প্ৰতিৰক্ষা মন্ত্ৰালয়

‘সেনা চাউনী এলেকা’বোৰত কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকৰ আয়োজন

শ্ৰী ৰাজনাথ সিঙে সেনা চাউনী এলেকাবোৰৰ ১০,০০০ কৰ্মচাৰীৰ বাবে আৰম্ভ কৰিলে বীমা যোজনা

प्रविष्टि तिथि: 25 AUG 2020 5:21PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা সম্পদ মহাসঞ্চালকালয় (ডিজিডিআই)-এ আজি ইয়াত সমগ্ৰ দেশতে থকা ৬২ টা সেনা ছাউনীত কেন্দ্ৰৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা যোজনা (চিএছএছ) ৰ কাৰ্যপন্থাত শুধৰণি আনিবৰ বাবে এক বিশেষ ৱেবিনাৰৰ আয়োজন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ দ্বাৰা এই বৈঠকৰ শুভাৰম্ভ কৰা হয়।

 

বৈঠক মুকলি ভাষণত মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কয় যে সেনা ছাউনী ক্ষেত্ৰত বসবাস কৰা প্ৰায় ২১ লাখ নাগৰিকক কেন্দ্ৰৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা বিভিন্ন আঁচনিৰ লাভ সঠিক ৰূপত প্ৰদান কৰিবৰ বাবে আৰু তেওঁলোকৰ সামগ্ৰিক স্বাস্থ্য সম্পৰ্কীয় দিশত শুধৰণি আনিবৰ বাবে সবিশেষ আলোচনা কৰাৰ উদ্দেশ্যে এই ৱেবিনাৰৰ আয়োজন কৰা হয়। আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী আবাস যোজনা, স্মাৰ্ট চিটি অভিযান, স্কুলীয়া শিশুৰ বাবে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আদি কল্যাণকামী আঁচনিৰ কথা উল্লেখ কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে ছাউনী এলেকাত এই আঁচনিবোৰৰ ফলপ্ৰসূ ৰূপায়ণত কোনোধৰণৰ তাৰতম্য হ’ব নালাগে। তেওঁ লগতে আমদানিৰহিত সূচী গ্ৰহণ কৰাৰ দৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচীৰো কথা উল্লেখ কৰি কয় যে চৰকাৰে আৰ্থিক বিকাশ আহৰণ কৰাৰ দিশেৰে নতুন বিচাৰধাৰাক স্বাগতম জনায়।

 

এই দুদিনীয়া ৱেবিনাৰত দেশৰ ৬২ টা সেনা ছাউনী পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলে অংশগ্ৰহণ কৰে। ছাউনী এলেকাত থকা নাগৰিকসকলে যাতে কেন্দ্ৰীয় আঁচনিবোৰৰ লাভালাভৰ পৰা বঞ্চিত হ’ব নালাগে, লগতে এই এলেকাবোৰত ইয়াৰ ফলপ্ৰসূ ৰূপায়ণ তথা বিত্তপোষণৰ ব্যৱস্থালানি সঠিকভাৱে বুজি পোৱাৰ উপৰিও ইয়াৰ লাভালাভৰ প্ৰসাৰৰ বাবে উচিত ৰূপৰখা প্ৰস্তুত কৰাৰ বাবে গ্ৰহণ কৰা হৈছিল। ৱেবিনাৰত আবাসগৃহ আৰু নগৰীয়া বিভিন্ন কাৰ্যকলাপ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, সামাজিক ন্যায় আৰু অধিকাৰিতা তথা মহিলা আৰু শিশু কল্যাণৰ দৰে বিভাগৰ যুটীয়া সচিব /নোডেল বিষয়াসকলেও এই ৱেবিনাৰত অংশগ্ৰহণ কৰে। এই ৱেবিনাৰত সংশ্লিষ্ট বিভাগবোৰৰ ৰাজ্যিক পৰ্যায়ৰ অভিযান সঞ্চালক আৰু প্ৰধান সচিবসকলেও অংশগ্ৰহণ কৰে।

 

ৱেবিনাৰত বিভিন্ন আলাপ-আলোচনাৰ মাজেৰে ছাউনী এলেকাসমূহত আঁচনিৰ সুচল ৰূপায়ন আৰু ইয়াত থকা চিএছএছ হিতাধিকাৰীৰ সংখ্যা অধিকতম স্তৰত উপনীত কৰিবৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰা হ’ব, যাৰ আধাৰত ছাউনী ব’ৰ্ডৰ দ্বাৰা আগলৈও কাম কৰা হ’ব।

 

প্ৰতিৰক্ষা মন্ত্ৰীয়ে জীৱন বীমা নিগম (এলআইচি)ৰ মাধ্যমেৰে এক সামূহিক জীৱন বীমা আঁচনি ‘ছাউনী ক’ভিড যোদ্ধা সংৰক্ষণ যোজনা’ৰো শুভাৰম্ভ কৰে, যাৰ দ্বাৰা ৬২ খন ছাউনী ব’ৰ্ডৰ ১০,০০০ কৰ্মচাৰীক সামৰি লোৱা হ’ব। এই যোজনা অনুসৰি কোনোধৰণৰ বিপদ-আপদত প্ৰাণ হেৰুওৱাৰ ক্ষেত্ৰত প্ৰতিগৰাকী কৰ্মচাৰীয়েই ৫ লাখকৈ টকাৰ বীমা সুৰক্ষা লাভ কৰিব। এই যোজনাৰ দ্বাৰা চিকিৎসক, চিকিৎসা সহায়ক আৰু স্বচ্ছতা কৰ্মচাৰীৰ লগতে স্থায়ী আৰু সংযোগী কৰ্মচাৰীসকলেওয সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।

 

***

ABB/Nampi/KA/DK/Savvy/ADA/RD


(रिलीज़ आईडी: 1648661) आगंतुक पटल : 244
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Tamil , Telugu