ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

দক্ষ মানৱসম্পদে দেশক নিৰ্মাণ খণ্ডৰ হাব হিচাপে গঢ়ি তুলিবঃ শ্রী নীতিন গাডকাৰী

ভিৱাড়ীত প্ৰযুক্তি কেন্দ্ৰ উদ্বোধন কৰিলে শ্ৰী গাডকাৰীয়ে; শীঘ্ৰে স্থাপন কৰা হ’ব ১৫টা নতুন প্ৰযুক্তি কেন্দ্ৰ

Posted On: 31 AUG 2020 3:37PM by PIB Guwahati

কেন্দ্রীয় অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ মন্ত্রী শ্রী নীতিন গাডকাৰীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে ৰাজস্থানৰ আলোৱাৰ জিলাৰ ভিৱাড়ীত এক প্ৰযুক্তি কেন্দ্রৰ উদ্বোধন কৰিছে৷ প্ৰধানমন্ত্রীৰ আত্মনির্ভৰ ভাৰতৰ প্ৰসংগ উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে দেশৰ নিৰ্মাণ খণ্ডৰ পৰা মুঠ আভ্যন্তৰীণ পাদনৰ ২২-২৪ শতাংশ আহে৷ তেওঁ লগতে কয় যে শীঘ্ৰে ১৫টা নতুন প্ৰযুক্তি কেন্দ্ৰ গঢ়ি তোলাৰ উপৰি ১৮টা প্ৰযুক্তি কেন্দ্রৰ উন্নয়ন সাধন কৰা হ’ব৷ ইয়াৰ জৰিয়তে দক্ষ মানৱসম্পদ গঢ় লৈ উঠিব৷ মন্ত্ৰী গাডকাৰীয়ে লগতে কয় যে এই প্ৰযুক্তি কেন্দ্ৰসমূহে সংশ্লিষ্ট এলেকাৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ তেওঁ ৰাজ্য চৰকাৰসমূহ এই কেন্দ্ৰ গঢ়াৰ বাবে প্ৰয়োজনীয় ভূমিকে ধৰি অন্যান্য দিশত সহায় কৰাৰ আহ্বান জনায়৷ মন্ত্রী গাডকাৰীয়ে কয় যে আইটিআই, পলিটেকনিক, অভিযান্ত্ৰিক মহাবিদ্যালয়কে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰি যুৱক-যুৱতীসকলে তেওঁলোকৰ দক্ষতা বিকাশ কৰিব লাগিব৷

অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্রী প্ৰতাপ চন্দ্ৰ সাৰেংগীয়ে কয় যে ক’ভিড-১৯ মহামাৰীৰ ফলত দেশত বর্তমান অর্থনৈতিক সংকটে দেখা দিছে। আত্মনিৰ্ভৰ ভাৰতৰ সপোন বাস্তবায়িত কৰাত এই কেন্দ্ৰসমূহে পাদন আৰু কর্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰিব৷

অতিক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ বিভাগৰ সচিব শ্রী কে শর্মাই কয় যে এই কেন্দ্ৰসমূহে অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগকে ধৰি বিভিন্ন প্ৰতিষ্ঠানক চিএনচি মেচিন, ৩ডি নির্মাণ উদ্যোগ, লেজাৰ আৰু আল্ট্রাছ’নিক মেচিন, ৰ’ব’টিক্সসহ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰত সহায় কৰিব৷ অনুষ্ঠানত ৰাজস্থানৰ উদ্যোগ মন্ত্রী শ্রী প্ৰসাদিলাল মীনা, স্থানীয় সাংসদ শ্রী মহন্ত বালকনাথ আৰু সাংসদ সন্দীপ যাদৱকে ধৰি একাংশ বিধায়কো উপস্থিত থাকে৷

******

RCJ/SKP/IA/DB



(Release ID: 1650245) Visitor Counter : 181