কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা

২০২০-২০২১ বৰ্ষৰ খেতিৰ সময়চোৱাত চেনী কলসমূহে কুঁহিয়াৰৰ বাবদ কৃষকক আদায় দিবলগীয়া ‘উচিত আৰু লাভকাৰী মূল্য’ৰ প্ৰস্তাৱলৈ অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

Posted On: 19 AUG 2020 4:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২০-২০২১ বৰ্ষৰ খেতিৰ সময়চোৱা(অক্টোবৰ-নৱেম্বৰ)ত চেনী কলসমূহে কুঁহিয়াৰৰ বাবদ কৃষকসকলক আদায় দিবলগীয়া ‘উচিত আৰু লাভকাৰী মূল্য’(এফআৰপি) সন্দৰ্ভত ‘কৃষি ব্যয় আৰু মূল্য আয়োগ’(চিএচিপি)য়ে আগবঢ়োৱা পৰামৰ্শলৈ অনুমোদন জনাইছে। সেই অনুসৰি- 

  1. ২০২০-২০২১ বৰ্ষৰ  খেতিৰ সময়চোৱাত ১০শতাংশ মূল উদ্ধাৰ দৰৰ বাবে প্ৰতি কুইণ্টলত ২৮৫ টকাকৈ ধাৰ্য্য কৰা হৈছে;
  2. ১০শতাংশ মূল উদ্ধাৰৰ ওপৰত বৃদ্ধি হোৱা প্ৰতি ০.১শতাংশৰ বাবদ প্ৰতি কুইণ্টলত ২.৮৫ টকীয়া এটি কিস্তি আদায় দিয়াৰ বিপৰীতে
  3. যিবোৰ কলৰ মূল উদ্ধাৰৰ হাৰ ১০শতাংশতকৈ কম কিন্তু ৯.৫শতাংশতকৈ বেছি সেইবোৰ কলৰ ক্ষেত্ৰত মূল উদ্ধাৰ দৰতকৈ হ্ৰাস হোৱা প্ৰতি ০.১শতাংশৰ বাবদ প্ৰতি কুইণ্টলত ধাৰ্য এফআৰপি-তকৈ ২.৮৫ টকা কমাই দিয়াৰ প্ৰস্তাৱ গৃহীত হৈছে। আনহাতে ৯.৫শতাংশতকৈ কম মূল উদ্ধাৰ হোৱা কলসমূহৰ ক্ষেত্ৰত এফআৰপি প্ৰতি কুইণ্টলত ২৭০.৭৫টকা নিৰ্দ্ধাৰণ কৰা হৈছে।

কুঁহিয়াৰ খেতিয়কসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়েই তেওঁলোকৰ ত্পাদিত ফচলৰ বাবদ উচিত আৰু লাভকাৰী মূল্য নিৰ্দ্ধাৰণৰ ব্যৱস্থা কৰি অহা হৈছে। এই মূল্য ১৯৬৬ চনৰ কুঁহিয়াৰ (নিয়ন্ত্ৰণ) নিৰ্দেশনা-ৰ আধাৰত নিৰ্দ্ধাৰণ কৰা হয়। এই দৰে নিৰ্দ্ধাৰিত মূল্য সমগ্ৰ দেশ জুৰি বলবত্ হয়।

***

VRRK/AKP/KB



(Release ID: 1647117) Visitor Counter : 155