ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

তেলেংগানাক পৰ্যাপ্ত পৰিমাণৰ ইউৰিয়া যোগানৰ আশ্বাস শ্ৰী গৌড়াৰ

শ্ৰী গৌড়াক সাক্ষাত্ তেলেংগানাৰ কৃষি মন্ত্ৰীৰ

তেলেংগানাক আগষ্ট মাহত সম্ভাব্য প্ৰয়োজনীয় ২.৫০লাখ মেট্ৰিক টনৰ বিপৰীতে ৩.৩৮লাখ মেট্ৰিক টন মজুত থকাৰ আশ্বাস সাৰ বিভাগৰ

Posted On: 18 AUG 2020 5:52PM by PIB Guwahati

কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই কয় যে চলিত খাৰিফ ঋতুৰ সময়ত কৃষকসকলৰ বাবে যাতে পৰ্যাপ্ত পৰিমাণে সাৰ উপলব্ধ হয় সেয়া নিশ্চিত কৰা হৈছে আৰু সাৰ যোগানৰ বিষয়টো তেওঁৰ মন্ত্ৰালয়ে ভালদৰে নিৰীক্ষণ কৰি আছে।

তেলেংগানাত সাৰৰ পৰ্যাপ্ততা সন্দৰ্ভত আলোচনাৰ অৰ্থে আজি নতুন দিল্লীত শ্ৰী গৌড়াক সাক্ষাত্ কৰে তেলেংগানাৰ কৃষি মন্ত্ৰী শ্ৰী শিঙিৰেড্ডি নিৰঞ্জন ৰেড্ডীয়ে। শ্ৰী ৰেড্ডিয়ে কয় যে চলিত খাৰিফ ঋতুত ইউৰিয়াৰ বিক্ৰী যোৱা বছৰৰ তুলনাত অধিক বৃদ্ধি পাইছে। তেওঁ চলিত মাহত তেলেংগানালৈ ইউৰিয়াৰ যোগান বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনায়।

শ্ৰী গৌড়াই কয় যে ৰাজ্যসমূহলৈ ইউৰিয়া যোগানৰ বিষয়টো সাৰ বিভাগে নিৰীক্ষণ কৰি আছে আৰু সাপ্তাহিক ভিডিঅ কনফাৰেন্সৰ জৰিয়তে খবৰ লৈ থকা হৈছে। বিষয়াসকলৰ সৈতে নিতৌ আলোচনা কৰি থকা হৈছে আৰু দৃষ্টিগোচৰ হোৱা প্ৰতিটো বিষয়কেই গুৰুত্বসহকাৰে লোৱা হৈছে। 

তেওঁ কয় যে সাৰৰ প্ৰয়োজনীয় যোগান নিশ্চিত কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। শ্ৰী গৌড়াই তেলেংগানা চৰকাৰক বিক্ৰী,উপলব্ধতা আৰু ষ্টকৰ তথ্য আইএফএমএছৰ ডেচ বৰ্ডত সময়মতে আপডেট কৰি থাকিবলৈ অনুৰোধ জনায় যাতে বাস্তৱিক সময়ত সাৰৰ উপলব্ধতা সন্দৰ্ভত সঠিক তথ্য লাভ কৰিব পাৰি। তেওঁ যোগান শক্তিশালী কৰাৰ আশ্বাস দিয়াৰ লগতে তেলেংগানাৰ কৃষকসকলৰ চাহিদা অনুসৰি পৰ্যাপ্ত পৰিমাণে ইউৰিয়া যোগান ধৰাৰ নিশ্চিতিৰ বাবে বিভাগে প্ৰচেষ্টা অব্যাহত ৰখাৰ আশ্বাস দিয়ে।

তেলেংগানাৰ বাবে ২০২০ৰ সম্পূৰ্ণ খাৰিফ ঋতুত আনুমানিক প্ৰয়োজন হব ১০.০০ লাখ মেট্ৰিক টনৰ। ১ এপ্ৰিলৰ পৰা ১৬ আগষ্টলৈকে ৬.৭৯লাখ মেট্ৰিক টন প্ৰয়োজন হৈছিল আৰু সাৰ বিভাগে ৪.০১ লাখ মেট্ৰিক টন প্ৰাৰম্ভিক ষ্টকসহ ৯.০৪ লাখ মেট্ৰিক টনৰ উপলব্ধতা সুনিশ্চিত কৰিছে।

চলিত আগষ্ট মাহত আনুমানিক প্ৰয়োজনীয় ২.৫০ লাখ লাখ মেট্ৰিক টনৰ বিপৰীতে সাৰ বিভাগে ৩.৩৮ লাখ মেট্ৰিক টন(প্ৰাৰম্ভিক ষ্টকসহ ২.৬৭ লাখ মেট্ৰিক টনৰ সৈতে)ৰ উপলব্ধতা সুনিশ্চিত কৰিছে। তেলেংগানাত ১৬.০৮.২০২০ তাৰিখত ইউৰিয়া মজুত আছে ১.৭৬ লাখ মেট্ৰিক টন, যি চলিত মাহৰ বাকী দিনকেইটাত প্ৰয়োজন হবলগীয়া আনুমানিক ১.২০ লাখ মেট্ৰিক টনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে পৰ্যাপ্ত হব।

******************************************************************

RCJ/RKM/KG



(Release ID: 1647190) Visitor Counter : 145