পৰ্যটন মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰীৰ মাজতো ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ কাৰ্যসূচীৰ অধীনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিলে কেন্দ্ৰীয় হোটল মেনেজমেণ্ট প্ৰতিষ্ঠান আৰু ভাৰতীয় পৰ্যটন আৰু ভ্ৰমণ ব্যৱস্থাপনা প্ৰতিষ্ঠানে

Posted On: 28 AUG 2020 10:57AM by PIB Guwahati

কেন্দ্রীয় পর্যটন মন্ত্ৰালয়েএক ভাৰত, শ্রেষ্ঠ ভাৰতকাৰ্যসূচীৰ অধীনত ক’ৰোনা মহামাৰীৰ মাজতো একাধিক প্ৰচেষ্টা গ্ৰহণ কৰিছে।  এনচিএইচএমচিটি আৰু ইণ্ডিয়ান ইনষ্টিটিউট অফ টুৰিজমৰ দ্বাৰা অনুমোদিত ভাৰতৰ কেন্দ্ৰীয় হোটেল মেনেজমেণ্ট প্ৰতিষ্ঠান আৰু ভ্ৰমণ ব্যৱস্থাপনা সংস্থাই যুটীয়াভাৱেএক ভাৰত, শ্রেষ্ঠ ভাৰতকাৰ্যসূচীৰ অধীনত মে’ৰ পৰা ২৪ আগষ্টলৈকে একাধিক কাৰ্যসূচীৰ আয়োজন কৰে৷ এই কাৰ্যসূচীৰ জৰিয়তেএক ভাৰত, শ্রেষ্ঠ ভাৰতপ্ৰচেষ্টাক তুলি ধৰাৰ চেষ্টা কৰে প্ৰতিষ্ঠান দুটাই৷ সেই অনুসৰি,

২০ মে’, ২০২০ত আয়োজন কৰা কাৰ্যসূচীৰ অধীনত ২০টা কেন্দ্ৰীয় হোটেল মেনেজমেণ্ট প্ৰতিষ্ঠানে ২৭টা কাৰ্যসূচীৰ আয়োজন কৰে য’ত ৩২খন ৰাজ্যৰ ৬,১৪১গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

২০ জুনত, ২০২০ত আয়োজন কৰা কাৰ্যসূচীৰ অধীনত ২০টা কেন্দ্ৰীয় হোটেল মেনেজমেণ্ট প্ৰতিষ্ঠানে ৫২টা কাৰ্যসূচীৰ আয়োজন কৰে য’ত ২৬খন ৰাজ্যৰ ৪,১৬৭গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

২০ জুলাই, ২০২০ত আয়োজন কৰা কাৰ্যসূচীৰ অধীনত ২০টা কেন্দ্ৰীয় হোটেল মেনেজমেণ্ট প্ৰতিষ্ঠানে ১৭টা কাৰ্যসূচীৰ আয়োজন কৰে য’ত ২৬খন ৰাজ্যৰ ২,৯৬৬গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

দেশৰ বিভিন্ন চহৰত বিভিন্ন প্ৰতিষ্ঠানৰ সহযোগত এই অনুষ্ঠানসমূহ বিভিন্ন বিষয়ক লৈ আয়োজন কৰা হয়৷ তদুপৰি, ক’ভিডৰ পাছৰ সময়ত মেলা আৰু খাদ্য মহোসৱৰ সন্দৰ্ভত অনলাইন তৰ্ক, অনলাইন কুইজ প্ৰতিযোগিতা, ৱেবিনাৰ আৰু অনলাইন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷ ইয়াৰ সমান্তৰালভাৱে বিভিন্ন সংস্থাক যুক্ত কৰি পর্যটন মন্ত্ৰালয়ে অনলাইন আলোচনা-চক্ৰৰো আয়োজন কৰি আহিছে৷ বিভিন্ন ৰাজ্যৰ পৰা বিশিষ্ট ব্যক্তিসকলক লৈ পেনেল আলোচনা অনুষ্ঠান আয়োজন কৰা হয়।

ইফালে, ভাৰতীয় ভ্ৰমণ ব্যৱস্থাপনা প্ৰতিষ্ঠানে(আইআইটিটিএম)ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে, স্নাতকৰ পৰা স্নাতকোত্তৰ আৰু সাধাৰণৰ লোকৰ বাবে আমাৰ চহৰ, আমাৰ সংস্কৃতিশীর্ষক বিষয়ৰ ওপৰত অনলাইন প্ৰৱন্ধ ৰচনা আৰু আইআইটিটিএম অনলাইন কবিতা প্ৰতিযোগিতাৰ আয়োজন কৰে৷এক ভাৰত, শ্রেষ্ঠ ভাৰতকাৰ্যসূচীৰ অধীনত এই অনুষ্ঠানসমূহ আয়োজন কৰা হয়৷

বিভিন্ন ৰাজ্যৰ পৰা বহুসংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰে৷

প্ৰতিযোগীসকলে তেওঁলোক কবিতা আৰু প্ৰৱন্ধসমূহ অনলাইনযোগে প্রেৰণ কৰে৷

বিচাৰকসকলে কবিতাত ভাষাৰ ব্যৱহাৰ, মৌলিকতা আৰু বর্ণনাৰ ওপৰ ভিত্তি কৰি পুৰস্কাৰ বিজয়ীৰ নাম ঘোষণা কৰে৷

*****

NB/AKJ/OA/DB



(Release ID: 1649381) Visitor Counter : 203