বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ কল্যাণৰ লক্ষ্যৰে সমন্বিত ভাবে কাম-কাজ কৰাৰ মানসেৰে ‘এএফচি ইণ্ডিয়া লিমিটেড’ আৰু ‘নেশ্যনেল ক’-অপাৰেটিভ ইউনিয়ন অব ইণ্ডিয়া’ৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে ‘এপিইডিএ’-য়ে

Posted On: 25 AUG 2020 11:45AM by PIB Guwahati

কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ কল্যাণ সাধনৰ লক্ষ্যৰে সমন্বিত ভাবে কাম-কাজ কৰাৰ মানসেৰে ‘এএফচি ইণ্ডিয়া লিমিটেড’ আৰু নতুন দিল্লীস্থ ‘নেশ্যনেল ক’-অপাৰেটিভ ইউনিয়ন অব ইণ্ডিয়া’-‘এনচিএইআইৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে বাণিজ্য মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ‘কৃষি আৰু সংসাধিত খাদ্য সামগ্ৰী ৰপ্টানী উন্নয়ণ কৰ্তৃপক্ষ’, চমুকৈ ‘এপিইডিএ’-য়েই। প্ৰতিষ্ঠানকেইটাই বুজাবুজিৰে সংশ্লিষ্ট ক্ষেত্ৰত থকা পৰস্পৰৰ পাৰদৰ্শিতাক উপযুক্ত ভাবে কামত লগাই সামগ্ৰিক ভাবে কৃষি আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰসমূহৰ কল্যাণ সাধানৰ প্ৰয়াস কৰাৰ অংগীকাৰ গ্ৰহণ কৰিছে।

এপিইডিএ’-ৰ অধ্যক্ষ শ্ৰী দিৱাকৰ নাথ মিশ্ৰ আৰু ‘এএফচি ইণ্ডিয়া লিমিটেড’(পূৰ্বৰ ‘কৃষি বিত্ত নিগম লিমিটেড’)ৰ পৰিচালন সঞ্চালক শ্ৰী বি গণেশনে বুজাবুজিৰ চুক্তিখনত স্বাক্ষৰ দান কৰে। উল্লেখ্য যে, বাণিজ্যিক বেংক, ‘নাবাৰ্ড’ আৰু ‘এক্সিম বেংক’ৰ অৰ্থ সাহায্যৰে ১৯৬৮চনত স্থাপিত ‘এএফচি ইণ্ডিয়া লিমিটেড’ক চৰকাৰী প্ৰতিষ্ঠান হিচাপেই গণ্য কৰি অহা হৈছে। বহুমুখী উন্নয়ণ প্ৰতিষ্ঠানটোৱে মূলতঃ দেশৰ কৃষি, গ্ৰামোন্নয়ণ, আৰু অন্যান্য আৰ্থ-সামাজিক ক্ষেত্ৰসমূহক নীতিগত পৰামৰ্শ আৰু প্ৰকল্প ৰূপায়ণ সম্পৰ্কীয় কৌশল যুগুতোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে।

এপিইডিএ-ৰে আনখন চুক্তিত স্বাক্ষৰ কৰিছে প্ৰতিষ্ঠানটোৰ সঞ্চালক ড০ তৰুণ বাজাজ আৰু এনচিএইআই-ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী এন সত্যনাৰায়াণাই। ভাৰতৰ সমবায় আন্দোলনৰ সৰ্বোচ্চ সংস্থা এনচিএইআই। ভাৰতত সমবায় আন্দোলনক শক্তিশালী ৰূপত গঢ়ি তুলি ইয়াৰ বিকাশ আৰু প্ৰগতিৰ হকে উতসৰ্গিত ভাবে কাম কৰাৰ লক্ষ্যৰে গঠিত সংস্থাটো বহু-ৰাজ্যিক সমবায় সমিতি আইন ২০০২ৰ অধীনত পঞ্জীয়ণ কৰা হৈছিল।

*******

YB/AP/KB

 



(Release ID: 1648593) Visitor Counter : 166