ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেডৰ নয়ডা কাৰ্যালয় প্ৰাংগণৰ দেৱাল ৱৰ্লি চিত্ৰকলাৰে সুশোভিত

प्रविष्टि तिथि: 25 AUG 2020 1:49PM by PIB Guwahati

ভাৰতৰ লোক কলাক প্ৰোৎসাহনৰ লক্ষ্যেৰে, সাৰ বিভাগৰ অধীনস্থ পিএছইউ নেশ্যনেল ফাৰ্টিলাইজাৰ লিমিটেড (এনএফএল)এ ইয়াৰ নয়ডাস্থিত কৰ্প’ৰেট কাৰ্যালয়ৰ বাহিৰ পিনৰ দেৱাল মহাৰাষ্ট্ৰৰ প্ৰখ্যাত ৱৰ্লি চিত্ৰকলাৰে সুশোভিত কৰি তুলিছে।

উজ্জ্বল ৰঙা ৰঙেৰে অংকিত, এই চিত্ৰকৰ্মই প্ৰতিজন লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এনএফএলৰ এই প্ৰচেষ্টা কেৱল চৌপাশৰ এলেকাৰ সৌন্দৰ্য্যবৰ্ধনেই নহয় বৰঞ্চ জনসাধাৰণৰ মাজত ৱৰ্লি চিত্ৰকলা সন্দৰ্ভত কৌতূহল জাগ্ৰত কৰাৰ চেষ্টা কৰা হৈছে। লক্ষ্যণীয়ভাৱে, মহাৰাষ্ট্ৰৰ গাঁও বা ডাঙৰ প্ৰদৰ্শনীসমূহতহে মাথো ৱৰ্লি চিত্ৰকলা দেখিবলৈ পোৱা যায়। কিন্তু এতিয়া সাধাৰণ লোকে এনএফএলৰ বাহিৰ পিনৰ দেৱালতে এই চিত্ৰকলা প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছে।

এনএফএলৰ এক বিবৃতি অনুসৰি, স্বচ্ছ ভাৰত অভিযানৰ অধীনত ভাৰত চৰকাৰৰ স্বচ্ছতা কাৰ্যক্ৰমক শক্তিশালী কৰিবলৈ কোম্পানীটোৱে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু কোম্পানীটোৰ এই কাৰ্যই নয়ডাৰ সৌন্দৰ্য্যবৰ্ধনত এক মাত্ৰা প্ৰদান কৰিব।

’ৰোনাৰ বাবে সৃষ্ট অৰ্থনৈতিক সংকটৰ সময়ছোৱাত, এই কৰ্মৰপৰা ৱৰ্লি চিত্ৰকৰসকলে নিয়োগৰ সুবিধা লাভ কৰিছে।

****

RCJ/RKM/SB


(रिलीज़ आईडी: 1648591) आगंतुक पटल : 196
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Tamil , Telugu