ৰেল মন্ত্ৰালয়

ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ কৰ্প’ৰেশ্যন ইণ্ডিয়া লিমিটেড (ডিএফচিচিআইএল)ৰ অগ্ৰগতি পৰ্যালোচনা ৰেল আৰু উদ্যোগ-বাণিজ্য মন্ত্ৰী শ্ৰী পীয়ূষ গোয়েলৰ

সকলো ঠিকাদাৰৰ কামৰ তীক্ষ্ণ নিৰীক্ষণ কৰা হ’ব

ৰাজ্যসমূহৰ সৈতে সমন্বয়কে ধৰি সকলো প্ৰসংগ ক্ষীপ্ৰতাৰে সমাপন

প্ৰকল্পৰ সাপ্তাহিক অগ্ৰগতি নিয়মিত পৰ্যবেক্ষণৰ অৰ্থে উদ্ভাৱনীমূলক কৌশল প্ৰয়োগ

ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ (ডিএফচি) হৈছে ভাৰত চৰকাৰৰদ্বাৰা গ্ৰহণ কৰা এটা বিস্তৃত (মুঠ দৈৰ্ঘ্য ৩৩৬০ কিমি) সৰ্ববৃহৎ ৰেল আন্তঃগাঁথনিমূলক প্ৰকল্প

সৰ্বমুঠ ৮১,৪৫৯ কোটি টকা ব্যয়ৰ লক্ষ্য

২০২১ৰ ডিচেম্বৰৰ ভিতৰত পূব ডিএফচি আৰু পশ্চিম ডিএফচি (সোন নগৰ-ডানকুনি পিপিপি শাখাক এৰি) সম্পূৰ্ণৰ লক্ষ্য

Posted On: 24 AUG 2020 4:47PM by PIB Guwahati

ৰেল আৰু উদ্যোগ-বাণিজ্য মন্ত্ৰী শ্ৰী পীয়ূষ গোয়েলে আজি ডেডিকেটেড ফ্ৰেইট কৰিডৰ কৰ্পৰেশ্যন ইণ্ডিয়া লিমিটেড (ডিএফচিচিআইএল) ৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকৰ সময়ছোৱাত, জ্যেষ্ঠ বিষয়া-বৰ্গই প্ৰকল্পটোৰ সাম্প্ৰতিক স্থিতি সন্দৰ্ভত মন্ত্ৰীজনক অৱগত কৰে। উত্তৰ প্ৰদেশৰ দাদ্ৰিৰপৰা মুম্বাইৰ জৱাহৰলাল নেহৰু প’ৰ্ট (জেএনপিটি) সংযোগী পশ্চিম কৰিড’ৰ আৰু লুধিয়ানা (পঞ্জাৱ)ৰ সমীপৱৰ্তী চাহনেৱালৰপৰা আৰম্ভ হৈ পশ্চিম বংগৰ ডানকুনিত অন্ত পৰা পূব কৰিড’ৰ ২০২১ ৰ ডিচেম্বৰত সম্পূৰ্ণ হৈ উঠিব।

শ্ৰী গোয়েলে ক’ভিডৰ সময়ছোৱাত লকডাউনৰ পৰিপ্ৰেক্ষিতত ঘাটি হোৱা সময়ৰ ভাৰসাম্য লাঘৱ কৰিবলৈ প্ৰকল্পটোৰ অগ্ৰগতি সাধনৰ অৰ্থে যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবে ডিএফচিচিআইএল ৰ পৰিচালনা গোটক নিৰ্দেশ দিয়ে। তেওঁ তদুপৰি অতিশয় প্ৰত্যাহ্বানমূলক ক্ষেত্ৰসমূহক চিনাক্ত কৰি উলিয়াবলৈ বিষয়াসকলক পৰামৰ্শ দিয়ে আৰু ক্ষীপ্ৰতাৰে ইয়াৰ সমাধান সূত্ৰ নিৰ্ণয় কৰিবলৈ কয়। পৰামৰ্শ আগবঢ়াই তেওঁ কয় যে সু পৰামৰ্শ আগবঢ়াবলৈ যুৱ সমাজ জড়িত হোৱা কাৰ্যত উৎসাহ যোগাব লাগে।

বৈঠক কালত, সকলো ঠিকাদাৰৰ কামৰ তীক্ষ্ণ পৰ্যবেক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যসমূহৰ সৈতে সমন্বয়কে ধৰি সকলো প্ৰসংগ ক্ষীপ্ৰতাৰে সমাপন কৰাৰ সিদ্ধান্ত লোৱা যায়। প্ৰকল্পৰ সাপ্তাহিক অগ্ৰগতি নিয়মিত পৰ্যবেক্ষণৰ অৰ্থে উদ্ভাৱনীমূলক কৌশল প্ৰয়োগ কৰাৰো সিদ্ধান্ত হয় উক্ত সভাখনত।

ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ (ডিএফচি) হৈছে ভাৰত চৰকাৰৰদ্বাৰা গ্ৰহণ কৰা এটা বিস্তৃত (মুঠ দৈৰ্ঘ্য ৩৩৬০ কিমি) সৰ্ববৃহৎ ৰেল আন্তঃগাঁথনিমূলক প্ৰকল্প। ইয়াৰ বাবে  
সৰ্বমুঠ ৮১,৪৫৯ কোটি টকা ব্যয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বিত্তীয় সমলসমূহৰ পৰিকল্পনা, উন্নয়ন, সংহতকৰণৰ বিশেষ লক্ষ্যৰে তথা ডেডিকেটেড ফ্ৰেইট কৰিডৰ নিৰ্মাণ, পৰিচালনা আৰু অভিযানৰ অৰ্থে ডিএফচিচিআইএল
স্থাপন কৰা হৈছে। প্ৰথম পৰ্যায়ত এই সংস্থাটোৱে মুঠ ৩৩৬০ কিমি দৈৰ্ঘ্যৰে বিস্তৃত পশ্চিম ডিএফচি (১৫০৪ কিমি) আৰু পূব ডিএফচি (১৮৫৬ কিমি) নিৰ্মাণ কৰি আছে।

***

DJN/MKV/SB



(Release ID: 1648377) Visitor Counter : 177