ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’লে মিচন মোডত কাম কৰি যোৱা বছৰৰ আগষ্ট মাহৰ তুলনাত চলিত বৰ্ষত অধিক সামগ্ৰী পৰিবহণ কৰিছে

২০২০ৰ আগষ্ট মাহত ভাৰতীয় ৰে’লে ৯৪.৩৩ মিলিয়ন টন সামগ্ৰী পৰিবহণ কৰিছে, যিটো যোৱা বছৰৰ তুলনাত ৩.৩১ মিলিয়ন টন অধিক

ৰে’লযোগে সামগ্ৰী পৰিবহণক অধিক আকৰ্ষিত কৰিবলৈ ৰেহাই প্ৰদান কৰিছে ভাৰতীয় ৰে’লে

Posted On: 01 SEP 2020 2:53PM by PIB Guwahati

ভাৰতীয় ৰে’লে মিচন মোডত কাম কৰি যোৱা বছৰৰ আগষ্ট মাহৰ তুলনাত চলিত বৰ্ষত অধিক সামগ্ৰী পৰিবহণ কৰিছে৷ ২০২০ৰ আগষ্ট মাহত ভাৰতীয় ৰে’লে ৯৪.৩৩ মিলিয়ন টন সামগ্ৰী পৰিবহণ কৰিছে, যিটো যোৱা বছৰৰ তুলনাত ৩.৩১ মিলিয়ন টন অধিক৷ যোৱা বছৰ এই সময়ত ৯১.০২ মিলিয়ন টন সামগ্ৰী পৰিবহণ কৰিছে৷

২০২০ৰ আগষ্ট মাহত ভাৰতীয় ৰে’লৱে সৰবৰাহ কৰা ৯৪.৩৩ মিলিয়ন টন সামগ্ৰীৰ ভিতৰত ৪০.৪৯ মিলিয়ন টন কয়লা, ১২.৪৬ মিলিয়ন টন লো, ৬.২৪ মিলিয়ন টন খাদ্য সামগ্ৰী, ৫.৩২ মিলিয়ট টন সাৰ, ৪.৬৩ মিলিয়ন টন চিমেণ্ট আৰু ৩.২  মিলিয়ন টন খনিজ তেল আছে৷

উল্লেখ্য যে ৰে’লযোগে সামগ্ৰী পৰিবহণক অধিক আকৰ্ষিত কৰিবলৈ ভাৰতীয় ৰে’লে বিশেষ ৰেহাই প্ৰদান কৰিছে৷ ভাৰতীয় ৰে’লে ইয়াৰ সকলো ধৰণৰ সক্ষমতা আৰু পাৰদৰ্শিতা উন্নীতকৰণৰ বাবে ক’ভিড-১৯ক এক সূযোগ হিচাপে ব্যৱহাৰ কৰিছে৷

*****

 

DJN/MKV/DB



(Release ID: 1650527) Visitor Counter : 134