ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
১ ৰপৰা ১৫ ছেপ্টেম্বৰ, ২০২০ লৈকে সাৰ বিভাগে অনুষ্ঠিত কৰিব স্বচ্ছতা পখাৱাড়া
ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত এই বৰ্ষৰ স্বচ্ছতা পখাৱাড়াই অধিক গুৰুত্ব লাভ কৰিছেঃ শ্ৰী গৌড়া
प्रविष्टि तिथि:
01 SEP 2020 2:57PM by PIB Guwahati
কেন্দ্ৰীয় সাৰ বিভাগে ১-১৫ ছেপ্টেম্বৰ, ২০২০ত স্বচ্ছতা পখাৱাড়া অনুষ্ঠিত কৰিব। এই স্বচ্ছতা অভিযানত বিভাগটোৰ অধীনস্থ সকলো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু আন সংস্থাসমূহে সৰ্বাত্মকভাৱে অংশগ্ৰহণ কৰিছে।
কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডিভি সদানন্দ গৌড়াই এটা টুইটত কয় যে ক’ভিড ১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত এই বৰ্ষত স্বচ্ছতা পখাৱাড়াই অধিক গুৰুত্ব লাভ কৰিছে।
শ্ৰী গৌড়াই কয় যে স্বচ্ছতাৰ বাবে দেশখনৰ উদ্যমত সমগ্ৰ সাৰ উদ্যোগ, ডীলাৰ আৰু ট্ৰেডাৰৰ প্ৰচেষ্টাই লক্ষ্য়ণীয় ইতিবাচক ফলাফল দেখুৱাব।
এই প্ৰচেষ্টাৰ বাবে মন্ত্ৰীজনে বিভাগটোৰ সকলো বিষয়া-বৰ্গ আৰু কৰ্মচাৰীৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু স্বচ্ছতা পখাৱাড়াক সফল কৰি তুলিবলৈ শুভেচ্ছা জ্ঞাপন কৰে।
আজি সচিব (সাৰ) শ্ৰী চাবিলেন্দ্ৰ ৰৌলে স্বচ্ছতাৰ সংকল্প পাঠ কৰায়। ইয়াত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলে সংকল্প গ্ৰহণ কৰে।
***
RCJ/RKM/SB
(रिलीज़ आईडी: 1650370)
आगंतुक पटल : 150