প্ৰতিৰক্ষা মন্ত্ৰালয়

ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত হ’ল ‘চতুৰ্দশ ভাৰত-ছিংগাপোৰ প্ৰতিৰক্ষা নীতি’ সম্পৰ্কীয় দ্বিপাক্ষিক আলোচনা

प्रविष्टि तिथि: 28 AUG 2020 4:31PM by PIB Guwahati

আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে চতুৰ্দশ ভাৰত-ছিংগাপোৰ প্ৰতিৰক্ষা নীতি সম্পৰ্কীয় দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হৈ যায়। আজিৰ আলোচনাত যুটীয়া ভাবে অধ্যক্ষতা কৰে ভাৰতৰ প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰ আৰু ছিংগাপোৰৰ প্ৰতিৰক্ষা বিভাগৰ স্থায়ী সচিব শ্ৰী চেন হেন কীয়ে।
দুযোখন দেশৰ প্ৰতিৰক্ষা ৰক্ষা সম্পৰ্কীয় বহুকেইটা প্ৰসংগত দেশ দুখনে আগবঢ়াব পৰা দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কীয় বহুকেইটা বিষয় সন্দৰ্ভত আজিৰ অলোচনা আগবাঢ়ে। আলোচনাত দুয়ো পক্ষই নিৰাপত্তা সম্পৰ্কীয় প্ৰসংগত দুয়ো দেশৰ মাজত অব্যাহত থকা সহযোগিতাৰ পৰিসৰ আৰু অধিক বিস্তৃত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতা দোহাৰে।

আজিৰ আলোচনাৰ অন্তত মানৱীয় সহযোগিতা তথা দুৰ্যোগৰ সাহায্য প্ৰদান সন্দৰ্ভত দেশ দুখনৰ মাজত আৰম্ভ কৰা কাৰ্যক্ৰম ৰূপায়ণৰ বাবে গঠিত ডিপিডি সম্পৰ্কীয় এক সিদ্ধান্ততো আনুষ্ঠানিক ভাবে স্বাক্ষৰ কৰে ভাৰত আৰু ছিংগাপোৰৰ প্ৰতিনিধিয়ে।

 

ABB/SS/Nampi/KA/DK/Savvy/ADA/KB


(रिलीज़ आईडी: 1649366) आगंतुक पटल : 266
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Urdu , Tamil , English , हिन्दी , Punjabi , Malayalam , Marathi , Bengali , Manipuri