পোষ্ট কৰা হৈছে:
29 AUG 2020 3:28PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ক্ৰীড়াবিদসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। টুইটত শ্ৰী অমিত শ্বাহে কয়,“ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত মই আমাৰ সকলো ক্ৰীড়াবিদসকলক শুভেচ্ছা জনাইছো, যিয়ে নিজৰ উদ্যম আৰু পৰিশ্ৰমেৰে ভাৰতবৰ্ষক গৌৰৱান্বিত কৰিছে।” তেওঁ পুনৰ কয়,“ মোদী চৰকাৰ ক্ৰীড়াৰ প্ৰসাৰৰ বাবে সংকল্পবদ্ধ আৰু খেলো ইণ্ডিয়া তথা ফিট ইণ্ডিয়াৰ দৰে আঁচনিৰ সহায়ত দেশৰ যুৱ প্ৰতিভাৱান খেলুৱৈসকলক সঠিক দিশত আগুৱাই নিছে।”
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে হকীৰ যাদুকৰ মেজৰ ধ্যানচাঁদক তেওঁৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী শ্বাহে কয়, “মেজৰ ধ্যানচাঁদ এগৰাকী অসাধাৰণ কিংবদন্তী, যিয়ে নিজৰ যাদুকৰী কৌশলেৰে অলিম্পিকত ৩টাকৈ স্বৰ্ণ পদক জয় কৰিছিল আৰু কোটি কোটি অনুৰাগীক মন্ত্ৰমুগ্ধ কৰিছিল।”
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, “তেওঁৰ প্ৰতিভা, সফলতা আৰু মাতৃভূমিৰ প্ৰতি ত্যাগ প্ৰতিটো প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ী হৈ থাকিব।”
উল্লেখ্য যে, মেজৰ ধ্যানচাঁদৰ জন্ম হৈছিল ১৯০৫ চনৰ ২৯ আগষ্টত। তেওঁৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা প্ৰদৰ্শন কৰি প্ৰত্যেক বছৰৰ ২৯ আগষ্টৰ দিনটোক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।
*****
NW/RK/PK/SS/DDD/MS