প্ৰতিৰক্ষা মন্ত্ৰালয়
নেভেল ৱাৰ কলেজ,গোৱাত আৰম্ভ হল ৩৩সংখ্যক নেভেল হায়াৰ কামাণ্ড ক’ৰ্ছ
प्रविष्टि तिथि:
18 AUG 2020 6:24PM by PIB Guwahati
মুম্বাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শ্ৰী সুহাস পেডনেকাৰে ১৭ আগষ্ট,২০২০ তাৰিখে অনলাইনযোগে নেভেল হায়াৰ কামাণ্ড ক’ৰ্ছ-৩৩ৰ শুভাৰম্ভ কৰে। অনলাইন পদ্ধতি আৰম্ভ কৰাৰ লগতে একাডেমিক আৰু সৈনিক শিক্ষাৰ মান উন্নত কৰাৰ বাবে তেওঁ গোৱাৰ নেভেল ৱাৰ কলেজৰ শলাগ লয়। গোৱাৰ নেভেল ৱাৰ কলেজত বাৰ্ষিকভাৱে ভাৰতীয় নৌ-সেনাৰ ৩৭ সপ্তাহযোৰা ফ্লেগশ্বিপ পেছাদাৰী সৈনিক শিক্ষা কাৰ্যসূচীৰ আয়োজন কৰা হয়, যিয়ে সামুদ্ৰিক ৰণনীতি, নৌ-সেনা আৰু যুটীয়া অভিযান আৰু ৰূপান্তৰকাৰী বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পিভিএছএম,এভিএছএম,এনএম,ভিএছএম,এডিচি,ফ্লেগ অফিচাৰ কামাণ্ডিং-ইন-চীফ, দক্ষিণ নৌ-সেনা কামাণ্ড ভাইচ এডমিৰেল এ কে চাওলাই পাঠ্যক্ৰমত অংশ লোৱাসকলক উদ্দেশ্যি এক ভিডিঅ’ লিংকযোগে দিয়া তেওঁৰ ভাষণত সৃজনীশীল শিক্ষাৰে পেছাদাৰী উত্কৃষ্টতা লাভৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এভিএছএম,ভিএছএম, নেভেল ৱাৰ কলেজৰ কমাণ্ডেণ্ট ৰিয়েৰ এডমিৰেল সঞ্জয় জে সিঙে অংশগ্ৰহণকাৰীসকলক স্বাগতম জনায়।
পাঠ্যক্ৰমত ভাৰতীয় নৌ-সেনাৰ ২১গৰাকী কেপ্টেইন,ভাৰতীয় সেনাৰ সাতগৰাকী কৰ্ণেল, ভাৰতীয় বায়ু সেনাৰ ৫গৰাকী গ্ৰুপ কেপ্টেইন আৰু উপকূলীয় বাহিনীৰ দুগৰাকী কামাণ্ডেণ্টকে ধৰি ৩৫ গৰাকীয়ে অংশ লয়। এই পাঠ্যক্ৰমৰ উদ্দেশ্য হৈছে সামুদ্ৰিক আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰাৰ দক্ষতা অৰ্জনৰ বাবে গৱেষণা কাৰ্য আৰু সমালোচনামূলক চিন্তাভাৱনাৰ কঠোৰ শাসনৰ মাধ্যমেৰে বৌদ্ধিক অনুসন্ধানক উত্সাহিত কৰা। যৌথ ব্যৱস্থা গঢ়ি তোলাৰ বাবে বিষয়াসকলে আৰ্মি ৱাৰ কলেজত ৫ সপ্তাহৰ যৌথ অভিযান কেপচুলো কৰিব লাগে। যোগ্য অংশগ্ৰণকাৰীসকলক পাঠ্যক্ৰম শেষ হোৱাৰ পাছত মুম্বাই বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ডিফেন্স এণ্ড ষ্ট্ৰেটেজিক ষ্টাডিজত এম ফিল ডিগ্ৰী প্ৰদান কৰা হয়।
********************************************************
SW/MK/VM/MS/K
(रिलीज़ आईडी: 1647187)
आगंतुक पटल : 193