কেবিনেট

ভাৰতীয় বিমান প্ৰাধিকৰণৰ তিনিটা বিমান বন্দৰ ক্ৰমে-জয়পুৰ, গুৱাহাটী আৰু থিৰুৱন্তপুৰমক চৰকাৰী বেচৰকাৰী অংশীদাৰিত্বৰ জৰিয়তে লিজত দিয়াৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Posted On: 19 AUG 2020 4:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতীয় বিমান প্ৰাধিকৰণ(এএআই)ৰ তিনিটা বিমান বন্দৰ ক্ৰমে-জয়পুৰ, গুৱাহাটী আৰু থিৰুৱন্তপুৰমক চৰকাৰী বেচৰকাৰী অংশীদাৰিত্ব(পিপিপি)ৰ জৰিয়তে লিজত দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷

কেন্দ্ৰীয় কেবিনেটে ভাৰতীয় বিমান প্ৰাধিকৰণৰ জৰিয়তে বিশ্বজুৰি আয়োজন কৰা প্ৰতিযোগিতামূলক নিবিদাত সফল হোৱা মেচাৰ্চ আদানী এণ্টাৰপ্ৰাইজেছ লিমিটেডক ৫০ বছৰৰ বাবে তিনিটা বিমান বন্দৰ ক্ৰমে-জয়পুৰ, গুৱাহাটী আৰু থিৰুৱন্তপুৰম বন্দৰৰ পৰিচালনা, ব্যৱস্থাপনা আৰু উন্নয়নৰ বাবে লিজত দিয়াৰ প্ৰস্তাৱত স্বীকৃতি প্ৰদান কৰে৷

এই প্ৰকল্পসমূহৰ জৰিয়তে ৰাজহুৱা খণ্ডত প্ৰয়োজনীয় বিনিয়োগ পুৰণৰ উপৰি সেৱা, বিশেষজ্ঞতা, উদ্যমিতা আৰু ব্যৱসায়িক দক্ষতা আহিব৷

 

পটভূমিঃ

চৰকাৰে ভাৰতীয় বিমান প্ৰাধিকৰণৰ দিল্লী আৰু মুম্বাই বিমান বন্দৰ চৰকাৰী বেচৰকাৰী অংশীদাৰিত্বৰ অধীনত পৰিচালনা, ব্যৱস্থাপনা আৰু উন্নয়নৰ বাবে প্ৰায় এক দশকৰ পূৰ্বে লিজত দিছিল৷

এই পিপিপি অভিজ্ঞতাই বিশ্বমানৰ বিমান বন্দৰ গঢ় দিয়া আৰু বিমান যাত্ৰীসকলক দক্ষতাৰে তথা মানসম্পন্ন সেৱা আগবঢ়োৱাৰ লগতে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ আয় বৃদ্ধিতো সহায় কৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত দেশৰ বাকী বিমানবন্দৰসমূহো এই প্ৰক্ৰিয়াৰ মাজেৰে লিজত দিয়াৰ প্ৰস্তাৱ উত্থাপন হৈছে৷ পিপিপিৰ জৰিয়তে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে আয় বৃদ্ধিৰ ফলত দেশৰ টিয়াৰ-২ আৰু টিয়াৰ-৩ চহৰসমূহতো ইয়াৰ বিমান বন্দৰসমূহ আন্তঃৰাষ্ট্ৰীয় মানৰ ৰূপত গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ পিপিপি আৰ্হিৰে পৰিচালিত বিমান বন্দৰসমূহে এয়াৰপৰ্ট ছাৰ্ভিচ কোৱালিটী(এএছকিউ)ৰ ক্ষেত্ৰত এয়াৰপৰ্ট কাউন্সিল ইণ্টাৰনেচনেল(এচিআই) দ্বাৰা সংশ্লিষ্ট শাখাত একেৰাহে পঞ্চম স্থান অধিকাৰ কৰি আহিবলৈ সক্ষম হৈছে৷

সেইবাৰে চৰকাৰে চৰকাৰী বেচৰকাৰী অংশীদাৰিত্ব পৰ্যালোচনা কমিটী(পিপিপিএচি)ৰ অধীনত ভাৰতীয় বিমান প্ৰাধিকৰণৰ অধিক বিমান বন্দৰ লিজত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ চৰকাৰে যিকোনো বিষয় মীমাংসাৰ বাবে সচিবসকলৰ কৰ্তৃত্বপ্ৰাপ্ত গোটো গঠন কৰিছে৷ নিটী আয়োগ, বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগ আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰে গঠিত সচিবসকলৰ কৰ্তৃত্বপ্ৰাপ্ত গোটৰ নিৰীক্ষণ আৰু পৰামৰ্শক্ৰমে সমগ্ৰ নিবিদা প্ৰক্ৰিয়া অনুষ্ঠিত হয়৷

ভাৰতীয় বিমান প্ৰাধিকৰণে ১৪.১২.২০১৮ত যাত্ৰী ভাড়া, ১৬.০২.২০১৯ত কাৰিকৰী আৰু ২৫.০২.২০১৯ত বিত্তীয় নিবিদা জাৰি কৰিছিল৷ মেচাৰ্চ আদানী এণ্টাৰপ্ৰাইজেছ লিমিটেডে সৰ্বাধিক নিবিদাকাৰী হিচাপে ক্ৰমে-জয়পুৰ, গুৱাহাটী আৰু থিৰুৱন্তপুৰম বিমানবন্দৰ লিজত পাবলৈ সক্ষম হয়৷

***

VRRK/AKP/DB



(Release ID: 1647128) Visitor Counter : 199