যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

নতুন বিহাৰ বিধান মণ্ডল পৰিচালনা কৰিবলৈ বিহাৰে পালে নতুন নেক্সট জেনেৰেশ্যন নেটৱৰ্ক টেলিফোন একচেঞ্জ

বিহাৰৰ গ্ৰামাঞ্চলৰ বাবে সম্পূৰ্ণৰূপে ৱাইৰলেছ বিএছএনএল ভাৰত এয়াৰফাইবাৰ উদ্বোধন কৰিলে টেলিকম মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে

আনলাইচেন্সড স্পেকট্ৰামত কাম কৰে ভাৰত এয়াৰফাইবাৰে, মোতায়েন কৰিবলৈ সহজ আৰু অধিক নিৰ্ভৰযোগ্য, ৩৪৯ টকা/মাহত চাবচক্ৰিপশ্যন আৰম্ভ

অহা ৬ মাহৰ ভিতৰত বিহাৰত আৰু ৫০ এয়াৰফাইবাৰ চেক্টৰ এন্টেনাৰ ব্যৱস্থাৰ কথা ঘোষণা মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ

Posted On: 29 AUG 2020 4:13PM by PIB Guwahati

ভাৰত চৰকাৰৰ সকলোৰে বাবে ব্ৰডবেণ্ডৰ লক্ষ্য পৰিপূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে বিএছএনএল। ২৯ আগষ্টত নতুন দিল্লীৰপৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কমিউনিকেশ্যন আৰু ইলেকট্ৰনিক্স ও আইটি আৰু আইন ও ন্যায় মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদে নতুন বিহাৰ বিধান মণ্ডল প্ৰাংগণত এটা নেক্সট জেনেৰেশ্যন নেটৱৰ্ক টেলিফোন একচেঞ্জ আৰু বিহাৰৰ দানাপুৰ টেলিফোন একচেঞ্জত ভাৰত এয়াৰ ফাইবাৰ সেৱা উদ্বোধন কৰে। এই অনুষ্ঠানত বিহাৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী সুশীল কুমাৰ মোদী, বিহাৰ বিধান পৰিষদৰ অধ্যক্ষ শ্ৰী আৱাধেশ নাৰায়ণ সিং তথা আন-আন বিশিষ্ট ব্যক্তিসকলে ভাগ লয়।

বিহাৰ বিধান মণ্ডলত এই নেক্সট জেনেৰেশ্যন নেটৱৰ্ক টেলিফোন একচেঞ্জ হৈছে সুবিধাৰ বৰ্ধন যি অপটিকেল ফাইবাৰৰে ই সংযোজিত হোৱাৰেপৰাই বিশ্বস্ত ৱাইৰলেছ আৰু ব্ৰডবেণ্ড সেৱাৰ অতিৰিক্ত চাহিদা পূৰণ কৰিব। বৰ্তমান এই একচেঞ্জটোৰ ৫১২ টেলিফোন ৱাইৰলেছ আৰ ১২৮ ব্ৰডবেণ্ড সংযোগৰ সামৰ্থ্য আছে যাক পৰৱৰ্তী সময়ত বৃদ্ধি কৰিব পৰা যাব। এই নতুন সুবিধা নতুন আৰু পুৰণি বিধান মণ্ডল আৰু ৩ টা নতুন সচিবালয় ব্লক যথা এ, বি আৰু চি ত উপলব্ধ হ’ব।

নতুনকৈ সংযোজিত কৰা ভাৰত এয়াৰফাইবাৰে গ্ৰামাঞ্চলত দ্ৰুত আৰু নিৰ্ভৰযোগ্য ইন্টাৰনেট সেৱা আগবঢ়োৱাৰ সমান্তৰালভাৱে, ভাৰত এয়াৰফাইবাৰৰ আছে অতি-দ্ৰুত ফাইবাৰ এফটিটিএইচৰ সমান গতি আৰু দানাপুৰ টেলিফোন একচেঞ্জৰপৰা আৰ.কে. পুৰম, আনন্দপুৰ, দানাপুৰ বজাৰ আৰু দানাপুৰ কেন্টনমেন্টক সামৰি ৬ কিমি অঞ্চলজুৰি আগুৰি লোৱা হ’ব।

সম্পূৰ্ণৰূপে ৱাইৰলেছ প্ৰযুক্তিৰ এই ব্যৱস্থা মোতায়েন কৰিবলৈ সহজ, অধিক নিৰ্ভৰযোগ্য, মেৰামতিৰ প্ৰয়োজনীয়তা নিম্ন আৰু এফটিটিএইচৰে সংযোজিত কৰিব নোৱাৰা অসম্ভৱ স্থান আৰু গাঁৱত সংযোগ সেৱা আগবঢ়ায়। আনলাইচেন্সড স্পেকট্ৰামত ভাৰত এয়াৰফাইবাৰে কাম কৰে আৰু ইয়াৰ প্ৰতিবন্ধকতা অতি কম হোৱাৰ পৰিপ্ৰেক্ষিতত উপভোক্তাসকলৰ কাৰণে সু মানদণ্ডৰ ৰিলে প্ৰশস্ত হৈ পৰে।

ভাৰত এয়াৰফাইবাৰে প্ৰতি মাহে ৩৪৯ টকাৰ নিম্ন মূল্যত ইয়াৰ চাবচক্ৰিপশ্যন আৰম্ভ কৰিব, গাঁও আৰু প্ৰত্যন্ত এলেকাৰ ব্যৱহাৰকাৰীসকললৈ ই সুলভ আৰু সাশ্ৰয়ী ইন্টাৰনেট সেৱা আগবঢ়াব।

আত্মনিৰ্ভৰ ভাৰতৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্য হৈছে প্ৰত্যাহ্বানক সুযোগলৈ পৰ্যবসিত কৰা আৰু ইয়াৰ তদ্ৰুপ মোৰ লক্ষ্য হৈছে ভাৰতৰ গ্ৰামাঞ্চললৈ সুযোগ আগবঢ়োৱা। বিশেষতঃ ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত, ডিজিটেল শিক্ষা, ডিজিটেল দক্ষতা আৰু টেলি মেডিচিন ইত্যাদিৰ অপাৰ সুযোগ প্ৰতিভাত হয় য’ত গ্ৰাম্য ভাৰতত ব্ৰডবেণ্ড সংযোগে এটা বিশিষ্ট ভূমিকা পালন কৰিব পাৰে। ভাৰত এয়াৰফাইবাৰে ১০০০ দিনত ৬ লাখখন গাঁৱক সামৰি ল’বলৈ ত্বৰান্বিত আৰু লক্ষ্যত উপনীত হোৱাত আমাক সহায় কৰিব।টেলিকম মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয়।

এই কাৰ্যসূচীত টেলিকম মন্ত্ৰীজনে বিহাৰত অহা ৬ মাহৰ ভিতৰত আৰু ৫০ এয়াৰফাইবাৰ চেক্টৰ এন্টেনা স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে।

ভাষণ প্ৰদান কৰি বিহাৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী সুশীল মোদীয়ে কয়বিহাৰত ম’বাইল টাৱাৰ এন্টেনাৰ সুস্থাপনা আৰু ফাইবাৰ অপটিক কেব’ল পাৰিতকৰণক সুচল কৰি তুলিবলৈ ৰাজ্য চৰকাৰখনে শেহতীয়াভাৱে ৰাইট অৱ ৱে’ (RoW) বিধিৰ অধিসূচনা জাৰি কৰিছে। তদুপৰি মই ক’বলৈ পাই সুখী হৈছো যে শেহতীয়াকৈ মই নতুন বিএছএনএল এফটিটিএইচ ব্ৰডবেণ্ড সংযোগটো লাভ কৰিছো আৰু ইয়াৰ অতি দ্ৰুত সংযোগত মই মুগ্ধ হৈছো।

ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় আৰু কৌশলী গুৰুত্বতাৰ ভিন্ন প্ৰকল্প ৰূপায়ণৰ বাবে বিএছএনএলক দায়িত্ব প্ৰদান কৰিছে যাৰ জৰিয়তে সুকৌশলী কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰ আৰু লাডাখৰ ৩০০০ ৰোধিক গাঁও পঞ্চায়তকে ধৰি অপটিকেল ফাইবাৰ সংযোগৰ অৰ্থে নেটৱৰ্ক ফৰ স্পেকট্ৰাম (এনএফএছ), ভাৰত নেট প্ৰকল্প দৰে সেৱাৰে ৰাষ্ট্ৰ নিৰ্মাণত বৰঙণি যোগাবলৈ বিএছএনএলৰ বাবে সহায়ক হৈ উঠিব। শেহতীয়াভাৱে বিএছএনএলে মুঠ ১২২৪ কোটি টকা ব্যয় সাপেক্ষে চেন্নাই আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ মাজত ছাবমেৰিণ অপটিকেল ফাইবাৰ কেব’ল সৰবৰাহ কৰিলে। তদুপৰি, মূল ভূখণ্ড আৰু লক্ষদ্বীপৰ মাজত ছাবমেৰিণ কেব’ল সংযোগৰ পৰিকল্পনা কৰা হৈছে আৰু বিএছএনএলৰদ্বাৰা ইয়াক সম্পন্ন কৰা হ’ব। ভাৰত চৰকাৰে বিএছএনএললৈ ৪ জি স্পেকট্ৰাম আবন্টন জনাইছে যাৰ ব্যয় প্ৰায় ১৪,০০০ কোটি টকা। সমগ্ৰ দেশতে ৪জি সেৱাৰ শুভাৰম্ভ কৰিবলৈ বিএছএনএলে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু এই প্ৰচেষ্টাই চৰকাৰখনৰ “মেক ইন ইণ্ডিয়া” ব্যৱস্থাক ত্বৰান্বিত কৰাত সহায় কৰিব।

চৰকাৰী বহু প্ৰকল্পৰ ওপৰিও, যোৱা ছমাহত ‘ৱৰ্ক ফ্ৰম হ’ম’ৰ পৰিপ্ৰেক্ষিতত ইন্টাৰনেটৰ বৰ্ধিত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ বিএছএনএলে তদুপৰি সমগ্ৰ দেশখনত প্ৰায় ৩ লাখ এফটিটিএইচ/ব্ৰডবেণ্ড সংযোগ প্ৰদান কৰিছে। ইয়াৰোপৰি, গ্ৰাহকসকলক পুলকিত কৰি ৰাখিবলৈ বিএছএনএলে ভিন্ন আকৰ্ষণীয় টেৰিফ প্লেন আৰম্ভ কৰে আৰু ব্যাপক ডিজিটেল এংগেজমেন্টৰ অৰ্থে বিএছএনএল পৰ্টেলত ভিন্ন প্ৰক্ৰিয়া সহজতৰ কৰি তোলে।

*****

RCJ/ M/SB



(Release ID: 1649695) Visitor Counter : 125