PIB Headquarters
ক’ভিড-১৯ৰ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন
Posted On:
27 AUG 2020 6:19PM by PIB Guwahati


(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফেক্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)


বিগত ২৪ ঘণ্টাত ৯ লক্ষাধিক পৰীক্ষণ সম্পন্ন হোৱাৰ জৰিয়তে ভাৰতত এই পৰ্যন্ত মুঠ ৩.৯ কোটি পৰীক্ষণ সম্পন্ন হৈছে; মুঠ ২.৫ মিলিয়ন লোকে আৰোগ্য লাভ কৰাৰ জৰিয়তে ভাৰতত অন্য এক অভিলেখ ৰচনা হৈছে
‘‘পৰীক্ষণ, অনুসৰণ আৰু চিকিৎসা’’ নীতিত গুৰুত্ব প্ৰদান কৰি আজি পৰ্যন্ত ভাৰতত মুঠ প্ৰায় ৩.৯ কোটি পৰীক্ষণ সম্পন্ন হৈছে৷ বিগত ২৪ ঘণ্টাত ৯,২৪,৯৯৮ টা পৰীক্ষণ সম্পন্ন হৈছে৷ এই পৰ্যন্ত মুঠ ৩,৮৫,৭৬,৫১০ টা পৰীক্ষণ সম্পন্ন হৈছে৷ বিগত ২৪ ঘণ্টাত ৫৬,০১৩ জন ক’ভিড ৰোগীয়ে আৰোগ্য লাভ কৰিছে আৰু আৰোগ্যৰ হাৰ হৈছে ৭৬.২৪%৷ ভাৰতত বৰ্তমানে ১৭,৯৭,৭৮০ জন লোকে আৰোগ্য লাভ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৭,২৫,৯৯১ জন৷
অধিক বিৱৰণৰ বাবে
কেবিনেট সচিবে উচ্চ মৃত্যুৰ হাৰৰ ১০খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ব্যৱস্থাপনা পুনৰীক্ষণ কৰে; ৰাজ্যসমূহক ক’ভিডৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ আৰু মৃত্যুৰ হাৰ ১% তলত ৰাখিবলৈ আহ্বান জনাইছে
কেবিনেট সচিবে আজি ৯খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয়শাসিত প্ৰদেশৰ স্বাস্থ্য সচিবৰ আৰু মুখ্য সচিবসকলৰ সৈতে এক ভিডিঅ’ কনফাৰেন্সত অংশগ্ৰহণ কৰে৷ এই ৰাজ্যকেইখন হ’ল মহাৰাষ্ট্ৰ, তামিলনাডু, কৰ্ণাটক, তেলেংগানা, গুজৰাট, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, পাঞ্জাৱ, অন্ধ্ৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰ৷ ৰাজ্যসমূহক কভিডৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ আৰু মৃত্যুৰ হাৰ ১%ৰ তলত ৰাখিবলৈ আহ্বান জনোৱা হৈছে৷
অধিক বিৱৰণৰ বাবে
ভাৰতে বিশ্বত নিজকে বিশ্বস্ত সহযোগী হিচাপে প্ৰমাণিত কৰিছে, বিশেষকৈ এই সমস্যাৰ সময়তঃ শ্ৰী পীয়ুষ গোৱেল
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আজি কয় যে সহযোগিতা, সহভাগিতা আৰু প্ৰতিশ্ৰুতিৱদ্ধতাই ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজত কৌশলপূৰ্ণ সহযোগিতাক নিৰ্দেশায়িত কৰিব৷ আছিয়ান-ইণ্ডিয়া বিজনেছ কাউন্সিলৰ ভাৰ্চুৱেল বৈঠকত ভাষণ প্ৰদান কৰি শ্ৰী গোৱেলে কয় যে ক’ভিড-১৯ৰ মহামাৰীৰ সময়ছোৱাত ভাৰতে বিশ্বৰ সন্মুখত নিজকে বিশ্বস্ত সহযোগী হিচাপে প্ৰমাণিত কৰিছে৷
অধিক বিৱৰণৰ বাবে
শ্ৰী ৰাজনাথ সিঙে এনচিচি প্ৰশিক্ষণৰ বাবে মুকলি কৰিলে ম’বাইল এপ
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি ডাইৰক্ট’ৰেট জেনেৰেল নেচনেল কেডেট ক’ৰ্পছ (ডিজিএনচিচি) ম’বাইল প্ৰশিক্ষণ এপ মুকলি কৰে৷ এই এপৰ জৰিয়তে দেশৰ যিকোনো স্থানতে এনচিচি কেডেটৰ অনলাইন প্ৰশিক্ষণ সম্ভৱ হৈ উঠিব৷ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে এই এপটোৰ জৰিয়তে ডিজিটেল শিক্ষণ সম্ভৱ হোৱাৰ লগতে ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা প্ৰত্যক্ষ কায়িক সংস্পৰ্শৰ নিষেধাজ্ঞাতো সহায়ক হ’ব৷
অধিক বিৱৰণৰ বাবে
সশস্ত্ৰ বাহিনীৰ ন্যায়াধিকৰণৰ মুখ্য ন্যায়পীঠে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ক্ষেত্ৰীয় ন্যায়পীঠ সম্বন্ধীয় বিষয়সমূহৰ শুনানিৰ আৰম্ভ কৰিছে
সশস্ত্ৰ বাহিনীৰ ন্যায়াধিকৰণৰ (এএফটি)ৰ অধ্যক্ষ ন্যায়মূৰ্তি ৰাজেন্দ্ৰ মেননে আজি ইয়াত সশস্ত্ৰ বাহিনীৰ ন্যায়াধিকৰণৰ সকলো দহখন ক্ষেত্ৰীয় ন্যায়পীঠৰ বাবে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে শুনানিৰ মুকলি কৰে৷ সশস্ত্ৰ বাহিনীৰ ন্যায়াধিকৰণৰ মুখ্য ন্যায়পীঠেই একমাত্ৰ এনে এক ন্যায়ালয় য’ত ৮ জুন ২০২০ৰ পৰা সাধাৰণভাৱে শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷
অধিক বিৱৰণৰ বাবে
যুৱ সমাজৰ মাজত উদ্যমী প্ৰতিভাক পোষণৰ আহ্বান উপ ৰাষ্ট্ৰপতিৰ
অনাগত সময়ত ভাৰতক ‘আত্মনিৰ্ভৰ’ কৰি তুলিবলৈ ৰাষ্ট্ৰখনৰ যুৱ চামৰ মাজত উদ্যমী প্ৰতিভাসমূহক পোষণৰ আহ্বান জনাইছে উপ ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাউডুৱে। তেওঁ কয় যে আমি উদ্যমী প্ৰতিভা আৰু ৰাষ্ট্ৰখনৰ প্ৰতিজন নাগৰিকৰ কাৰিকৰী দক্ষতাক নজৰত ৰাখিব লাগে আৰু বিস্তৃত পৰিসৰত মানৱতাক সেৱা কৰিবলৈ আৰু আত্ম-নিৰ্ভৰশীল হৈ উঠিবলৈ আমাৰ স্থানীয় সমলসমূহক ব্যৱহাৰ কৰিব লাগে।
সামজিক উন্নয়ন সাধন আৰু ভূদান আন্দোলনৰ বাবে গান্ধীজীৰ দৰ্শনক প্ৰচাৰত আচাৰ্য বিনোৱা ভাৱেৰ বৰঙণি সন্দৰ্ভত এখনি ৱেবিনাৰত তেখেতে ভাষণ প্ৰদান কৰে।
বিনোৱা জী আৰু গান্ধী জীৰ কল্পনাৰ এখন শক্তিশালী ভাৰত, স্বাভিমানী ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে আহ্বান জনাই, উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ আত্ম-নিৰ্ভৰশীলতাৰ ধাৰণাটো অতি-ৰাষ্ট্ৰীয়তাবাদী আৰু সুৰক্ষক হোৱা নহয় বৰঞ্চ ই হৈছে বিশ্বৰ কল্যাণত অধিক গুৰুত্বপূৰ্ণ অংশীদাৰ হোৱাটোহে।
মহাত্মা গান্ধীৰ নিৰবধি ধাৰণা সন্দৰ্ভত ব্যক্ত কৰি, শ্ৰী নাইডুৱে কয় যে গান্ধীজী আজিও আমাৰ পথ প্ৰদৰ্শক হৈয়েই আছে কিয়নো তেওঁ আছিল এগৰাকী উদ্ভাৱক যিয়ে নিৰৱচ্ছিন্নভাৱে পৰীক্ষা-নিৰীক্ষা কৰি আহিছিল।
তেওঁ কয় যে অজুহাতসমূহৰে মোকাবিলা কৰিবলৈ গান্ধীজীৰ আছিল সাহস যি অস্পৃশ্যতাৰ দৰে অতিশয় প্ৰত্যাহ্বানমূলক আছিল। “তেখেতৰ আন্তৰিকতা, তেখেতৰ সাধুতা আৰু তেওঁ সেৱা কৰা লোকসকলৰ প্ৰতি তেখেতৰ গভীৰ সহানুভূতিৰ বাবে আমি তেখেতক শ্ৰদ্ধা কৰো”, তেওঁ কয়।
অধিক বিৱৰণৰ বাবে
পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ পৰা লাভ কৰা ইনপুটসমূহ
- চণ্ডীগড়ঃ চণ্ডীগড় প্ৰশাসন পিজিআইএমইআৰৰ সঞ্চালকক এইবুলি উপদেশ দিয়ে যে যদি নেহৰু চিকিৎসালয় এক্সটেনচনত ক’ভিডৰ স্থিতি সামান্য হৈছে তেন্তে ইয়াক অন্য স্থানলৈ স্থানান্তৰিত কৰিব পাৰি যাতে ইয়াৰে বিচনাসমূহ গুৰুতৰ ৰোগীৰ বাবে ব্যৱহাৰ কৰিব পৰা হয়৷
- পাঞ্জাৱঃ ক’ভিড মহামাৰী আৰু লকডাউনৰ ফলত হোৱা বৃহৎ পৰিমাণৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং নেতৃত্বাধীন পাঞ্জাৱ কেবিনেটে ভাৰত চৰকাৰৰ পৰা পৰ্যাপ্ত পৰিমাণে সাহায্যৰ বাবে আবেদন কৰিছে৷
- কেৰালাঃ ৰাজ্যিক চৰকাৰে আগন্তুক ওনাম পৰ্ব উপলক্ষে জনসমাগম অধিক নোহোৱাৰ বাবে বিশেষ নিৰ্দেশ দিছে৷ ৰাজহুৱা স্থানত ওনাম পৰ্ব পালনত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ ৰাজ্যখনত সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২২,৩৪৪ জন আৰু ১,৮৯,৭৮১ জন লোকক নিৰীক্ষণৰ অধীনত ৰখা হৈছে৷
- তামিলনাডুঃ বিগত ২৪ ঘণ্টাত পুডুচেৰীত ৫১১ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ১০ জন লোকৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১২,৪৩৪ জন৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৪৮৩ জন৷ আৰু মৃত্যু হৈছে ১৯০ জনৰ৷ ২৩৫৬ জন লোক ঘৰতে আচুতীয়াকৈ থকাৰ লগতে ২১২৭ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷
- কৰ্ণাটকঃ কৰ্ণাটকত ১০৮টা গৱেষণাগাৰত এই পৰ্যন্ত মুঠ ২৫,৮০,৬২১ টা পৰীক্ষণ সম্পন্ন কৰা হৈছে৷ ইয়াৰে ৮৫৮০ জন লোক কালি ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰতিবেদিত হোৱাৰ লগতে ৭২৪৯ জনে আৰোগ্য লাভ কৰিছে৷ ৰাজ্যখনত আৰোগ্যৰ হাৰ হ’ল ৭০.৪৭%৷
- অন্ধ্ৰ প্ৰদেশঃ ৰাজ্য চৰকাৰে ৰাজ্যখনত ক’ভিড-১৯ৰ পৰীক্ষণৰ মূল্য হ্ৰাস কৰিছে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে৷ ৰাজ্যখনত ক’ৰোনা সংক্ৰমণৰ পজিটিভিটী হাৰ সমগ্ৰ দেশৰ ৮.৫৯ শতাংশ হোৱাৰ বিপৰীতে ১১.১৯ শতাংশ হৈছে৷
- তেলেংগানাঃ বিগত ২৪ ঘণ্টাত ২৭৯৫ জন লোকে নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ৮৭২ জনে আৰোগ্য লাভ কৰিছে, ৮ জনৰ মৃত্যু হৈছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ১,১৪,৪৮৩ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ২৭,৬০০ জন৷ ৭৮৮ জনৰ মৃত্যু হৈছে৷ ৮৬,০৯৫ জনক মুকলি কৰি দিয়া হৈছে৷
- অৰুণাচল প্ৰদেশঃ অৰুণাচল প্ৰদেশত ১৪৩ জন লোকে বুধবাৰে নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৯৮৭ জন আৰু আৰোগ্যৰ হাৰ হ’ল ৭২%৷
- অসমঃ অসমত বুধবাৰে ২১৭৯ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে ২১৪৮ জন লোকে আৰোগ্য লাভ কৰিছে৷ মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৬৭৭১ জন, সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৯৫৩২ জন৷ ৭৬৯৬২ জনে আৰোগ্য লাভ কৰিছে আৰু ২৭৪ জনৰ মৃত্যু হৈছে৷
- মণিপুৰঃ মণিপুৰত ১৪১জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হোৱাৰ লগতে ১৭ জনে আৰোগ্য লাভ কৰিছে৷ মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৭৩১ জন আৰু আৰোগ্যৰ হাৰ হ’ল ৬৮%৷
- মিজোৰামঃ মিজোৰামত মুঠ ৰোগীৰ সংখ্যা হ’ল ৯৭৪ জন আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৪৯৯ জন৷
- নাগালেণ্ডঃ নাগালেণ্ডত ক’হিমাত সাতটা অধিক স্থান ছীল কৰি দিয়া হৈছে৷ এছবিআইয়ে স্বাস্থ্য বিভাগ আৰু নাগালেণ্ড আৰক্ষী বিভাগক ৩খন ভেণ্টিলেটৰ দান কৰিছে৷ ইয়াৰ পূৰ্বে এছবিআইয়ে ৫০০ পিপিই কিট ৰাজ্য চৰকাৰক যোগান ধৰিছিল৷
- ছিক্কিমঃ ৫৬জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে. সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ৩৮৮ জন আৰু ১১৫১ জনক মুকলি কৰি দিয়া হৈছে৷
- মহাৰাষ্ট্ৰঃ বুধবাৰে অভিলেখসংখ্যক ১৪,৮৮৮ জন লোক নতুনকৈ ক’ভিড সংক্ৰমণৰ বলি হোৱাৰ লগতে মুঠ ৰোগীৰ সংখ্যাই ৭.১৮ লাখৰ সীমা স্পৰ্শ কৰিছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১.৭২ লাখ৷ ৰাজ্যৰ ৰাজধানী মুম্বাইত কেইবাদিনৰো পিছত ১৮৫৪ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷
- গুজৰাটঃ বিগত ২৪ ঘণ্টাত ১১৯৭ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ এই পৰ্যন্ত প্ৰায় ৯০ হাজাৰজন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে৷ ছুৰাটৰ পৰা ১৬৮ জন লোক নতুনকৈ ৰোগত আক্ৰান্ত হৈছে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৮৮৪ জন৷
- ৰাজস্থানঃ ৭ ছেপ্টেম্বৰৰ পৰা ধৰ্মীয়স্থলসমূহ মুকলি কৰি দিয়া হ’ব৷ ধৰ্মীয় স্থানসমূহত সামাজিক ব্যৱধানৰ নীতি মানি চলাৰ লগতে সময়ে সময়ে ছেনিটাইজো কৰা হ’ব৷ এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী অশোক গেহলটে৷ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ল ১৪,৬৪৬ জন৷
- চট্টিশগড়ঃ চট্টিশগড় চৰকাৰে আজিৰে পৰা আন্তঃৰাজ্যিক পৰিবহণ ব্যৱস্থা আৰম্ভ কৰিছে৷ এই সন্দৰ্ভত পৰিবহণ বিভাগে এক বিশদ নিৰ্দেশনাৱলী মুকলি কৰিছে৷ ভ্ৰমণৰ বাবে কোনো ই-পাছৰ প্ৰয়োজন নহ’ব৷
- গোৱাঃ গোৱাত বুধবাৰে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ১৫ হাজাৰৰ সীমা স্পৰ্শ কৰে৷ জুনৰ পৰা আগষ্ট মাহলৈ ১৫,০২৭ জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ প্ৰতিবেদন দাখিল হোৱাৰ লগতে এপ্ৰিল আৰু মে’ মাহত ৰাজ্যখনত এজনো লোক ক’ভিডত আক্ৰান্ত হোৱা নাছিল৷

****
(Release ID: 1649061)
Visitor Counter : 230