গৃহ মন্ত্ৰালয়

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দুঃখজনক বিয়োগত কেবিনেটৰ শোক প্ৰকাশ

প্ৰণৱ মুখাৰ্জীৰ স্মৰণত দুই মিনিট মৌন প্ৰাৰ্থনা

Posted On: 01 SEP 2020 12:16PM by PIB Guwahati

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দুঃখজনক প্ৰয়াণত কেন্দ্ৰীয় কেবিনেটে শোক প্ৰকাশ কৰিছে।

কেবিনেটে তদুপৰি প্ৰণৱ মুখাৰ্জীৰ স্মৃতিত দুই মিনিটৰ বাবে মৌনতা অৱলম্বন কৰে।

আজি কেবিনেটে তলত উল্লেখিত প্ৰস্তাৱ গ্ৰহণ কৰেঃ

“ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দুঃখজনক দেহাৱসানত কেবিনেটে গভীৰ দুখ প্ৰকাশ কৰে।

তেখেতৰ প্ৰয়াণত, দেশে এগৰাকী বিশিষ্ট নেতা আৰু অসামান্য সংসদ সদস্যক হেৰুৱালে।

ভাৰতৰ ১৩ সংখ্যক ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী এগৰাকী প্ৰশাসনত অতুলনীয় অভিজ্ঞতাসম্পন্ন ব্যক্তি আছিল যিয়ে কেন্দ্ৰীয় বৈদেশিক, প্ৰতিৰক্ষা, বাণিজ্য আৰু বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

পশ্চিম বংগৰ বীৰভূম জিলাৰ মিৰাটিৰ এখন সৰু গাঁৱত ১৯৩৫ ৰ ১১ ডিচেম্বৰত জন্মগ্ৰহণ কৰা মুখাৰ্জীয়ে কলকাতা বিশ্ববিদ্যালয়ৰপৰা বুৰঞ্জী আৰু ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী একেদৰে আইনৰো ডিগ্ৰী গ্ৰহণ কৰিছিল। ইয়াৰ পাছতে তেখেতে এগৰাকী মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু সাংবাদিক হিচাপে তেখেতৰ বৃত্তিগত জীৱন আৰম্ভ কৰিছিল। ৰাষ্ট্ৰীয় আন্দোলনলৈ তেখেতৰ পিতৃৰ বৰঙণিৰে অনুপ্ৰাণিত হৈ, মুখাৰ্জীয়ে ১৯৬৯ত ৰাজ্যসভালৈ নিৰ্বাচিত হৈয়ে তেখেতৰ পূৰ্ণকালীন ৰাজহুৱা জীৱন আৰম্ভ কৰিছিল।

১৯৭৩-৭৫ৰ সময়ছোৱাত মুখাৰ্জীয়ে উদ্যোগ; জাহাজ আৰু পৰিবহণ, তীখা আৰু উদ্যোগ দপ্তৰৰ উপ মন্ত্ৰী আৰু বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮২ চনত তেখেতে প্ৰথমবাৰৰ বাবে ভাৰতৰ বিত্ত মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু ১৯৮০ ৰপৰা ১৯৮৫ লৈ ৰাজ্য সভাৰ দলপতি হয়। ১৯৯১ ৰপৰা ১৯৯৬ লৈ তেখেতে পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে; একে সময়তে ১৯৯৩ ৰপৰা ১৯৯৫ লৈ বাণিজ্য মন্ত্ৰী আৰু ১৯৯৫ ৰপৰা ১৯৯৬ লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী; ২০০৪ ৰপৰা ২০০৬ লৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব পালন কৰে। তেওঁ আকৌ ২০০৬ ৰপৰা ২০০৯ লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ২০০৯ ৰপৰা ২০১২ লৈ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ২০০৪ ৰপৰা ২০১২ লৈ তেখেত আছিল লোক সভাৰ দলপতি।

২০১২ ৰ ২৫ জুলাইত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে প্ৰণৱ মুখাৰ্জীয়ে আৰু তেখেতৰ পাঁচ বছৰৰ সম্পূৰ্ণ কাল দায়িত্ব পালন কৰে। ৰাষ্ট্ৰপতি হিচাপে, মুখাৰ্জীয়ে উচ্চতম পদবীটোৰ মৰ্যাদা অটুট ৰাখে আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমাত তেখেতৰ পাণ্ডিত্যপূৰ্ণ আৰু মানৱীয় দৃষ্টিভংগীক প্ৰয়োগ কৰে।

এগৰাকী সৃষ্টিশীল পাঠক, মুখাৰ্জীয়ে ভাৰতীয় অৰ্থনীতি আৰু ৰাষ্ট্ৰ নিৰ্মাণ সম্পৰ্কত বহুকেইখন গ্ৰন্থ ৰচনা কৰিছিল। তেওঁ লাভ কৰা বহু বঁটা আৰু সন্মানৰ অন্যতম আছিল ১৯৯৭ ত শ্ৰেষ্ঠ সাংসদ বঁটা, ২০০৮ ত পদ্ম বিভূষণ আৰু ২০১৯ ত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ।

আমাৰ ৰাষ্ট্ৰীয় জীৱনত মুখাৰ্জীয়ে তেখেতৰ পদাংক ৰাখি থৈ গৈছে। তেখেতৰ বিয়োগত দেশখনে এগৰাকী বিশিষ্ট ৰাষ্ট্ৰীয় নেতা, সুদক্ষ সংসদ সদস্য আৰু এগৰাকী মহৎ ৰাষ্ট্ৰপতিক হেৰুৱালে।

ৰাষ্ট্ৰখনৰ প্ৰতি প্ৰণৱ মুখাৰ্জীৰ সেৱাৰাজিক কেবিনেটে গভীৰ আদৰেৰে লিপিবদ্ধ কৰিছে আৰু চৰকাৰ আৰু সমগ্ৰ ৰাষ্ট্ৰখনৰ হৈ তেখেতৰ শোকাহত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে।”

***

AK/SB



(Release ID: 1650304) Visitor Counter : 193