জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

সমগ্ৰ দেশৰ ৩১খন চহৰত ভিডিঅ’ কনফাৰেন্সযোগে ‘ট্ৰাইবছ ইণ্ডিয়া অন হুইলছ’ শীৰ্ষক ম’বাইল ভানৰ ফ্লেগ অফ কৰিলে শ্ৰী অৰ্জুন মুণ্ডাই

Posted On: 19 AUG 2020 2:21PM by PIB Guwahati

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাই আজি ভিডিঅ’ কনফাৰেন্সযোগে সমগ্ৰ দেশৰ ৩১খন চহৰত ‘ট্ৰাইবছ ইণ্ডিয়া অন হুইলছ’ শীৰ্ষক ম’বাইল ভানৰ ফ্লেগ অফ কৰে৷ মুকলি অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে ৰাজ্যিক  জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী ৰেণুকা সিং সৰুতা, ট্ৰাইফেডৰ অধ্যক্ষ শ্ৰী ৰমেশ চান্দ মীনা, জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দীপক খাণ্ডেকাৰ আৰু ট্ৰাইফেডৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰবীৰ কৃষ্ণাও উপস্থিত আছিল৷ আহমেদাবাদ, এলাহবাদ, বেংগালোৰ,ভূপাল, চেন্নাই, কইম্বাটুৰ, দিল্লী, গুৱাহাটী, হায়দৰাবাদ, জগদলপুৰ, খুণ্টি, মুম্বাই আৰু ৰাঁচীত ৫৭খন মবাইল ভানৰ ফ্লেগ অফ কৰা হয়৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি শ্ৰী অৰ্জুন মুণ্ডাই কয় যে এই প্ৰতিকূল সময়ছোৱাত জনসাধাৰণে যিমান দূৰ সম্ভৱ স্বাস্থ্যসন্মতভাৱে তথা সুৰক্ষিতভাৱে জীৱন-যাপন কৰাত গুৰুত্ব প্ৰদান কৰিছে৷ ট্ৰাইফেডৰ এই মহৎ পদক্ষেপৰ দ্বাৰা জনসাধাৰণে জৈৱিক তথা অত্যাৱশ্যকীয় প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী সামগ্ৰীৰ বাবে ঘৰৰ বাহিৰলৈ ওলোৱাৰ প্ৰয়োজনীয়তা হ্ৰাসৰ নিশ্চিতি প্ৰদান কৰিব৷  ‘গ’ ভোকেল ফ’ৰ লোকেল’ৰ পথ অনুসৰণ কৰি ট্ৰাইফেডে বিভিন্ন ধ্বজ্বাবহনকাৰী পদক্ষেপ গ্ৰহণ কৰিছে যাৰ দ্বাৰা মহামাৰীৰ সময়ছোৱাত এক সকাহৰ অনুভূতি হৈছে৷ ম’বাইল ভানৰ এই মহৎ পদক্ষেপৰ দ্বাৰা ট্ৰাইফেডে তেওঁলোকৰ সামগ্ৰীসমূহ ৰেহাই মূল্যত বিভিন্ন স্থানত যোগান ধৰিবলৈ সক্ষম হ’ব আৰু ইয়াৰ দ্বাৰা জনজাতি লোকসকলৰ উপাৰ্জন বৃদ্ধি হোৱাৰ লগতে জীৱিকাৰ পথো মুকলি হ’ব৷

শ্ৰী আৰ চি মীমাই তেওঁৰ ভাষণ প্ৰসংগত কয় যে ট্ৰাইফেডৰ এই প্ৰচেষ্টাৰ দ্বাৰা জনজাতিসকলৰ উত্থান সম্ভৱ হৈ পৰিব৷

আনহাতে শ্ৰী প্ৰবীৰ কৃষ্ণই কয় যে ট্ৰাইবছ ইণ্ডিয়া অন হুইলছৰ দ্বাৰা প্ৰকৃতিৰ উপহাৰসমূহৰ ঘৰৰ পদুলিতে পোৱাৰ সুবিধা সুচল কৰি তোলা হৈছে৷ এই ম’বাইল ভানসমূহে জৈৱিক ৰোগ প্ৰতিৰোধক সামগ্ৰীসমূহ যেনে হালধি, শুকান আমলখি, বন মৌ, জালুক, ৰাগি, ত্ৰিফলা, মুগ দাইল, উৰদ দাইল আৰু বগা বীন আদি মানুহৰ ঘৰৰ মুখতে লাভ কৰাৰ সুবিধা প্ৰদান কৰিছে৷ ট্ৰাইফেডে এই সামগ্ৰীবিধৰ বিক্ৰী বৃদ্ধিৰ বাবে ব্যৱসায়িক অংশীদাৰসকলৰ সৈতেও যুঁটি বান্ধিছে৷

A group of people standing around a tableDescription automatically generated A group of people standing in front of a truckDescription automatically generated

মহামাৰীবিধে আমাৰ জীৱন হঠাতে স্তব্ধ কৰি পেলোৱাৰ লগতে তৎকালীনভাৱে বলৱৎ কৰা লকডাউনৰ ফলত বহু জনজাতি লোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী নোহোৱাকৈ থাকি গৈছিল৷ সেই সামগ্ৰীসমূহৰ বিক্ৰীৰ নিশ্চিতৰ বাবে ট্ৰাইফেডে অনলাইনৰ জৰিয়তে ট্ৰাইবছ ইণ্ডিয়া ৱেবছাইট, এমাজন, ফ্লিপকাৰ্ট আৰু জিইএমৰ সৈতে সহযোগিতা স্থাপন কৰিছে৷

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰাইফেডে এক বিশেষ ই-মাৰ্টো মুকলি কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ এই সন্দৰ্ভত ট্ৰাইফেডে দেশৰ প্ৰায় পাঁচ লাখ জনজাতি পৰিয়ালক এই ই-মাৰ্টৰ সৈতে জড়িত কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷

*****

NB/SK/MoTA/19.08.2020/MANN

 



(Release ID: 1647114) Visitor Counter : 149