বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ৰাষ্ট্ৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু সামগ্ৰিক ভাবে উদ্ভাৱনী প্ৰেক্ষাপট সন্দৰ্ভত ন-চিন্তা আৰু দৃষ্টিভংগীৰে নীতি নিৰ্দ্ধাৰণ কৰাৰ উদ্দেশ্যে দেশৰ চিন্তানায়কসকলৰে মত-বিনিময় প্ৰক্ৰিয়া আৰম্ভ কৰিছে ‘ডিএছটি’-য়ে

শুকুৰবাৰে, অৰ্থাত্ ২৮ আগষ্টত এই কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিব বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে। ‘ডিএছটি’ৰ সচিব অধ্যাপক আশুতোষ শৰ্মাৰ সৈতে আলোচনাত মিলিত হ’ব তেওঁ

এই কাৰ্যক্ৰমৰ প্ৰথমটো বাৰ্তালাপ ‘ইউটিউব চেনেল’ৰ ‘ছায়েন্স পলিচী ফোৰাম’ত পোণপতীয়াকৈ সম্প্ৰচাৰিত হ’ব

प्रविष्टि तिथि: 27 AUG 2020 1:03PM by PIB Guwahati

ভাৰতৰ পঞ্চম ৰাষ্ট্ৰীয় বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনী নীতি, এছটিআইপি-২০২০ প্ৰণয়ণৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক পৰামৰ্শদাতাৰ কাৰ্যালয় আৰু বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ(ডিএছটি)য়ে এক বিকেন্দ্ৰীকৃত, ৰূপান্তৰশীল আৰু সৰ্বাত্মক প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

আক্ষৰিক অৰ্থতে এই নীতিক বাস্তৱ কৰাৰ বাবে ডিএছটিয়ে ৰাষ্ট্ৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু সামগ্ৰিক ভাবে উদ্ভাৱনী প্ৰেক্ষাপট সন্দৰ্ভত ন-চিন্তা আৰু দৃষ্টিভংগীৰে নীতি নিৰ্দ্ধাৰণ কৰাৰ উদ্দেশ্যে দেশৰ চিন্তানায়কসকলৰে মত-বিনিময়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

শুকুৰবাৰে, অৰ্থাত্ ২৮ আগষ্টত এই কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিব বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে। ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাৰ সৈতে তেওঁ প্ৰথমটো আলাপ অনুষ্ঠানটো মিলিত হব। এই কাৰ্যক্ৰমৰ প্ৰথমটো বাৰ্তালাপ ইউটিউব চেনেলছায়েন্স পলিচী ফোৰামত পোণপতীয়াকৈ সম্প্ৰচাৰিত হব।

এই লানি আলাপধৰ্মী অনুষ্ঠানলৈ সংশ্লিষ্ট সকলো পক্ষকে অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে ডিএছটি-য়ে। ইচ্ছুকসকলে #ChatWithDrHarshVardhan আৰু ছায়েন্স পলিচী ফোৰামচিয়েল মিডিয়া যোগেও কাৰ্যক্ৰমত অংশ গ্ৰহণ কৰিব পাৰিব।

চিয়েল মিডিয়াত অংশগ্ৰহণৰ বাবে তলত লিংকসমূহ প্ৰদান কৰা হল-

● Department of Science and Technology: Facebook, Twitter

● Science Policy Forum: Facebook, Twitter, LinkedIn, Instagram

 

ইউটিউবৰ ৱেব লিংক https://www.youtube.com/watch?v=LhxV62_W5Sc https://youtu.be/LhxV62_W5Sc

 

The event posters:

ভাৰত ৰু সমগ্ৰ পৃথিৱীয়েই কভিড-১৯ মহামাৰীৰে যুঁজি থকাৰ মাজতে পঞ্চম বিজ্ঞান ৰু প্ৰযুক্তি নীতি যুগুতোৱাৰ প্ৰক্ৰিয়া ৰম্ভ কৰা হৈছে। বিগত দশকত সম্পাদিত হোৱা বহু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিততে বিজ্ঞান, প্ৰযুক্তি ৰু সামগ্ৰিক ভাবে উদ্ভাৱনী প্ৰেক্ষাপটৰ বাবে নতুন চিন্তা ৰু ৰণকৌশল যুগুতোৱাৰ প্ৰাসংগিকতা হি পৰিছে।

 

*****

NB/KGS/(DST Media Cell)/KB


(रिलीज़ आईडी: 1649078) आगंतुक पटल : 217
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Tamil , Telugu , Malayalam