ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

চাকৰিৰ বাচনিৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ৰাষ্ট্ৰীয় নিয়োগ এজেন্সিয়ে আয়োজন কৰা উমৈহতীয়া অৰ্হতা পৰীক্ষা ব্যৱহাৰ কৰিব পাৰে। - ড. জীতেন্দ্ৰ সিং

Posted On: 22 AUG 2020 6:22PM by PIB Guwahati

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰে চাকৰিত নিয়োগৰ বাবে ৰাষ্ট্ৰীয় নিয়োগকাৰী সংস্থাৰ মাধ্যমেৰে উমৈহতীয়া যোগ্যতা বাচনি পৰীক্ষা আয়োজন কৰিব পাৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই বিগত বুধবাৰে এই সন্দৰ্ভত যাৱতীয় অনুমোদন প্ৰদান কৰিছে।

উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ স্বতন্ত্ৰ মন্ত্ৰী তথা প্ৰধানমন্ত্ৰীৰ দপ্তৰ, কৰ্মীবৰ্গ, গণ-অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিং-এ জনায় যে, এই নিয়োগকাৰী সংস্থাৰ উমৈহতীয়া যোগ্যতা বাচনি পৰীক্ষাৰ নম্বৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে ৰাষ্ট্ৰীয় সংস্থা আৰু বেচৰকাৰী সংস্থাবোৰৰ সৈতে ভাগ কৰি লোৱা হ’ব। তেওঁ লগতে কয়, ইয়াৰ ফলশ্ৰুতিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ লগতে নিয়োগকাৰী সংস্থাবোৰৰ কৰ্মী নিয়োগৰ ক্ষেত্ৰত ব্যয় হ্ৰাস পাব আৰু সময় ৰাহি হ’ব। তাৰ উপৰিও তৰুণ চাকৰি প্ৰত্যাশীসকলেও যথেষ্ট সুবিধা লাভ কৰিব।

ডঃ জীতেন্দ্ৰ সিং-এ জনায় যে ইয়াৰ বাবে উমৈহতীয়া যোগ্যতা বাচনি পৰীক্ষাৰ নম্বৰ প্ৰদানকাৰী সংস্থাৰ সৈতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ এক বুজাবুজিও কৰিব পৰা যাব পাৰে। ইয়াৰ ফলত নিয়োগকাৰী আৰু কৰ্মচাৰী উভয়েই লাভবান হ’ব।

ডঃ সিং-এ আৰু কয়, কেন্দ্ৰীয় কৰ্মচাৰী প্ৰশিক্ষণ বিভাগ আৰু তেওঁ নিজেও এই বিষয়ে বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে আলোচনা কৰিছে। তেওঁলোক সকলোৱেই এই উমৈহতীয়া যোগ্যতা বাচনি পৰীক্ষাৰ বিষয়ে আগ্ৰহ প্ৰকাশ কৰিছে বুলিও তেওঁ জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, অধিকাংশ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই এই নতুন ব্যৱস্থাপনা সন্দৰ্ভত উৎসাহ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত হস্তক্ষেপ আৰু উদ্যোগৰ কাৰণে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ সম্ভৱপৰ হৈছে বুলিও জনায় ডঃ সিং-এ। ইয়াৰ ফলত চাকৰিৰ বাবে সংগ্ৰামৰত যুৱক-যুৱতী আৰু চাকৰি প্ৰত্যাশীসকলৰ জীৱনযাত্ৰাত এক আমূল পৰিৱৰ্তন আহিব বুলিও মত প্ৰকাশ কৰে তেওঁ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে যি সংবেদনশীলতা আৰু চিন্তাধাৰাৰে কাম কৰি চলিছে তাৰেই প্ৰতিচ্ছবি এয়া।

বিভিন্ন মহলৰ আশংকাক ভিত্তিহীন বুলি উল্লেখ কৰি ডঃ জীতেন্দ্ৰ সিং-এ কয়, অনুসূচীত জাতি জনজাতি, অন্যান্য পিছপৰা জাতি আৰু অন্যান্য শ্ৰেণীৰ প্ৰাৰ্থীসকল, যিয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেওঁলোকৰ বাবে চৰকাৰৰ নিৰ্দিষ্ট নিয়ম মানি তেওঁলোকৰ বয়সৰ উৰ্দ্ধসীমাত ৰেহাই প্ৰদান কৰা হ’ব। তেওঁ লগতে কয়, কেৱল হিন্দী আৰু ইংৰাজী ভাষাতেই এই উমৈহতীয়া যোগ্যতা বাচনি পৰীক্ষা অনুষ্ঠিত নহ’বলাহে লাহে ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত অন্যান্য ১২ টা ভাৰতীয় ভাষাতো এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

<><><><><>

SNC/RD


(Release ID: 1648122) Visitor Counter : 117