প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বান পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

পূৰ্বাভাষ আৰু সতৰ্কীকৰণ ব্যৱস্থাত উদ্ভাৱনী প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীয়ে কয় যে স্থানীয়কৃত প্ৰাক সতৰ্কীকৰণ ব্যৱস্থাত বিনিয়োগ বৃদ্ধি কৰিব লাগে

মুখ্যমন্ত্ৰীসকলে বান পৰিস্থিতি সন্দৰ্ভত শেহতীয়া স্থিতি আৰু উদ্ধাৰ

অভিযান সম্পৰ্কে অৱগত কৰে, সময়মতে সংস্থাপন আৰু উদ্ধাৰ অভিযান চলোৱাৰ ক্ষেত্ৰত এনডিআৰএফৰ লগতে কেন্দ্ৰীয় এজেন্সিৰ তৎপৰতাৰ শলাগ ল’লে মুখ্যমন্ত্ৰীসকলে

Posted On: 10 AUG 2020 3:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে অসম, বিহাৰ, উত্তৰ প্ৰদেশ মহাৰাষ্ট্ৰ, কেৰালা আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত দক্ষিণ পশ্চিম মৌচুমী বায়ু আৰু দেশত বৰ্তমানৰ বান পৰিস্থিতিক লৈ আলোচনা কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, গৃহ মন্ত্ৰালয়ৰ দুই মন্ত্ৰী তথা সংশ্লিষ্ট মন্ত্ৰালয় আৰু প্ৰতিষ্ঠানৰ বিষয়াসকল এই বৈঠকত উপস্থিত আছিল।

বানপানীৰ পূৰ্বাভাষৰ বিষয়ে এক স্থায়ী ব্যৱস্থাপনা গঢ়ি তুলিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰী সংস্থাবোৰৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰিছে। জলবায়ু তথা পৰিৱেশৰ পূৰ্বাভাষ তথা সতৰ্কীকৰণৰ বাবে ন ন প্ৰযুক্তি উদ্ভাৱনৰ উপৰিও তেওঁ গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয়, বিগত কেবাবছৰ ধৰি ভাৰতীয় জলবায়ু দপ্তৰ, কেন্দ্ৰীয় জল আয়োগৰ দৰে যিবোৰ সংস্থাই সতৰ্কবাৰ্তা প্ৰদান কৰে, সেইবোৰৰ সন্মিলিত উদ্যোগত বানপানীৰ পূৰ্বাভাষ আৰু ভালকৈ পোৱা গৈছে। এই সংস্থাবোৰে এতিয়া কেৱল বৃষ্টিপাতৰেই পূৰ্বাভাষ নিদিয়ে বা কেৱল নদীৰ জলস্তৰ বৃদ্ধিৰ তথ্যই নিদিয়ে, এতিয়া এই সংস্থাবোৰে কোন কোন অঞ্চলত বানপানী হোৱাৰ সম্ভাৱনা আছে, সেই তথ্যও প্ৰদান কৰে। বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তা বা প্ৰযুক্তিগত বুদ্ধিমত্তাৰ দৰে উদ্ভাৱনী প্ৰযুক্তিৰ সাহায্যত নিৰ্দিষ্ট অঞ্চলৰ জলবায়ু তথা বতৰৰ আগজাননী  আৰু বিপৰ্যয়ৰ পূৰ্বাভাষ সন্দৰ্ভত কাম কৰি থকা হৈছে। গতিকে এইবোৰ সংস্থাই যাতে এই কামবোৰ আৰু নিখুতভাৱে কৰিব পাৰে, তাৰ বাবে ৰাজ্যবোৰক ইয়াৰ প্ৰয়োজনীয় তথ্য প্ৰদান কৰিব লাগিব - যাৰ ফলত সংশ্লিষ্ট এলেকাৰ জনসাধাৰণে সঠিক সময় সতৰ্কবাণী লাভ কৰিবলৈ সক্ষম হ’ব।

স্থানীয় পৰ্যায়ত সতৰ্কীকৰণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শ্ৰী মোদীয়ে কয় যে নিৰ্দিষ্ট এলেকাৰ লোকসকলে যাতে সঠিক সময়ত নদীৰ পাৰ ভঙা, জলস্তৰ বৃদ্ধি হোৱা, বজ্ৰপাতৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সতৰ্কবাণী লাভ কৰে তাৰ প্ৰতি নজৰ ৰাখিব লাগিব।

ক’ভিড পৰিস্থিতি বিবেচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, উদ্ধাৰ কাৰ্য চলোৱাৰ সময়ত ফে’চমাস্ক পৰিধান কৰা, হাত ধুৱা, শাৰীৰিক দূৰত্ব বজাই ৰখা আদি কাম কৰিব লাগিব। এই ধৰণৰ স্বাস্থ্যবিধি মানি চলাৰ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য সামগ্ৰীবোৰৰ ভিতৰত যাতে ফে’চমাস্ক, হেণ্ড ছেনিটাইজাৰ, চাবোন আদি থাকে সেয়া নিশ্চিত কৰিব লাগিব। বয়োজ্যেষ্ঠ নাগৰিক, গৰ্ভৱতী মহিলাসহ যিসকল লোকে নানা জটিল ৰোগত ভুগি আছে তেওঁলোকৰ প্ৰতি বিশেষ নজৰ ৰাখিব লাগিব।

শ্ৰী মোদীয়ে লগতে কয়, স্থানীয় দুৰ্যোগবোৰৰ কথা বিবেচনা কৰি ৰাজ্যবোৰৰ উচিত উন্নয়নমূলক আৰু পৰিকাঠামোৰ কামৰ পৰিকল্পনা কৰিব লাগিব, যাতে এই ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে ক্ষতিৰ পৰিমাণ হ্ৰাস পায়।

অসম, বিহাৰ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু কেৰালাৰ মুখ্যমন্ত্ৰী আৰু কৰ্ণাটকৰ গৃহমন্ত্ৰীয়ে নিজ নিজ ৰাজ্যৰ বানপানী পৰিস্থিতি আৰু উদ্ধাৰ কাৰ্য সন্দৰ্ভত সৰ্বশেষ তথ্য, এই  বৈঠকত অৱগত কৰে। উদ্ধাৰকাৰ্যত ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য বাহিনীসহ বিভিন্ন কেন্দ্ৰীয় সংস্থাই গ্ৰহণ কৰা উদ্যোগকো শলাগ লয় তেওঁলোকে। বানপানীৰ ফলত সৃষ্টি হোৱা সমস্যা আঁতৰ কৰিবলৈ তেওঁলোকে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী বিভিন্ন পৰামৰ্শ দিয়ে।

ৰাজ্যবোৰে যিবোৰ পৰামৰ্শ দিছে, সেই অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট মন্ত্ৰালয় আৰু সংস্থাবোৰক নিৰ্দেশ প্ৰদান কৰিছে। বিভিন্ন বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক সাম্ভাব্য সকলোধৰণৰ সহযোগিতাৰো আশ্বাস প্ৰদান কৰিছে তেওঁ।

***

VRRK/SH/RD



(Release ID: 1648214) Visitor Counter : 177