বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

যোগান শৃংখলৰ স্থিতাৱস্থা বজাই ৰখাৰ বাবে অষ্ট্ৰেলিয়া, ভাৰত আৰু জাপানৰ মন্ত্রীসকলৰ মাজত বৈঠক

মুক্ত, স্বচ্ছ, সমন্বিত, বৈষম্যহীন আৰু সুস্থিৰ ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগৰ পৰিৱেশ গঢ়ি তোলাৰ সমৰ্থন মন্ত্ৰীবৰ্গৰ

প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এক বিশ্বাসযোগ্য, নির্ভৰশীল যোগান শৃংখল গঢ়ি তুলিবলৈ ভাৰতে অন্তঃকৰণে কাম কৰি আছে বুলি ক’লে শ্ৰী পীয়ুষ গোৱেলে

ক’ভিড সংকটৰ সময়ত ভাৰতে গুৰুত্বপূর্ণ চিকিৎসা সঁজুলি যোগান ধৰাটোৱে এইটো প্ৰমাণিত কৰিছে যে ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রত ভাৰত নির্ভৰশীল আৰু বিশ্বাসযোগ্য অংশীদাৰঃ শ্ৰী গোৱেল


Posted On: 01 SEP 2020 2:51PM by PIB Guwahati

কেন্দ্রীয় উদ্যোগ আৰু বাণিজ্য মন্ত্রী পীযূষ গোৱেল, অষ্ট্ৰেলিয়াৰ বাণিজ্য, পর্যটন আৰু বিনিয়োগ মন্ত্রী ছাইমন বিৰমিংহাম আৰু জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্রী শ্ৰী কাজিয়ামা হিৰোশীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে মন্ত্রী পর্যায়ৰ বৈঠকত মিলিত হয়৷ মুক্ত, স্বচ্ছ, সমন্বিত, বৈষম্যহীন আৰু সুস্থিৰ ব্যৱসায়-বাণিজ্য আৰু বিনিয়োগৰ পৰিৱেশ গঢ়ি তোলাৰ সন্দৰ্ভত তেওঁলোকে আলোচনা কৰে৷ তেওঁলোকে মুক্ত বজাৰৰ বিষয়ত তেওঁলোকৰ প্ৰতিশ্ৰতি ব্যক্ত কৰে৷ ক’বিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত বৰ্তমান আর্থিক আৰু প্ৰযুক্তিগত ক্ষেত্ৰত বিশ্ব জুৰি যি পৰিৱর্তন হৈছে সেই বিষয়েও মন্ত্ৰীসকলে আলোচনা কৰে৷ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত যোগান শৃংখলক স্বাভাৱিক কৰি ৰখাৰ বাবে কি কি কৰণীয় তাক লৈও মন্ত্ৰীসকলৰ মাজত আলোচনা হয়৷

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত যোগান শৃংখলৰ বিষয়ে আঞ্চলিক সহযোগিতাৰ সন্দৰ্ভতো মন্ত্রীসকলৰ মাজত মত বিনিময় হয়। তেওঁলোকে এই বছৰৰ শেষৰ ফালে এই সন্দৰ্ভত নতুন প্ৰচেষ্টা ক্ষিপ্ৰতাৰে বাস্তবায়িত কৰাৰ বাবে নিজ নিজ দেশৰ বিষয়াসকলক নির্দেশ দিয়ে৷ আলোচনাত বাণিজ্য আৰু শিক্ষাৰ গুৰুত্বপূর্ণ ভূমিকাৰ বিষয়বোৰেও স্থান পায়৷ মন্ত্রীসকলে অঞ্চলটোৰ অন্যান্য দেশসমূহকো প্ৰস্তাৱিত প্ৰচেষ্টাত অংশ ল’বলৈ আহ্বান জনায়৷

ত্রিপাক্ষিক বৈঠকত মন্ত্ৰী গোৱেলে কয় যে ক’বিড-১৯ৰ পাছত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত যোগান শৃংখল বজাই ৰখাৰ বাবে এই প্ৰচেষ্টাই নতুন সম্ভাৱনাৰ সুযোগ সৃষ্টি কৰিব৷ প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে মে’ মাহত এই যোগান শৃংখল বজাই ৰখাৰ ক্ষেত্রত ভাৰতৰ ভূমিকা গুৰুত্বপূর্ণ হোৱা উচি বুলি মত প্ৰকাশ কৰে৷ এক বিশ্বাসযোগ্য, নির্ভৰশীল যোগান শৃংখল গঢ়ি তুলিবলৈ ভাৰতে সকলোৰে প্ৰচেষ্টাই সহায় কৰিব৷ এই শৃংখলাৰ বৈচিত্র্যৰ দিশটো অতি গুৰুত্বপূর্ণ। সেয়েহে, মূল্যৰ উত্থান পতনৰ ক্ষেত্রত সতর্ক থাকিব লাগিব যাতে এই তাৰতম্য অধিক নহয়। মন্ত্ৰী গোৱেলে লগতে কয় যে ইয়াৰ বাবে নির্মাণ উদ্যোগ আৰু সেৱা ক্ষেত্ৰসমূহক বিশেষভাৱে চিনাক্ত কৰিব লাগিব৷ কাৰণ এই অঞ্চলৰ আভ্যন্তৰীণ বাণিজ্যৰ ক্ষেত্রত ইয়াৰ অৱদান গুৰুত্বপূর্ণ। এই প্ৰসংগত তেওঁ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রত ডিজিটাইজেচনৰ প্ৰয়োগৰ গুৰুত্বৰ কথা উল্লেখ কৰে৷ ক’ভিড মহামাৰীৰ সময়ত এয়া অত্যন্ত সুবিধা হৈছে, কাৰণ নিয়ামক সংস্থাসমূহে সংকটৰ সময়ত প্ৰত্যক্ষভাৱে কাম কৰিব লগা নহয়৷ তেওঁ বৈদ্যুতিন প্ৰক্রিয়াত নথিপত্রৰ আদানপ্ৰদানকে ধৰি অন্যান্য প্ৰয়োজনীয় কাম কৰিছে।

গোৱেল লগতে কয় যে যিবোৰ দেশে এনে চিন্তা কৰে, তেওঁলোকক এই প্ৰক্রিয়াত চামিল কৰা অতি জৰুৰী৷ এই যোগান শৃংখলাৰ কেতবোৰ গুৰুত্বপূর্ণ উপাদানৰ ভিতৰত বজাৰভিত্তিক নীতি গ্ৰহণ, জনবিন্যাস, উন্নয়নৰ সম্ভাৱনা, আর্থিক পৰিৱেশ, ঋণৰ বোজা আৰু ভৌগোলিক-ৰাজনৈতিক কৌশল উল্লেখযোগ্য৷

অষ্ট্ৰেলিয়া, ভাৰত আৰু জাপান এই অঞ্চলৰ গুৰুত্বপূর্ণ অংশীদাৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৯ চনত এই তিনিকন দেশৰ মুঠ আভ্যন্তৰীণ পাদনৰ পৰিমাণ আছিল ৯,৩০০ লাখ কোটি মার্কিন ডলাৰৰ সমান৷ ইয়াৰ ভিতৰত সামগ্ৰী সংক্রান্তীয় বাণিজ্য ২,৭০০ লাখ কোটি ডলাৰ আৰু সেৱা সংক্রান্তীয় বাণিজ্য ৯০০ কোটি ডলাৰ হৈছে।

ভাৰতৰ আত্মনির্ভৰ হোৱাৰ নীতিৰ প্ৰসংগত মন্ত্ৰী গোৱেলে কয় যে দেশৰ অর্থনৈতিক কাম-কাজৰ প্ৰসাৰ ঘটোৱাৰ অন্যতম উদ্দেশ্য যোগান শৃংখলক উপযুক্তভাৱে বজাই ৰখা। ইয়াৰ জৰিয়তে ভাৰত অর্থনৈতিকভাৱে শক্তিশালী হৈ উঠিব৷ ভাৰতে সমগ্ৰ বিশ্বক এটা বৃহ পৰিয়াল হিচাপে গণ্য কৰে৷ সেয়হে ক’ভিড মহামাৰীৰ সময়ত ভাৰতে গুৰুত্বপূর্ণ চিকিসা সঁজুলি যোগান ধৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ইয়াৰ জৰিয়তে এইটো প্ৰমাণিত কৰিছে যে ব্যৱসায়-বাণিজ্যৰ ক্ষেত্রত ভাৰত নির্ভৰশীল অংশীদাৰ৷ মন্ত্রী দৃঢ়তাৰে কয় যে অষ্ট্ৰেলিয়া আৰু জাপানে এই ক্ষেত্রত গুৰুত্বপূর্ণ অংশীদাৰ হৈ ভাৰতৰ এই বিশ্বাসক আৰু অধিক আগুৱাই নিব৷

…………

YB/AP/DB



(Release ID: 1650525) Visitor Counter : 196