰিছে৷

উপস্থাপকগৰাকীয়ে উল্লেখ কৰা মতে হাম্পী নামটো তুংগভদ্ৰা নদীৰ পুৰণি নাম পম্পাৰ পৰা আহিছে৷ ১৩৩৬ খ্ৰীষ্টাব্দত কাম্পিলী সাম্ৰাজ্যৰ ধ্বংসাৱশেষৰ পৰা বিজয়নগৰ সাম্ৰাজ্য গঢ় লৈ উঠিছিল৷ এই সামাজ্য দক্ষিণ ভাৰতৰ বিখ্যাত হিন্দু সাম্ৰাজ্য হিচাপে ২০০ বছৰ ৰাজত্ব কৰিছিল৷ ইয়াৰ শাসকসকলে বৌদ্ধিক সাধনাৰ আৰু কলাৰ ব্যাপক বিকাশ সাধন কৰাৰ লগতে এক শক্তিশালী সামৰিক বাহিনীৰ জৰিয়তে উত্তৰ আৰু পূব দিশত চুলতানসকলৰ সৈতে যুদ্ধ কৰিছিল৷ তেওঁলোকে পানী, পথ, কৃষি কাৰ্য, ধৰ্মীয় অনুষ্ঠান আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ কামৰ বাবে ব্যয় কৰিছিল৷

মধ্যযুগত হাম্পি বাণিজ্যৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰস্থলত পৰিণত হৈছিল৷ কঁপাহ আৰু মচলাৰ ব্যৱসায়ৰ জৰিয়তে প্ৰসিদ্ধ লাভ কৰা এই সাম্ৰাজ্যৰ খ্যাতি বেছি দিন নিটিকিল৷ কৃষ্ণদেৱৰায়ৰ মৃত্যুৰ পাছত পাঁচখন মুছলিম সাম্ৰাজ্য-বিদাৰ, গোলকোণ্ডা, আহমেদনগৰ আৰু বেৰাৰে ১৫৬৫ খ্ৰীষ্টাব্দত এই শক্তিশালী সাম্ৰাজ্য ধ্বংস কৰে৷

ইফালে, ইয়াৰ স্থানীয় জনসাধাৰণৰ জীৱনৰ লগতে এই ঐতিহ্যৰ সংৰক্ষণক একত্ৰীকৰণ আৰু আনেগুণ্ডি গাঁৱৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতি দিশৰ সংবৰ্ধনৰ লক্ষ্যৰে ১৯৯৭চনৰ কিস্কিন্ধা ন্যাস গঠন কৰা হয়৷ ইয়াৰ পাছৰে পৰা ভাস্কৰ্য, গ্ৰাম্য পৰ্যটন, জৈৱিক কৃষিৰ লগতে অন্যান্য স্থানীয় লোকসকলৰ দক্ষতা বিকাশৰ জৰিয়তে এই সমূদায়ক সামাজিক আৰু বিত্তীয় দিশত লাভান্বিত কৰাৰ দিশত কাম কৰি আহিছে৷

উপস্থাপকগৰাকীয়ে জনোৱা মতে হাম্পিৰ মুল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে পঞ্চদশ শতিকাৰ বিৰুপাক্ষ মন্দিৰ৷ প্ৰবাদ আছে যে সীতাক বিচাৰি ৰাম আৰু লক্ষ্মণে মাতংগ পাহাৰত উপস্থিত হৈছিল, য’ত সুগ্ৰীৱে তেওঁৰ মন্ত্ৰী জম্বুবান আৰু সহযোগী হনুমানৰ সৈতে বসবাস কৰিছিল৷

এই ঐতিহ্যশালী হাম্পিত এতিয়া ইয়াৰ জনসাধাৰণে আৰ্থিক ক্ষেত্ৰত সবল হোৱাৰ লগতে অনাময়ৰ প্ৰতিও গুৰুত্ব দি আহিছে৷ এই ক্ষেত্ৰত কিস্কিন্ধা ন্যাসেও ব্যাপক সহযোগিতা আগবঢ়াইছে৷ এই ৱেবিনাৰ চাবলৈ এই লিংকত ক্লিক কৰিব পাৰে-https://www.youtube.com/channel/UCbzIbBmMvtvH7d6Zo_ZEHDA/featured

অহা পাঁচ ছেপ্টেম্বৰত পাঞ্জাৱৰ এটা বিষয়ক লৈ পৰৱৰ্তী ৱেবিনাৰ অনুষ্ঠিত হ’ব৷

*****

NB /AKJ /OA/DB



(Release ID: 1650530) Visitor Counter : 170