ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
ফাৰ্টিলাইজাৰ্চ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া, দক্ষিণ ক্ষেত্ৰৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ দ্য ফাৰ্টিলাইজাৰ্চ এণ্ড কেমিকেলছ ট্ৰেভেনক’ৰ লিমিটেড(এফএচিটি)ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক শ্ৰী কিশোৰ ৰাংটাৰ
Posted On:
19 AUG 2020 4:39PM by PIB Guwahati
ফাৰ্টিলাইজাৰ্চ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া, দক্ষিণ ক্ষেত্ৰ(এফএআই এছআৰ)ৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰে দ্য ফাৰ্টিলাইজাৰ্চ এণ্ড কেমিকেলছ ট্ৰেভেনক’ৰ লিমিটেড(এফএচিটি)ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক শ্ৰী কিশোৰ ৰাংটাই।
দ্য ফাৰ্টিলাইজাৰ্চ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া(এফএআই)হৈছে এনে এক অভিজাত সংস্থা যিয়ে সাৰ উত্পাদনকাৰী, বিতৰক, আমদানিকাৰক, সা-সৰঞ্জাম নিৰ্মাতা, গৱেষণা প্ৰতিষ্ঠান আৰু ইনপুট সৰবৰাহকাৰীক প্ৰতিনিধিত্ব কৰে।
এফএআই এছআৰ-এ কেৰালা, তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা ৰাজ্যৰ অংশীদাৰসকলক সামৰি লৈছে।
দ্য ফাৰ্টিলাইজাৰ্চ এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ উদ্দেশ্য হৈছে সাৰ উত্পাদন, বিপণন আৰু ব্যৱহাৰৰ সৈতে জড়িত সকলোকে একেলগ কৰা।
ইয়াৰ আঞ্চলিক কাৰ্যালয়ে প্ৰধানতঃ এই অঞ্চলত কাম কৰি থকা সাৰ উত্পাদনকাৰী, ৰাজ্য চৰকাৰ আৰু অন্যান্য স্থানীয় কৰ্তৃপক্ষৰ সমস্যাৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে তেওঁলোকৰ সৈতে ধাৰাবাহিকভাৱে সম্পৰ্ক বজাই ৰাখে।
******
RCJ/RKM/KG
(Release ID: 1647143)
Visitor Counter : 115