স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
ডিজিটেল ইণ্ডিয়াৰ আৰু এক সাফল্য - স্বাস্থ্য মন্ত্ৰালয়ৰ 'ই-সঞ্জীৱনী' টেলি-মেডিচিন সেৱাত অভিলেখ সংখ্যক ২ লাখ টেলি পৰামৰ্শ সম্পন্ন
পোষ্ট কৰা হৈছে:
19 AUG 2020 1:54PM by PIB Guwahati
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ 'ই-সঞ্জীৱনী' ডিজিটেল প্লেটফৰ্মৰ মাধ্যমেৰে ২ লাখ টেলি-সেৱা প্ৰদান কৰা হৈছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে বিগত ৯ আগষ্টত এই টেলি-সেৱাত ১ লাখ ৫০ হাজাৰ পৰামৰ্শ প্ৰদানৰ সাফল্য অৰ্জন উপলক্ষে আয়োজিত এক অনুষ্ঠানত অধ্যক্ষতা কৰি কয় যে কেৱল ১০ দিনৰ ভিতৰতে ২ লাখ টেলি-সেৱা প্ৰদানৰ এক বিশেষ মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ সক্ষম হৈছো। প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়া উদ্যোগক আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত 'ই-সঞ্জীৱনী' প্লেটফৰ্ম অত্যন্ত কাৰ্যকৰী প্ৰমাণিত হৈছে। আনকি, চিকিৎসা সেৱাৰ ক্ষেত্ৰত হিতাধিকাৰীসকলে অতি সহজে বিভিন্ন পৰামৰ্শ লাভ কৰিবলৈও সক্ষম হৈছে। ক’ভিড-১৯ ৰ সময়ত জটিল পৰিস্থিতিত এই প্লেটফৰ্মে স্বাস্থ্য সেৱা প্ৰদানৰ দিশত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
‘ই-সঞ্জীৱনী' প্লেটফৰ্মৰ মাধ্যমেৰে দুই ধৰণৰ টেলি-মেডিচিন সেৱা প্ৰদান কৰা হয়। চিকিৎসকসকলৰ সৈতে চিকিৎসকৰ চিকিৎসা সম্পৰ্কীয় তথ্য আৰু অভিজ্ঞতা আদান-প্ৰদানৰ বিষয়টো 'ই-সঞ্জীৱনী' ব্যৱস্থা হিচাপে গণ্য কৰা হয় আৰু ৰোগীসকলৰ সৈতে চিকিৎসকসকলৰ পৰামৰ্শক ই-সঞ্জীৱনী অ’পিডি সেৱা বুলি কোৱা হয়। চিকিৎসকসকলৰ সৈতে চিকিৎসকসকলৰ টেলি-কনছাল্টেশ্যনৰ বিষয়টো আয়ুষ্মান ভাৰত স্বাস্থ্য আৰু ৰোগীকল্যাণ কাৰ্যসূচীৰ আওতাত ৰূপায়িত হৈছে। ফোনৰ মাধ্যমেৰে চিকিৎসকসকলৰ সৈতে চিকিৎসকসকলৰ এনেধৰণৰ পৰামৰ্শ আৰু অভিজ্ঞতা বিনিময়ৰ উদ্দেশ্য হ’ল ১ লাখ ৫০ হাজাৰ স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্ৰৰ সৈতে সুনিৰ্দিষ্ট মেডিকেল কলেজ আৰু হাস্পতালবোৰৰ মাজত 'হাব এণ্ড স্প’ক’ মডেল গড়ি তোলা। ৰাজ্যসমূহে ইতিমাজতই যিবোৰ মেডিকেল কলেজত এইধৰণৰ 'হাব' গঢ়ি তুলিছে সেইবোৰত চিকিৎসকসকলৰ সৈতে উপ-স্বাস্থ্যকেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু স্বাস্থ্য আৰু ৰোগীকল্যাণ কেন্দ্ৰৰ চিকিৎসকসকলৰ সৈতে টেলি-সেৱাৰ মাধ্যমেৰে সংযোগ স্থাপন কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিগত এপ্ৰিল মাহত ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰোগীসকলৰ সৈতে চিকিৎসকসকলৰ টেলি-সেৱা প্ৰদানৰ সুবিধা দিবলৈ ই-সঞ্জীৱনী অ’পিডি ব্যৱস্থা আৰম্ভ কৰিছে। এই ব্যৱস্থাই ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত অত্যন্ত কাৰ্যকৰী প্ৰমাণিত হৈছে। একেদৰে, ক’ভিড বহিৰ্ভূত অত্যৱশ্যকীয় স্বাস্থ্য সেৱাও প্ৰেৰণ কৰাৰ ক্ষেত্ৰত সুবিধা হৈছে।
এইপৰ্যন্ত ২৩ খন ৰাজ্যত 'ই-সঞ্জীৱনী' টেলি-কনছাল্টেশ্যন কাৰ্য ৰূপায়িত হৈছে। বাকী ৰাজ্যবোৰত এয়া ৰূপায়ণৰ প্ৰক্ৰিয়া চলি আছে।
‘ই-সঞ্জীৱনী'ৰ কনছাল্টেশ্যন প্লেটফৰ্মৰ মাধ্যমেৰে অগ্ৰণী যি পাঁচখন ৰাজ্যই স্বাস্থ্য সেৱা প্ৰদান কৰিছে তাৰ ভিতৰত প্ৰথমস্থানত আছে তামিলনাড়ু, উত্তৰ প্ৰদেশ আছে দ্বিতীয় স্থানত, অন্ধ্ৰপ্ৰদেশ তৃতীয় স্থানত, হিমাচল প্ৰদেশ চতুৰ্থ স্থানত আৰু কেৰেলা আছে পঞ্চম স্থানত। স্বাস্থ্য আৰু ৰোগী কল্যাণ কেন্দ্ৰই মেডিকেল কলেজবোৰৰ মাজত চিকিৎসকসকলৰ সৈতে চিকিৎসকসকলৰ টেলি-কনছাল্টেশ্যন আয়োজন কৰাৰ দিশৰ পৰা অন্ধ্ৰপ্ৰদেশ প্ৰথম স্থানত আৰু অ’পিডি সেৱা প্ৰদানৰ দিশৰ পৰা তামিলনাড়ু শীৰ্ষ স্থানত আছে।
****
MV/RD
HFW/e-Sanjeevani/19thAugust2020/2
(ৰিলিজ আই ডি : 1647425)
অতিথি কক্ষ : 273
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu